আজিৰে পৰা জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব 'জুবিন দিৱস'
গুৱাহাটী
অসমীয়া জাতিৰ আৱেগ, স্পন্দন আৰু স্বাভিমানৰ প্ৰতীকস্বৰূপ, সকলোৰে মৰমৰ শিল্পীগৰাকীক সুঁৱৰি আজিৰে পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰত আৰম্ভ হৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 'জুবিন দিৱস'। সমগ্ৰ অসমবাসীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা এই দিনটোক এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে জুবিনক্ষেত্ৰক এতিয়া আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। সকলো কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে এক বিশাল আৰু সুদৃশ্য ৰভা। ইয়াৰ সমান্তৰালকৈ অনুৰাগী আৰু শ্ৰদ্ধাৱান ৰাইজে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ আৰু তেওঁলৈ অনা উপহাৰসমূহ সযতনে ৰাখিবলৈ এখন বিশেষ স্থান অতি মনোমোকোৱাকৈ সজাই তোলা হৈছে।
তিনিদিনীয়া এই আৱেগিক আৰু আধ্যাত্মিক কাৰ্যসূচীৰ প্ৰথম দিনটো, অৰ্থাৎ আজি ১৭ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ'ব এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। এই সভাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে একগোট হৈ প্ৰিয় শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে দিনৰ ১ বজাৰ পৰা বিয়লি ৬ বজালৈ নাম-প্ৰসংগ পৰিৱেশন কৰা হ'ব।
১৮ ছেপ্টেম্বৰৰ দ্বিতীয় দিনটো সম্পূৰ্ণৰূপে উৎসৰ্গা কৰা হৈছে শিল্পীগৰাকীৰ অনবদ্য আৰু কালজয়ী সৃষ্টিৰাজিৰ প্ৰতি। দিনৰ ১১ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ অনুষ্ঠিত হ'ব 'গীতে-মাতে জুবিন বন্দনা' শীৰ্ষক এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত শিল্পীগৰাকীৰ চিৰযুগমীয়া গীতসমূহ পৰিৱেশন কৰি সুৰ আৰু কথাৰে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।
আনহাতে, অহা ১৯ ছেপ্টেম্বৰ, অৰ্থাৎ দিৱসৰ অন্তিম দিনটো আধ্যাত্মিক আৰু ভক্তিৰসেৰে জীপাল হৈ পৰিব। পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈ চলিব পৱিত্ৰ ভাগৱত পাঠ। ইয়াৰ পাছতে, সন্ধিয়া ৭ বজাৰ পৰা নিশা ১০ বজালৈ অনুষ্ঠিত হ'ব পৰম্পৰাগত ভাওনা। যোৰহাটৰ ‘ডেকাগিৰী সাংস্কৃতিক সংঘ’ৰ নিপুণ শিল্পীসকলৰ দ্বাৰা 'বিপ্ৰ দামোদৰ আখ্যান' নামৰ ভাওনাখন অতি আকৰ্ষণীয় ৰূপত মঞ্চস্থ কৰা হ'ব বুলি জুবিন ক্ষেত্ৰ পৰিচালনা আৰু তদাৰক সমিতিৰ এগৰাকী বিষয়ববীয়াই সদৰী কৰিছে।
সময়ৰ সোঁতত প্ৰিয় শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'লেও, সোণাপুৰৰ এই জুবিন ক্ষেত্ৰৰ আকাশ-বতাহত চিৰদিন অনুৰণিত হৈ থাকিব তেওঁৰ অমৰ সৃষ্টিৰ প্ৰতিধ্বনি। এই জুবিন দিৱসে প্ৰতিটো পলতে অসমবাসীক সোঁৱৰাই দিব সেই চিৰন্তন সত্য— "জুবিন আছিল, জুবিন আছে আৰু জুবিন চিৰদিন অসমীয়াৰ বুকুৰ স্পন্দন হৈয়ে জীয়াই থাকিব।"