তাৰিণী চৌধুৰী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ ‘অন্তৰংগ আলাপ’

Story by  atv | Posted by  Munni Begum • 4 h ago
তাৰিণী চৌধুৰী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ ‘অন্তৰংগ আলাপ’
তাৰিণী চৌধুৰী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ ‘অন্তৰংগ আলাপ’
 
গুৱাহাটী
 
গুৱাহাটীৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ উদ্যোগত বৃহস্পতিবাৰে দীঘলী পুখুৰীৰ পাৰত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত এক আন্তৰিক আৰু স্মৃতিমেদুৰ ‘অন্তৰংগ আলাপ’ অনুষ্ঠান অনুষ্ঠিত হয়।
 
প্ৰায় ৭০ গৰাকী প্ৰাক্তন ছাত্ৰীৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত বিদ্যালয়খনৰ দুগৰাকী কৃতি প্ৰাক্তন ছাত্ৰী তথা বিশিষ্ট শিল্পী মন্দিৰা শৰ্মা লাহিড়ী আৰু নমিতা ভট্টাচাৰ্যক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ফুলাম গামোচা, স্মাৰক আৰু উপহাৰ আগবঢ়াই তেওঁলোকক সন্মান জনায় প্ৰাক্তন ছাত্ৰী সংস্থাই।
 
অনুষ্ঠানত দুয়োগৰাকী শিল্পীয়ে নিজৰ জীৱন-যাত্ৰাৰ বিভিন্ন অভিজ্ঞতা উপস্থিত সকলোৰে সৈতে ভাগ-বতৰা কৰাৰ লগতে বিদ্যালয় জীৱনৰ বহু স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। তেওঁলোকৰ সুমধুৰ কণ্ঠত পৰিৱেশিত জনপ্ৰিয় গীতে অনুষ্ঠানটোক অধিক সজীৱ, উপভোগ্য আৰু মনোমোহা কৰি তোলে।
 
অনুষ্ঠানটোৰ সঞ্চালনা কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° চয়নিকা শৰ্মাই। প্ৰাক্তন ছাত্ৰী সংস্থাৰ সভানেত্ৰী ড° আৰতি ডেকা, সাধাৰণ সম্পাদক ৰীমা বৰদলৈ আৰু উপদেষ্টা অনুৰাধা দাস আৰু ড° জয়শ্ৰী দত্তই অতিথি শিল্পীদ্বয়ৰ জীৱন, সংগীত সাধনা আৰু বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে।
 
আয়োজকসকলে মত প্ৰকাশ কৰে যে, এনে অনুষ্ঠানৰ জৰিয়তে বৰ্তমানৰ শিক্ষাৰ্থীসকলে প্ৰাক্তন ছাত্ৰীসকলৰ জীৱন-অভিজ্ঞতা আৰু সফলতাৰ কাহিনীৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ লগতে সাংস্কৃতিক চেতনাৰ বিকাশ আৰু ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰতো উৎসাহিত হ'ব।