দুৰ্যোগত প্ৰযুক্তি, কাষত মানৱতাঃ অসমত ১৫ হাজাৰ লিটাৰ বিশুদ্ধ পানী যোগান ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ; হ্ৰাস কৰিলে প্লাষ্টিকৰ ব্যৱহাৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
HN Technovations-ৰ InstaWater পানী যোগান উদ্যোগ
HN Technovations-ৰ InstaWater পানী যোগান উদ্যোগ
 
নুৰুল হক / আগৰতলা
 
বানপানীয়ে ধংসলীলা চলোৱাৰ সময়ত আটাইতকৈ বেছি অভাৱ হয় এটুপি বিশুদ্ধ খোৱাপানীৰ। চাৰিওফালে পানী থকাৰ পিছতো খোৱাৰ উপযোগী পানীৰ অভাৱে এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। এনে এক সংকটৰ সময়তে অসমৰ বানপীড়িত ৰাইজৰ কাষত থিয় দিছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এদল তৰুণ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিনৱ প্ৰযুক্তি। 
 
অসমৰ সাম্প্ৰতিক বানপীড়িত অঞ্চলত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এজন তৰুণ অধ্যাপকৰ নেতৃত্বত এদল ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। বানৰ পানী বাঢ়ি অহাৰ লগে লগে যেতিয়া বিশুদ্ধ খোৱাপানীৰ সংকট তীব্ৰ হৈ পৰে, তেতিয়া প্ৰযুক্তিনিৰ্ভৰ পানী বিশুদ্ধকৰণ ব্যৱস্থাৰ জৰিয়তে মানুহৰ কাষত থিয় দিছে এইচ এন টেকন’ভেচনছৰ ইনষ্টা ৱাটাৰে (HN Technovations-ৰ InstaWater)। শিৱসাগৰ জিলাৰ বানপীড়িত আৰু দুৰ্গম অঞ্চলসমূহত সংস্থাটোৰ চলি থকা সাহায্য অভিযানত এতিয়ালৈকে ৪০০-ৰো অধিক পৰিয়াল উপকৃত হৈছে। যোগান ধৰা হৈছে প্ৰায় ১৫ হাজাৰ লিটাৰ বিশুদ্ধ খোৱাপানী।
 
 
কেৱল বিশুদ্ধ খোৱাপানী যোগানেই নহয়, বটলত ভৰোৱা পানী (Packaged water)ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি পৰিৱেশ ৰক্ষাতো এই প্ৰয়াসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সংস্থাটোৰ হিচাপ অনুসৰি, প্ৰায় ১৫০ কিলোগ্ৰাম প্লাষ্টিক আৱৰ্জনা সৃষ্টি হোৱা ৰোধ কৰিব পৰা গৈছে।
 
শিৱসাগৰ জিলাৰ শানমুখ, নগাঁও, নেপালীখুঁটিকে ধৰি একাধিক দুৰ্গম আৰু বানপীড়িত অঞ্চলত এই সাহায্য অভিযান চলি আছে। বিভিন্ন স্বেচ্ছাসেৱী আৰু মানৱীয় সাহায্য প্ৰদানকাৰী সংগঠনৰ সৈতে যৌথভাৱে অঞ্চলসমূহত তাৎক্ষণিক ভ্ৰাম্যমাণ পানী বিশুদ্ধকৰণ ব্যৱস্থা পৰিচালনা কৰিছে ইনষ্টা ৱাটাৰে। ইয়াৰ ফলত বানত দূষিত হোৱা পানী ঘটনাস্থলীতে বিশুদ্ধ কৰি বিশুদ্ধ খোৱাপানীলৈ ৰূপান্তৰ কৰাটো সম্ভৱ হৈছে।
 
