নতুন দিল্লী
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা সংঘৰ্ষৰ আঁৰৰ কথিত ষড়যন্ত্ৰৰ সৈতে জড়িত ইউএপিএৰ গোচৰত বিচাৰৰ সন্মুখীন হোৱা কৰ্মী শ্বাৰ্জিল ইমাম, উমৰ খালিদ আদিৰ জামিন আবেদনৰ ওপৰত বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ৰায় সংৰক্ষিত কৰি ৰাখিছে।
ন্যায়াধীশ নবীন চাওলা আৰু শলিন্দৰ কৌৰৰ বিচাৰপীঠে বিচাৰ বিভাগ আৰু বিভিন্ন অভিযুক্তৰ হৈ যুক্তি শুনাই নিজৰ নিৰ্দেশ সংৰক্ষণ কৰে।
বিচাৰ বিভাগে জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, এইটো স্বতঃস্ফূৰ্ত সংঘৰ্ষৰ গোচৰ নহয়, বৰঞ্চ এক অশুভ উদ্দেশ্য আৰু সুচিন্তিত ষড়যন্ত্ৰৰে বহু আগতেই সংঘৰ্ষৰ পৰিকল্পনা কৰা গোচৰ।
বিচাৰ বিভাগৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, এইটো বিশ্ব পৰ্যায়ত ভাৰতক বদনাম কৰাৰ ষড়যন্ত্ৰ আৰু কেৱল দীৰ্ঘদিনীয়া কাৰাগাৰত ৰখাটো জামিনৰ কোনো ভিত্তি নহয়।
তেওঁ যুক্তি আগবঢ়ায় যে, যদি আপুনি আপোনাৰ দেশৰ বিৰুদ্ধে কিবা কৰে তেন্তে আপুনি দোষমুক্ত নোহোৱালৈকে জেলত থকাটোৱেই ভাল।
ইমামৰ অধিবক্তাই পূৰ্বে যুক্তি দিছিল যে তেওঁৰ স্থান, সময় আৰু উমৰ খালিদকে ধৰি সহ-অভিযুক্ত ব্যক্তিসকলৰ সৈতে “সম্পূৰ্ণভাৱে বিচ্ছিন্ন” আছিল। ইমামৰ ভাষণ আৰু হোৱাটছএপ আড্ডাত কেতিয়াও কোনো ধৰণৰ অশান্তিৰ আহ্বান জনোৱা নাছিল বুলিও তেওঁ যুক্তি আগবঢ়ায়।
উমৰ খালিদ, ইমাম আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) আৰু ভাৰতীয় দণ্ডবিধিৰ বিধানৰ অধীনত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা সংঘৰ্ষৰ "মাষ্টাৰ্মাণ্ড" বুলি অভিযোগ উত্থাপন কৰা হৈছে।
য'ত ৫৩ জন লোকৰ মৃত্যু হৈছিল আৰু ৭০০ৰো অধিক লোক আহত হৈছিল। CAA আৰু NRCৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।
ইমামক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ২০২০ চনৰ ২৫ আগষ্টত। জামিন অস্বীকাৰ কৰা বিচাৰ আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ইমাম, উমৰ খালিদ আদিয়ে দীৰ্ঘদিনীয়া কাৰাবন্দী আৰু জামিন লাভ কৰা অন্যান্য সহ অভিযুক্তৰ সৈতে সমতাৰ কথা উল্লেখ কৰে।
ইমাম আৰু অন্যান্য সহ অভিযুক্ত -- খালিদ ছাইফি, গুলফিছা ফাতিমা আদিৰ জামিন আবেদন ২০২২ চনৰ পৰা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু সময়ে সময়ে বিভিন্ন বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল।
উমৰ খালিদ, ইমাম আৰু অন্যান্য অভিযুক্তৰ ভাষণে CAA-NRC, বাবৰি মছজিদ, ট্ৰিপল তালাক আৰু কাশ্মীৰক উল্লেখ কৰাৰ সাধাৰণ আৰ্হিৰে ভয়ৰ সৃষ্টি কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছে।