অসমৰ অবৈধ ভোটাৰক আঁতৰ কৰাত এছ আৰে সহায় কৰিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  [email protected] • 1 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছ আৰ)ৰ ফলত অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা অবৈধ ভোটাৰক আঁতৰোৱাত সহায়ক হ’ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ৰ নিৰ্দেশ দিয়াৰ পাছতে এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷
 
তেওঁ আৰু কয়- ‘যিহেতু অসমত বিভিন্ন লিগেচি ইছ্যুৰ বাবে এন আৰ চিক অধিসূচনা কৰা হোৱা নাই, সেয়েহে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ সাময়িকভাৱে স্থগিত ৰখা হৈছে।’ কিন্তু এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশ দিছে বুলিও তেওঁ কয়।
 
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ইয়াৰ দ্বাৰা অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত হৈ থকা অবৈধ ভোটাৰক আঁতৰ কৰাত যথেষ্ঠ সহায়ক হ’ব। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা থাকিব বুলিও তেওঁ মন্তব্য কৰে। বিশেষ পুনৰীক্ষণৰ ব্যৱস্থাই সকলো যোগ্য নাগৰিকক লৈ নিকা, নবীকৃত আৰু সঠিক নিৰ্বাচনী তালিকা নিশ্চিত কৰাত সহায় কৰিব বুলিও তেওঁ কয়।
 
উল্লেখযোগ্য যে যোৱা মাহত দেশৰ নিৰ্বাচন আয়োগে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰৰ নিৰ্দেশ দিছিল আৰু অহা বছৰ চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব।
 
২৭ অক্টোবৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৈছিল যে অহা বছৰ অসমৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ল। অসমত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত নাগৰিকত্ব পৰীক্ষাৰ কচৰৎ সমাপ্ত হ’বলৈ ওলোৱাৰ বাবে অসমত নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ বাবে বিশেষ আদেশ জাৰি কৰা হ’ব আৰু নাগৰিকত্ব আইনৰ অধীনত ৰাজ্যত নাগৰিকত্ব সন্দৰ্ভত সুকীয়া বিধান আছে।