অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Story by  atv | Posted by  [email protected] • 11 h ago
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন
 
গুৱাহাটী

দিছপুৰৰ লোকসেৱা ভৱনত দেওবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 
 
এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়ৰ মাচুল চৰকাৰে নিৰীক্ষণ কৰিব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আইন আনিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।
 
একেদৰে, প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতিবছৰে বৃদ্ধিত অনুমোদন জনায় অসম কেবিনেটে। প্ৰতিবছৰে ৬ শতাংশকৈ বৃদ্ধি পাব প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা। আনহাতে, শিক্ষকৰ বদলিকৰণৰ সন্দৰ্ভত কেবিনেটত লোৱা সিদ্ধান্তৰ বিষয়েও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুসৰি, মহিলাই ৫ বছৰ শিক্ষকতা কৰিলে আৰু পুৰুষে ৭ বছৰ শিক্ষকতা কৰিলে বদলিৰ বাবে যোগ্য হ’ব। 
 
ইয়াৰ উপৰি অসম কেবিনেটে অসমৰ জনসাধাৰণৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰি বহুকেইখন উল্লেখনীয় বিধেয়কৰ সংশোধনীত অনুমোদনেৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰে।