দেশজুৰি পুনৰীক্ষণ কৰা হব ভোটাৰ তালিকাৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
দেশৰ ভোটাৰ তালিকাক বিদেশীমুক্ত কৰাৰ বাবে নিৰ্বাচন আয়োগে দেশজুৰি ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণ (স্পেচিয়েল ইনটেনচিভ বিভিজন) কৰাৰ দিশত আগবাঢ়িছে। আগষ্টৰ পৰাই দেশজুৰি ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিহাৰৰ ভোটাৰ তালিকা সংশোধনীত লাখ লাখ বাংলাদেশী, ম্যানমাৰী আৰু নেপালী নাগৰিকৰ নাম ধৰা পৰাৰ পাচত দেশব্যাপী ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ সিদ্ধান্তই বিশেষ তাৎপর্য বহন কৰিছে। 
 
২০২৬ চনত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ প্রসংগই বিশেষ গুৰুত্ব বহন কৰিছে। আন্তর্জাতিক সীমান্ত চুই থকা ৰাজ্য অসম বা বংগৰ ভোটাৰ তালিকাত বিগত কেইবছৰৰ সংশোধনীত বিভিন্ন প্রকাৰে বিদেশীৰ নাম অন্তর্ভুক্তিৰ আশংকা ইতিমধ্যে ব্যক্ত হৈছে। ঝাৰখণ্ড বিধানসভা নির্বাচনৰ সময়ত উত্তপ্ত বিষয় আছিল ৰাজ্যখনত বাংলাদেশীৰ আগ্রাসন। 
 
উল্লেখ্য যে, দেশৰ অধিকাংশ ৰাজ্যতে ২০০২-০৪ চনৰ ভিতৰত ব্যাপক সংশোধনী চলিছিল। কাজেই সেই চূড়ান্ত ভোটাৰ তালিকাত নাম সন্নিবিষ্ট লোকে নির্বাচন আয়োগত নথি জমা দিয়াৰ প্ৰয়োজন নহ'ব যদিও সেই তালিকাত নাম নথকা লোকে আয়োগে বিচৰা নথি-পত্ৰ আয়োগৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক। অৱশ্যে বিহাৰ ভোটাৰ তালিকাৰ সংশোধনীলৈ ২৮ জুলাইত উচ্চতম ন্যায়ালয়ে শুনানিত কি নির্দেশনা দিয়ে সেয়া লক্ষণীয় হ'ব। 
 
উল্লেখ্য যে বিহাৰৰ ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী চলি থকাৰ সময়ত ভোটাৰ তালিকাত ব্যাপক বিসংগতি ধৰা পৰিছে। ভোটাৰ তালিকাত নেপাল, বাংলাদেশ আৰু ম্যানমাৰৰ লাখ লাখ নাগৰিকৰ নাম সন্নিবিষ্ট হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। সেই নামসমূহ উপযুক্ত পৰীক্ষা-নিৰীক্ষাৰ অন্তত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি নির্বাচন আয়োগে সদৰী কৰিছে। 
 
সেই পৰীক্ষা-নিৰীক্ষাৰ অন্তত বিদেশী লোকৰ নামবহির্ভূত চূড়ান্ত ভোটাৰ তালিকাখন অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰা হ'ব। তাৰ পূর্বে অহা পহিলা আগষ্টৰ পৰা বিদেশী লোকৰ নাম অন্তর্ভুক্তিৰ বিষয়তো পৰীক্ষা-নিৰীক্ষা চলোৱা হ'ব। নির্বাচন আয়োগৰ ভোটাৰ তালিকা সংশোধনী পর্বত বিদেশী বাস্তুৰ নাগৰিকৰ নাম অন্তর্ভুক্তি হোৱা বিষয়টোক লৈ ৰাজ্যখনত ব্যাপক চর্চা হৈছে। 
 
উল্লেখ্য, ৰাজ্যখনত ভোটাৰ তালিকাৰ ব্যাপক পুংখানুপুংখ পৰীক্ষাৰ প্ৰক্ৰিয়া যোৱা ২৫ জুনৰ পৰা আৰম্ভ কৰা হয়। ৰাজ্যখনৰ ৭.৮ কোটি পঞ্জীয়নভুক্ত ভোটাৰ নথি পৰীক্ষাৰ এই অভিযানত নির্বাচন আয়োগৰ ৭৭ হেজাৰ কৰ্মকর্তা (বুথ পৰ্যায়ৰ বিষয়া) নিয়োজিত হৈ আছে। পৰীক্ষণৰ সময়ছোৱাত সংশ্লিষ্ট লোকসকলক - তেওঁলোক যে ভাৰতীয় নাগৰিক হয়, সেইটো প্রতিপন্ন কৰিবলৈ আৱশ্যকীয় নথি-পত্র প্রদর্শন কৰিবলৈ আহ্বান জনোৱা হৈছে।