দুৰ্গম অঞ্চলত ভ্ৰাম্যমাণ পানী বিশুদ্ধকৰণ ব্যৱস্থা
 
অভিযানত একাধিক ইনষ্টা ৱাটাৰ চিষ্টেম স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত 'InstaWater COM 5000'-এ প্ৰতি ঘণ্টাত প্ৰায় ৩০০ লিটাৰ পানী বিশুদ্ধ কৰিবলৈ সক্ষম। ইয়াৰ লগতে আছে 'InstaWater Porta Hybrid Box', যাক সৌৰশক্তিৰ সহায়ত ৰিচাৰ্জ কৰিব পাৰি আৰু নাৱত কঢ়িয়াই দুৰ্গম অঞ্চললৈ লৈ যাব পাৰি। নিজস্ব পাৱাৰ বেকআপৰ সহায়ত এই ব্যৱস্থাই প্ৰতি ঘণ্টাত প্ৰায় ১০০ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰিব পাৰে।
 
বানপানীৰ সময়ত নাৱত কঢ়িয়াব পৰা এই প্ৰযুক্তিৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিলে দেশীয় নাৱেই দুৰ্গম অঞ্চলত উপস্থিত হোৱাৰ অন্যতম প্ৰধান মাধ্যম হৈ পৰে। ফলত বিপুল পৰিমাণৰ বটলৰ পানী পৰিবহণ কৰাৰ পৰিৱৰ্তে এটা সম্পূৰ্ণ ভ্ৰাম্যমাণ পানী বিশুদ্ধকৰণ ব্যৱস্থা প্ৰত্যক্ষভাৱে বানপীড়িত অঞ্চললৈ লৈ গৈ তাতেই পানী বিশুদ্ধ কৰাটো সম্ভৱ হৈ পৰিছে।
 
HN Technovations-ৰ InstaWater পানী যোগান উদ্যোগ
 
কেৱল অসমৰ বানপীড়িত অঞ্চলেই নহয়, ইয়াৰ পূৰ্বে এই সাহায্য অভিযানত পঞ্জাৱৰ জ্যোতি ফাউণ্ডেচনেও ইনষ্টা ৱাটাৰৰ পানী বিশুদ্ধকৰণ ব্যৱস্থাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এইবাৰ সেই পদ্ধতি ভাড়ালৈ লৈ অসমত বান সাহায্যত ব্যৱহাৰ কৰা হৈছে। নেপালীখুঁটিকে ধৰি বিভিন্ন বানপীড়িত গাঁৱৰ ৰাইজৰ মাজলৈ এই ব্যৱস্থাৰ জৰিয়তে বিশুদ্ধ খোৱাপানী কঢ়িয়াই নিয়া হৈছে।
 
এই প্ৰসংগত HN Technovations-ৰ প্ৰতিষ্ঠাপক অভিযন্তা তথা ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক হৰজিৎ নাথে কয় যে, বিশ্ববিদ্যালয়ৰ এটি আউটৰিচ প্ৰকল্প হিচাপে এই যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ লক্ষ্য আছিল এনে মানুহৰ কাষলৈ বিশুদ্ধ খোৱাপানী কঢ়িয়াই নিয়া, যিসকল প্ৰায়েই এই মৌলিক সুবিধাৰ পৰা বঞ্চিত হয়।
 
তেওঁ লগতে কয়, একেই প্ৰযুক্তিয়ে আজি তাৎপৰ্যপূৰ্ণভাৱে বানপীড়িত মানুহৰ কাষত থিয় দি কাম কৰি আছে। সম্পদ সীমিত হ’লেও য’তেই বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজন, তালৈকে সেয়া কঢ়িয়াই নিয়াৰ প্ৰতিশ্ৰুতি অটুট থাকিব বুলিও তেওঁ জনায়।
 
অসমৰ এই সাহায্য অভিযানে দেখুৱাই দিছে যে স্থানীয়ভাৱে নিৰ্মিত প্ৰযুক্তিয়ে কেনেদৰে দ্ৰুত আৰু বিকেন্দ্ৰীভূত উপায়েৰে দুৰ্যোগ মোকাবিলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াৰ লগতে বটলৰ খোৱাপানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্লাষ্টিকৰ আৱৰ্জনাও কমোৱা সম্ভৱ হৈছে।
 
