গুৱাহাটী
দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ভাৰতৰ লগতে অষ্ট্ৰিয়া, ভূটান, জাপান, বাংলাদেশ, জাৰ্মানী, জৰ্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৪৫খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, প্ৰতিনিধিৰ ৮১ জনীয়া দলটো দেওবাৰৰ নিশা কাজিৰঙাত উপস্থিত হয় ৷ আনহাতে, সোমবাৰে পুৱা দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷
অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ আছাম ২.০৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৬০ খন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰতিনিধিসকলৰ বাবে ইয়াৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷
সেই অনুসৰি, দেওবাৰে সন্ধিয়া যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত প্ৰতিনিধিৰ দলটো অৱতৰণ কৰাৰ পাছত নিশা গাড়ীৰে পোনে পোনে কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙাত পূৰ্বৰে পৰা সাজু কৰি থোৱা ব্যক্তিগত পৰ্যটন নিবাস আয়’ৰা, বৰগছ, ৰয়েল ডিকাছা আদি নিৰ্দিষ্ট পৰ্যটন নিবাসত নৈশ যাপন কৰিব অতিথিৰ দলটোৱে।
কাজিৰঙাত নিশা যাপন কৰি সোমবাৰে প্ৰতিনিধিৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত প্ৰথমতে হাতী ছাফাৰী কৰে৷ হাতীৰ পিঠিত উঠি দলটো আপ্লুত হৈ পৰে৷ দলটোৰ এগৰাকী প্ৰতিনিধিয়ে কয়, "বৈদেশিক পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমাক কাজিৰঙা ভ্ৰমণৰ এক সুযোগ প্ৰদান কৰে, যিটো আমাৰ চিৰজীৱন মনত থাকিব৷"
নতুন দিল্লীত থকা ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে কয়, "গঁড়, হাতী আদিকে ধৰি সকলো বন্যজন্তুৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছে৷"
ইফালে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কাজিৰঙা দৰ্শন কৰি কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আপ্লুত হৈ পৰিলোঁ৷ বাঘৰ বাদে সকলো বন্যপ্ৰাণী নিচেই কাষৰ পৰা দেখা পাই ভাল লাগিল৷ বিশেষকৈ হাতী ছাফাৰীৰ আমেজেই সুকীয়া আছিল৷ জীপ ছাফাৰী আগতে কৰিছো কিন্তু হাতী ছাফাৰী এইবাৰ প্ৰথম৷"
বিদেশী অতিথিৰ দলটোক সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