জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

Story by  atv | Posted by  [email protected] • 1 Months ago
জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ
জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণৰ পাছতে ওফন্দি উঠিছে নদী সমূহ। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাত কমেও ১০ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।
ডাৱৰ বিস্ফোৰণৰ এই কাণ্ড সংঘটিত হৈছে কিশোৱাৰ জিলাৰ মচাইল মট্টা যাত্ৰা পথৰ চিশোটি অঞ্চলত। এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উক্ত স্থানৰ আয়ুক্তৰ সৈতে আলোচনাত মিলিত হৈছে। আয়ুক্তৰ মতে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে।
 
স্থানীয় সূত্ৰৰ তথ্য অনুসৰি ক্ষতিগ্ৰস্ত অঞ্চলত ২০০ৰ পৰা ৩০০ লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই ঘটনাৰ পিছত মচাইল মাতা মন্দিৰৰ ভক্তসকলক এই সময়ত পদ যাত্ৰা কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।