জম্মু-কাশ্মীৰত ভয়ংকৰ হিমস্খলন; প্ৰাণ কাঢ়িলে ৭জন লোকৰ, ৫ জন গুৰুতৰভাৱে আহত

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
জম্মু
 
জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ শ্ৰীনগৰ- লেহসংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ জেজিলা পাচত শুকুৰবাৰে হিমস্খলন সংঘটিত হৈ মৃত্যু হয় ৭ জন লোকৰ।
 
এই দুৰ্ঘটনাত ৫জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা হৈছে। আনহাতে নিহত লোকসকলৰ ভিতৰত শিশুসহ মহিলাও আছে।
 
ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে নিৰাপত্তা বাহিনীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অৱ্যাহত ৰাখিছে। ইফালে আহত লোককেইগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে নিৰাপত্তাৰক্ষীয়ে।
 
উল্লেখযোগ্য যে, উক্ত ঘটনাক লৈ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দুখ প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। একেদৰে লাডাখ সমষ্টিৰ সাংসদ মহম্মদ হানিফাই এই ঘটনা অতি বেদনাদায়ক আৰু অনাকাঙ্খিত দুৰ্ঘটনা বুলি শোক প্ৰকাশ কৰে।
 
তাৰোপৰি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু লাডাখৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে।