গুৱাহাটী
কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বনাঞ্চলত বজ্ৰপাত পৰি ৬ টা বনৰীয়া ম’হৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে ৷ এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা বনাঞ্চলৰ ম’না বিলত৷ আজি পুৱাৰ ভাগত উদ্যানখনত কৰ্মৰত পহৰাদাৰী বনকৰ্মীৰ দলে কাজিৰঙা বনাঞ্চলৰ ম’না বিলৰ পানীত একেলগে ৬ টাকৈ ম’হ মৃত অৱস্থাত প্ৰত্যক্ষ কৰে৷
লগে লগে সেই স্থানৰ পৰা ম’হ কেইটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰা হয়। ঘটনাৰ পাছত আজি পুৱাতেই পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ নেতৃত্বত যোৱা চাৰিজনীয়া পশু চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।
তাৰ পাছতে মৃত ম’হকেইটাৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ ঘটনাস্থলীত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী, ডা৹ মোহিত নিউল, বন বিভাগৰ পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই, কঁহৰাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা আৰু বিভাগীয় পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক অভিজিত ছেত্ৰীয়ে বনকৰ্মীৰ সহযোগত মৃত ম’হ কেইটাৰ মৰোনোত্তৰ পৰীক্ষা কৰে৷
ঘটনাস্থলীৰ স্থান, পৰিবেশ অধ্যয়ন আৰু মৰোনোত্তৰ পৰীক্ষাৰ শেষত চিকিৎসকৰ দল আৰু ডি এফ অ’ অৰুণ বিঘ্নেশে বজ্ৰপাতৰ ফলতেই ম’হ কেইটাৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবেই মৃত ম’হ কেইটাৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰিছে পশু চিকিৎসকৰ দলটোয়ে৷
পৰৱৰ্তী সময়ত এই সংগৃহীত নমুনা পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব বুলি ডি এফ অ’ অৰুণ বিঘ্নেশে জনাইছে ৷ গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব যে কেনেকৈ মৃত্যু হ’ল ম’হ কেইটাৰ।