Mon Jul 14 2025 8:28:27 PM
  • Follow us on
  • Subcribe

দেৱভূমি উত্তৰাখণ্ডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ

Story by  atv | Posted by  ArifulIslam@gmail.com • 1 Years ago
দেৱভূমি উত্তৰাখণ্ডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ
দেৱভূমি উত্তৰাখণ্ডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ
 
উত্তৰাখণ্ড
 
দেৱভূমি উত্তৰাখণ্ডত এতিয়া পৰ্যটকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰৰ দিনটোতে চাৰি ধাম যাত্ৰাৰ বাবে যোৱা হাজাৰ হাজাৰ ভক্ত-দৰ্শনাৰ্থীয়ে সন্মুখীন হয় ভয়ংকৰ বিপদৰ। বাৰিষাৰ ক্ষণত উত্তৰাখণ্ডৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰবল বৃষ্টিপাত।
 
হিমালয়ৰ পাদদেশত অৱস্থিত কেইবাখনো ধামলৈ যাত্ৰা কৰা যাত্ৰীয়ে সন্মুখীন হয় বিপৰ্যয়ৰ। ডেৰাডুন অথবা হৰিদ্বাৰ, ঋষিকেশ হৈ চাৰি ধামলৈ যোৱা ০৭ নম্বৰ মূল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই জোকাৰি যায় দেৱভূমি। চামোলী জিলাৰ পাতালগঙ্গা নামৰ ঠাইটুকুৰাত খহি আহে এখন পাহাৰৰ এটা বৃহৎ অংশ। পাহাৰৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল বাগৰি আহি বন্ধ হৈ পৰে মূল ৰাষ্ট্ৰীয় ঘাইপথ। অৱশ্যে এনে ঘটনাত কোনো ভক্ত-দৰ্শনাৰ্থী আঘাতপ্ৰাপ্ত হোৱা নাই।
 
বুধবাৰৰ দিনটোত বদ্ৰীনাথলৈ যোৱা আৰু ঘূৰি অহা হাজাৰ হাজাৰ পৰ্যটকৰ বাহন আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত। কেইবাটাও নিৰ্মীয়মাণ টানেলৰ কাম চলি থকা মুহূৰ্তত এনে ভয়ংকৰ ঘটনা ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে। মাত্ৰ ৬টা মাহৰ বাবে খোলা থকা দেৱভূমিৰ চাৰি ধাম যাত্ৰালৈ এনে সময়ত আগমন ঘটে লাখ লাখ লোকৰ। বিগত এটা সপ্তাহত কেদাৰনাথ আৰু গংগোত্ৰী যাত্ৰা পথতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
 

এনে ঘটনাৰে মুখামুখি হোৱা বহু ভক্তই ৰাজপথতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। দৰ্শনাৰ্থীৰ বাবে ভাল বতৰত খোলা থকা হেলিকপ্টাৰ সেৱাও প্ৰবল বৃষ্টিপাতৰ এনে সময়ত বন্ধ হৈ পৰিছে। প্ৰচণ্ড শীত-হিমবাহৰ এনে বতৰত নিশা কেদাৰনাথত তাপমাত্ৰা ১-২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে।
 
আনহাতে, নেৰানেপৰা বৰষুণৰ ফলত উফন্দি উঠিছে গঙ্গা, অলকানন্দা আৰু ভাগীৰথী নদী। এনে বাৰিষাৰ সময়ত উত্তৰাখণ্ড চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰত চলি থকা সুৰংগ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে। পবিত্ৰ শাওণ মাহত দেশী-বিদেশী ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ কৰে কেদাৰনাথাত। যিকোনো মুহূৰ্তত প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে কেইবাটাও জৰুৰী বিভাগ।
 
উল্লেখযোগ্য যে, এতিয়াও ভূমিস্খলনত বন্ধ হৈ থকা ৰাজপথ মুকলি কৰিবলৈ দিনে-নিশাই কেইবাটাও চৰকাৰী-বেচৰকাৰী বিভাগ নামি পৰাৰ খবৰ লাভ কৰা গৈছে। বিগত এটা সপ্তাহত উত্তৰ কাশী, শ্ৰীনগৰ, গুপ্ত কাশী আৰু সীতাপুৰতো সংঘটিত হৈছে সৰু-বৰ কেইবাটাও ভূমিস্খলনৰ ঘটনা।