আগন্তুক দিনত NGO, CSR সংস্থা, চৰকাৰী বিভাগ, দুৰ্যোগ প্ৰশমন সংগঠন আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা অধিক বৃদ্ধি কৰি ভাৰতৰ অন্যান্য দুৰ্যোগপ্ৰৱণ আৰু জলসংকটপূৰ্ণ অঞ্চললৈ InstaWater-ৰ প্ৰযুক্তি লৈ যোৱাৰ পৰিকল্পনা আছে HN Technovations-ৰ।
 
HN Technovations-ৰ InstaWater পানী যোগান উদ্যোগ
 
অসমৰ শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰাও এই প্ৰয়াসৰ প্ৰশংসা কৰা হৈছে। জৰুৰীকালীন পৰিস্থিতিত বিকেন্দ্ৰীভূত আৰু দ্ৰুতভাৱে নিয়োগ কৰিব পৰা পানী বিশুদ্ধকৰণ ব্যৱস্থাৰ গুৰুত্বও স্বীকাৰ কৰিছে সংশ্লিষ্ট বিষয়াসকলে।
 
বিশ্ববিদ্যালয়ৰ প্ৰয়াসৰ পৰা সামাজিক প্ৰয়াসলৈ
 
InstaWater-ৰ এই মানৱীয় কাৰ্যসূচীৰ সূত্ৰপাত হৈছিল ২০১৯ চনত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এটি আউটৰিচ প্ৰকল্প হিচাপে। দুৰ্গম আৰু বিপদসংকুল অঞ্চলৰ মানুহৰ কাষলৈ বিশুদ্ধ খোৱাপানী লৈ যোৱাৰ লক্ষ্যৰেই প্ৰযুক্তিটোৰ বিকাশ আৰম্ভ কৰা হৈছিল।
 
পৰৱৰ্তী সময়ত ২০২৩ চনৰ পৰা ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ জৰিয়তে এই প্ৰয়াসে এক সামাজিক পদক্ষেপৰ ৰূপ লয়। HN Technovations-ৰ অধীনত InstaWater জল-প্ৰযুক্তিৰ এটি গুৰুত্বপূৰ্ণ ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰে। গৱেষণাগাৰ আৰু প্ৰদৰ্শনীৰ গণ্ডী পাৰ হৈ দুৰ্যোগ প্ৰশমনৰ বাস্তৱ ক্ষেত্ৰতো প্ৰযুক্তিটোৰ ব্যৱহাৰ আৰম্ভ হয়।
 
সহজে কঢ়িয়াব পৰা, বিকেন্দ্ৰীভূত পানী বিশুদ্ধকৰণ আৰু দ্ৰুত নিয়োগৰ সুবিধাৰ বাবে বানপানী আৰু অন্যান্য দুৰ্যোগৰ সময়ত এই প্ৰযুক্তি বিশেষভাৱে কাৰ্যকৰী হৈ পৰিছে। দুৰ্গম অঞ্চলৰ মানুহ, বিদ্যালয় আৰু বিভিন্ন প্ৰতিষ্ঠানিক ব্যৱহাৰৰ কথা মনত ৰাখি সংস্থাটোৱে একাধিক ধৰণৰ কঢ়িয়াব পৰা পানী বিশুদ্ধকৰণ ব্যৱস্থা নিৰ্মাণ কৰি আছে।
 
যুৱপ্ৰজন্মৰ এনে গঠনমূলক আৰু মানৱদৰদী চিন্তাধাৰাই কেৱল দুৰ্দশাগ্ৰস্ত লোকলৈ সকাহ কঢ়িয়াই অনা নাই, প্ৰযুক্তিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে প্ৰকৃতি আৰু মানৱ সমাজৰ মাজত এক সুন্দৰ ভাৰসাম্য স্থাপনৰো নিদৰ্শন দাঙি ধৰিছে।