নতুন দিল্লী
চলিত বৰ্ষত ভাৰতত গৰমৰ প্রকোপ অতিকে ভয়ংকৰ হিচাপে বিবেচিত হৈছে। চলিত বৰ্ষৰ মাৰ্চৰ পৰা ২৪ জুনলৈ দেশজুৰি ৭ হেজাৰৰো অধিক হিটষ্ট্ৰ'কৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছিল।
তথ্যৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আবেদনত নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্র'ল বিভাগে এই তথ্য সদৰী কৰিছে।
চলিত বৰ্ষৰ মে'ত সৰ্বাধিক ২,৯৬২টা হিটষ্ট্ৰ'কৰ ঘটনা ঘটিছিল আৰু মৃত্যু হৈছিল ৩ জন লোকৰ। আনহাতে এপ্রিলত ২,১৪০টা হিটষ্ট্ৰ'কৰ ঘটনা ঘটিছিল আৰু মৃত্যু হৈছিল ৬ জনৰ। দেশৰ ভিতৰতে সৰ্বাধিক হিট휼'কৰ ঘটনা সংঘটিত হৈছিল অন্ধ্রপ্রদেশত।
ৰাজ্যখনত হিটষ্ট্ৰ'কৰ ৪,০৫৫টা, ৰাজস্থানত ৩৭৩টা, ওড়িশাত ৩৫০টা, তেলেংগানাত ৩৪৮টা আৰু মধ্যপ্রদেশত ২৯৭টা ঘটনা ঘটিছিল।