নতুন দিল্লী
২০২৬–২৭ বৰ্ষৰ ৰে’ল বাজেটত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আবণ্টন কৰা পুঁজি এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে অভিলেখ ১১,৪৮৬ কোটি টকা আবণ্টন দিছে। এই পুঁজি ২০১৪ চনৰ তুলনাত প্ৰায় পাঁচগুণ বৃদ্ধি কৰা হৈছে৷ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে প্ৰকাশ কৰে এই তথ্য।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চলি থকা প্ৰকল্পসমূহৰ কাম ভালদৰে আগবাঢ়ি যোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল খণ্ডত এক ‘নতুন মাত্ৰা’ৰ উন্মেষ ঘটিছে৷
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সাংবাদিকক সম্বোধন কৰি বৈষ্ণৱে কয়, "২০২৬-২৭ চনৰ বাজেটত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ১১,৪৮৬ কোটি টকা আবণ্টন দিয়া হৈছে। তদুপৰি অঞ্চলটোত ইতিমধ্যে ৭২,৪৬৮ কোটি টকাৰ প্ৰকল্প চলি আছে।" তেওঁ আৰু কয় যে ২০১৪ চনত অঞ্চলটোক দিয়া ধনৰ তুলনাত বাজেটত আবণ্টন কৰা পুঁজি পাঁচগুণ বেছি৷
তেওঁ লগতে কয় যে ভূটানক সংযোগ কৰা প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ প্ৰকল্প, লগতে অঞ্চলটোৰ ভিতৰত সংযোগ বৃদ্ধি কৰা প্ৰকল্প।
বৈষ্ণৱে কয়, "মিজোৰামক ৰে'ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে। মণিপুৰৰ প্ৰকল্পটো কিছু সময়ৰ ৰৈ যোৱাৰ পাছত পুনৰ আৰম্ভ হৈছে। কোহিমা (নাগালেণ্ড)ক সংযোগ কৰা প্ৰকল্পটো চলি আছে। অৰুণাচল প্ৰদেশত ৰে'ল সংযোগ বৃদ্ধিৰ প্ৰস্তাৱ উন্নত পৰ্যায়ত আছে৷"
তেওঁ আৰু কয়, “উত্তৰ-পূবৰ বাবে এটা নতুন মাত্ৰাৰ উন্মেষ ঘটিছে আৰু প্ৰকল্পসমূহ ভালদৰে আগবাঢ়িছে৷”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অঞ্চলটোত প্ৰকল্প ৰূপায়ণৰ সময়ত পৰিৱেশৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিছে৷
ৰে’লপথত হাতীৰ গতিবিধিৰ কথা উল্লেখ কৰি তেওঁ কয় যে হাতী আগমণৰ কথা আগতীয়াকৈ জানিবলৈ প্ৰযুক্তি আৰু এআই ভিত্তিক থাৰ্মেল কেমেৰা ব্যৱহাৰ কৰা হৈছে।
বৈষ্ণৱে আৰু কয় যে, উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা ৪০ কিলোমিটাৰ দৈৰ্ঘৰ কৌশলগত কৰিডৰৰ বাবে বিশেষ পৰিকল্পনা চলি আছে। তেওঁ লগতে কয়, “ভূগৰ্ভস্থ ৰে’লপথ স্থাপন আৰু বৰ্তমানৰ ৰে’লপথ চাৰিলেনলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা চলি আছে।”
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱে অঞ্চলটোৰ বাজেট ঘোষণাৰ প্ৰভাৱৰ বিষয়ে অৱগত কৰি কয় যে শিলিগুৰিলৈ ঘোষণা কৰা তীব্ৰবেগী ক’ৰিড’ৰটো ভৱিষ্যতে গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰা হ’ব৷
তেওঁ লগতে কয় যে এক্ট ইষ্ট পলিচিৰ অধীনত অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱসমূহ দূৰ কৰা হৈছে। শ্ৰীবাস্তৱে কয় যে এন এফ আৰৰ অধীনত ট্ৰেক বিদ্যুৎকৰণৰ ৯৬ শতাংশ সম্পূৰ্ণ হৈছে, লামডিং-বদৰপুৰ অংশৰ এটা অংশ বাকী আছে ৷ তেওঁ লগতে কয়, "ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছ (ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ)ৰ দৰে গুৰুত্বপূৰ্ণ ৰে'লসমূহ সম্পূৰ্ণৰূপে বৈদ্যুতিক ট্ৰেকচনত চলি আছে ৷"
অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত অঞ্চলটোৰ ৬০টা ষ্টেচনৰ পুনৰ উন্নয়নৰ কাম চলি থকাৰ বিপৰীতে ২০১৪ চনৰ পৰা উত্তৰ-পূবত ৩৬০টাতকৈও অধিক ৰে’লৱে ফ্লাইঅভাৰ আৰু আণ্ডাৰব্ৰিজ নিৰ্মাণ কৰা হৈছে৷
শ্ৰীবাস্তৱে কয় যে যাত্ৰীৰ সুবিধাসমূহ উন্নত কৰা হৈছে, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে আৰু নিৰ্বাচিত ৰে’লত ভিষ্টাডোম দবা প্ৰৱৰ্তন কৰা হৈছে, যিয়ে পৰ্যটনক বৃদ্ধি কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াগৰাকীয়ে আৰু কয় যে উত্তৰ-পূবত যাত্ৰী আৰু মালবাহী যাতায়তৰ উন্নতিৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুন দলং নিৰ্মাণকে ধৰি কেইবাটাও নতুন প্ৰকল্পৰ জৰীপ চলি আছে৷
ইফালে কোকৰাঝাৰক ভূটানৰ গেলেফুৰ সৈতে সংযোগ কৰা ৰে’লপথৰ কাম তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি ৰে’লৱে বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। এন এফ আৰৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱে কয়, “ভূটান সংযোগৰ বাবে আমাৰ দুটা প্ৰকল্প আছে। এটা কোকৰাঝাৰৰ পৰা গেলেফুলৈ ৬৯ কিলোমিটাৰ দৈৰ্ঘ, আৰু আনটো বনাৰহাট (পশ্চিমবংগ) আৰু সামচে (ভূটান)ৰ মাজত ২০ কিলোমিটাৰ দৈৰ্ঘৰ।”
এন এফ আৰ (নিৰ্মাণ)ৰ মুখ্য প্ৰশাসনিক বিষয়া হিতেন্দ্ৰ গোৱালে কয় যে কাম আৰম্ভ হ’লেই অসমৰ প্ৰকল্পটো তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিবাচক সহায় প্ৰদান কৰি আহিছে।" উল্লেখ্য যে, কোকৰাঝাৰ-গেলেফু লাইনক বিশেষ ৰে’ল প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে, যাৰ ফলত দ্ৰুতগতিত ক্লিয়াৰেন্স আৰু ভূমি অধিগ্ৰহণ সম্ভৱ হৈছে।