অসমত ৬টা তীখা প্রকল্পত তীখা উৎপাদন হয় ১৪৭ হেজাৰ টন

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
শেহতীয়াকৈ ভাৰতত বৃদ্ধি পাইছে তীখাৰ উৎপাদন। তীখা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্রী ফাগন সিং কুলাস্তে-এ প্রকাশ কৰা তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত দেশত তীখাৰ উৎপাদন প্রায় ২০ শতাংশ বৃদ্ধি পাইছে। ৰাজহুৱা খণ্ডৰ লগতে ব্যক্তিগত খণ্ডতো উৎপাদন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 
 
দেশত উৎপাদিত মুঠ তীখাৰ ভিতৰত ১,০৪,৭৬৮ হেজাৰ টন ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে উৎপাদন কৰাৰ বিপৰীতে ২২,৪২৯ হেজাৰ টন তীখা উৎপাদন কৰে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানে। 
 
মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিভিন্ন ব্যক্তিগত খণ্ডৰ তীখা উৎপাদনকাৰী প্রতিষ্ঠানে বিভিন্ন ৰাজ্যত নিজা প্রকল্প স্থাপন কৰিছে। সমগ্র দেশতে থকা ব্যক্তিগত খণ্ডৰ তীখা উৎপাদন প্রকল্প হৈছে ৯৩০ টা। ইয়াৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ আছে ৯টা উৎপাদন প্রকল্প। 
 
বিভিন্ন ৰাজ্যৰ লগতে অসমত ৬টা তীখা প্রকল্প স্থাপন কৰিছে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে। অসমত থকা এই ৬টা তীখা প্রকল্পৰ উৎপাদন ক্ষমতা হৈছে ১৪৭ হেজাৰ টন। ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ এই ৬টা প্রকল্পত ৬৬,০০০ তীখা উৎপাদন হয় বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। 
 
পূব ভাৰতৰ ভিতৰত সৰ্বাধিক তীখা উৎপাদন হয় উৰিষ্যাত। উৰিষ্যাৰ ৫৩টা প্রকল্পত তীখা উৎপাদনৰ পৰিমাণ হৈছে ১৯.৩৫৯ হেজাৰ টন। সেইদৰে ঝাৰখণ্ডত ২৬টা প্রকল্পত উৎপাদন হয় ১৪,০৪৭ হেজাৰ টন তীখা। উত্তৰ-পূবৰ ভিতৰত অসমৰ লগতে আন তিনিখন ৰাজ্য হৈছে মেঘালয়, অৰুণাচল প্রদেশ আৰু ত্ৰিপুৰা, য'ত তীখা উৎপাদন কৰে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে। 
 
মেঘালয়ৰ ৭টা প্রকল্পত ৭৩,০০০ টন, অৰুণাচল প্রদেশৰ ৩টা প্রকল্পত ৪০,০০০ টন তীখা উৎপাদন হোৱাৰ বিপৰীতে ত্রিপুৰাৰ এটা প্রকল্পত উৎপাদন হয় ১২,০০০ টন। পূব ভাৰতত ২০২২-২৩ বিত্তীয় বর্ষত ৫০টা উৎপাদন প্রকল্পত ৩৯,৪৩১ হেজাৰ টন তীখা উৎপাদন হয়। সমগ্র দেশৰ ভিতৰতে পূব ভাৰততেই সর্বাধিক তীখা উৎপাদন কৰা হয় বুলি মন্ত্র্যালয়ে জানিবলৈ দিয়ে। 
 
আনহাতে ৰাজহুৱা খণ্ডৰ ৯টা প্রকল্পৰ ভিতৰত পশ্চিমবংগৰ দুর্গাপুৰ তীখা প্রকল্প, উৰিষ্যাৰ ৰুৰকেলা তীখা প্রকল্প, ঝাৰখণ্ডৰ বোকাৰু তীখা প্রকল্প হৈছে অন্যতম। ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ ভিতৰত সর্বাধিক তীখা উৎপাদন হয় ছেইলৰ প্রকল্পত। ২০২২-২৩ বিত্তীয় বর্ষত ছেইলে ১৮,২৯২ হেজাৰ টন তীখা উৎপাদন কৰে।