ৰাম মন্দিৰৰ দান কেলেংকাৰীৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী আৰএছএছৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
আৰএছএছৰ চৰকাৰ্যবাহ (সাধাৰণ সম্পাদক) দত্তত্ৰেয় হোছাবাল
আৰএছএছৰ চৰকাৰ্যবাহ (সাধাৰণ সম্পাদক) দত্তত্ৰেয় হোছাবাল
 
নতুন দিল্লী  
 
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)এ শুকুৰবাৰে অযোধ্যাৰ ৰাম মন্দিৰত সংগ্ৰহ কৰা দানৰ ধন আত্মসাতৰ অভিযোগৰ ঘটনাত সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাই দোষীসকলক কঠোৰ শাস্তি দিয়াৰ আহ্বান জনাইছে। একে সময়তে, এই ঘটনাক অজুহাত হিচাপে ব্যৱহাৰ কৰি হিন্দু ধৰ্ম আৰু সমাজক বদনাম কৰাৰ যিকোনো ষড়যন্ত্ৰ বিফল কৰিবলৈ সমগ্ৰ হিন্দু সমাজক ধৈৰ্য্য আৰু সংযম বজাই ৰাখিবলৈও আহ্বান জনোৱা হৈছে। 
 
আৰএছএছৰ চৰকাৰ্যবাহ (সাধাৰণ সম্পাদক) দত্তত্ৰেয় হোছাবালে কয়, "তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত যিসকল দোষী সাব্যস্ত হ'ব, তেওঁলোকক কঠোৰ শাস্তি দিয়া অতি প্ৰয়োজন।" দান কেলেংকাৰীক লৈ চলি থকা বিতৰ্কৰ মাজত আৰএছএছৰ কোনো জ্যেষ্ঠ নেতাই প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বিষয়ত মন্তব্য আগবঢ়াইছে।
 
একেদিনাই প্ৰাক্তন বিনয় কাটিয়াৰে কয় যে, আগন্তুক দিনত চম্পত ৰায়, গোপাল ৰাও আৰু অনিল মিশ্ৰক জেললৈ যাবলগীয়া হ'ব পাৰে। তেওঁ লগতে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট পুনৰ গঠন কৰাৰ দাবী জনায় আৰু এই বিষয়ত তেওঁ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথাও পাতিছিল বুলি উল্লেখ কৰিছে। 
 
এই ঘটনাৰ সৈতে জড়িত অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, চম্পত ৰায় আৰু অনিল মিশ্ৰই ট্ৰাষ্টৰ পদৰ পৰা পদত্যাগ কৰিছে।
 
হোসাবালে কয়, এই "অত্যন্ত নিন্দনীয়" ঘটনাটোক অসাধাৰণ গুৰুত্বেৰে লৈ ট্ৰাষ্টে মন্দিৰ পৰিচালনাৰ সকলো ত্ৰুটি দূৰ কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰএছএছসহ সমগ্ৰ হিন্দু সমাজে আশা কৰে।
 
তেওঁ কয়, "অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতি কোটি কোটি ৰামভক্তৰ আস্থা আৰু বিশ্বাস যাতে কোনোপধ্যে ক্ষুণ্ণ নহয়, সেয়া নিশ্চিত কৰাটো অতি প্ৰয়োজন। বৰ্তমানৰ বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ অৱসান ঘটিব লাগে। এই ক্ষেত্ৰত মন্দিৰ কৰ্তৃপক্ষ আৰু চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)-এ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰোঁ।" 
 
উল্লেখযোগ্য যে, ৰাম জন্মভূমি আন্দোলন, যাৰ ফলস্বৰূপে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হৈছিল, সেই আন্দোলনৰ নেতৃত্ব দিছিল আৰএছএছৰ সহযোগী সংগঠন বিশ্ব হিন্দু পৰিষদে। এই দান কেলেংকাৰীক কেন্দ্ৰ কৰি শাসক ভাৰতীয় জনতা পাৰ্টিৰ ওপৰতো ৰাজনৈতিক চাপ বৃদ্ধি পাইছে।  
 
এই বিষয়টো অহা ১০ জুলাইৰ পৰা কৰ্ণাটকত অনুষ্ঠিত হ'বলগীয়া আৰএছএছৰ 'প্ৰান্ত প্ৰচাৰক বৈঠক'তো আলোচনা কৰা হ'ব। হোসাবালে কয়, "প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলা সংগ্ৰাম, কোটি কোটি ৰামভক্তৰ ত্যাগ, উৎসৰ্গ আৰু বলিদানৰ ফলত গঢ়ি উঠা এই ভৱ্য ৰাম মন্দিৰ আজি সমগ্ৰ হিন্দু সমাজৰ আস্থা আৰু ভক্তিৰ কেন্দ্ৰস্থল হৈ পৰিছে। অযোধ্যাৰ শ্ৰী ৰামলল্লা মন্দিৰৰ দানপাত্ৰত সংঘটিত এই চুৰিৰ ঘটনাই সমগ্ৰ সমাজ আৰু ৰামভক্তসকলৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে। এই ঘটনাত আমি গভীৰভাৱে দুখিত আৰু ক্ষুব্ধ।"  
 
হোসাবালে কয়, "শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ অনুৰোধ মৰ্মে উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰি ইয়াৰ পৰামৰ্শ অনুসৰি আইনী ব্যৱস্থা আৰম্ভ কৰিছে। তদন্তত যিসকল দোষী সাব্যস্ত হ'ব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন।"
 
তেওঁ লগতে সমগ্ৰ হিন্দু সমাজক আহ্বান জনাই কয়, "এই কঠিন সময়ত ধৈৰ্য্য আৰু সংযম বজাই ৰাখক আৰু এই ঘটনাক অজুহাত হিচাপে ব্যৱহাৰ কৰি হিন্দু ধৰ্ম আৰু সমাজক বদনাম কৰাৰ অপচেষ্টা বিফল কৰক।"
 
আনহাতে, বিনয় কাটিয়াৰে এই ঘটনাক দেশৰ ধৰ্মীয় সংস্কৃতি আৰু কোটি কোটি ভক্তৰ বিশ্বাসৰ ওপৰত হোৱা এক ডাঙৰ আঘাত বুলি অভিহিত কৰে।
 
তেওঁ কয়, "এই বিষয়ত মোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা হৈছে। তেওঁ মোক সুধিছিল, এতিয়া কি হ'ব? মই কৈছোঁ, সকলো ঠিকেই হ'ব।"
 
তেওঁৰ মতে, "আগন্তুক দিনত চম্পত ৰায়, গোপাল ৰাও আৰু অনিল মিশ্ৰক জেললৈ যাবলগীয়া হ'ব পাৰে।" তেওঁ লগতে কয়, "ইয়াত ধন আত্মসাত হোৱা স্পষ্ট। ইয়াক ঈশ্বৰৰ ঘৰত সংঘটিত ডাকাতি বুলিয়েই গণ্য কৰিব পাৰি। এই ঘটনাই সমগ্ৰ দেশলৈ এক নেতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।"
 
এছআইটি তদন্তৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি কাটিয়াৰে কয় যে, তদন্ত নিৰপেক্ষভাৱে আগবাঢ়িব লাগে, যদিও তেওঁৰ অভিযোগ কিছুমান লোকক ৰক্ষা কৰাৰ চেষ্টা চলি আছে।