নতুন দিল্লী
কেন্দ্ৰীয় চৰকাৰৰ সৈতে ধাৰাবাহিক আলোচনাৰ পাছত অৱশেষত ২৬ দিনীয়া আমৰণ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে সোণাম ৱাংচুকে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড০ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত বৃহস্পতিবাৰে নিশা তেওঁ এই অনশন ভংগ কৰে।
দেশত প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ জবাবদিহিতা সন্দৰ্ভত সংসদত আলোচনা কৰা হ’ব বুলি চৰকাৰে আশ্বাস দিয়াৰ পাছতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। হাস্পতালত থকা অৱস্থাত দেখা দৃশ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৱাংচুকক বিছনাত বহাত সহায় কৰি দিয়ে আৰু জে পি নাড্ডাই তেওঁক পানী খুৱাই অনশন ভংগ কৰায়। এই আৱেগিক মুহূৰ্তত ৱাংচুকৰ পত্নী গীতানঞ্জলি অংমোও তেওঁৰ কাষতে উপস্থিত আছিল।
অনশন ভংগ কৰি ৱাংচুকে কয়- মই অত্যন্ত কৃতজ্ঞ আৰু অনশন সামৰিবলৈ পাই সুখী। সকলোকে ধন্যবাদ। ইয়াৰ পাছত পত্নীক উদ্দেশ্যি তেওঁ কয়- গীতাঞ্জলি সদায় মোৰ কাষত থিয় দি আহিছে। মই তেওঁক কেৱল ধন্যবাদ দিয়াই নহয়, মোৰ মনৰ অনুভূতি প্ৰকাশ কৰিব বিচাৰিছোঁ।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ পাছতেই নাড্ডা আৰু জিতেন্দ্ৰ সিঙে ৱাংচুকক সাক্ষাৎ কৰিবলৈ গৈ অনশন ভংগ কৰায়।
ইফালে অনশন সামৰাৰ পাছত ৱাংচুকে সামাজিক মাধ্যমত এক পোষ্টযোগে জনাই যে দীঘলীয়া আলোচনা আৰু দেশত সৃষ্টি হ’ব পৰা সম্ভাব্য হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই সিদ্ধান্ত লৈছে। অনশনৰ এই সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ গৰাকী সাংসদে তেওঁক সাক্ষাৎ কৰিছিল। তেওঁলোকে অনশন উঠাই ল’বলৈ লিখিত অনুৰোধো জনাইছিল ৱাংচুকক।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণাম ৱাংচুকৰ আশু আৰোগ্য কামনা কৰি চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ আহ্বান জনায়। লগতে ৱাংচুকৰ সুস্বাস্থ্য কামনি কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোদীয়ে।
উল্লেখযোগ্য যে, ৱাংচুকৰ পদক্ষেপক আদৰণি জনাইছে চি জে পিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। তেওঁ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত অব্যাহত ৰাখিব প্ৰতিবাদ বুলি সদৰি কৰে।