এজাক বৰষুণতে ডুবিল মহানগৰী

Story by  atv | Posted by  [email protected] • 1 Months ago
এজাক বৰষুণতে ডুবিল মহানগৰী
এজাক বৰষুণতে ডুবিল মহানগৰী

 

গুৱাহাটী

এজাক বৰষুণতে ডুবিল মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। পুৱাৰ বৰষুণজাকৰ পাছতে বিপৰ্যস্ত হৈছে গুৱাহাটীৰ জনজীৱন। মহানগৰীৰ ভিন্নপ্ৰান্তত একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে।

পুনৰ উন্মোচিত হল স্মাৰ্ট মহানগৰীৰ প্ৰকৃত স্বৰূপ। উন্নয়নৰ ঢাক-ঢোলৰ বিপৰীত ছবি প্ৰতিফলিত হৈছ মহানগৰীত। ছাৰ্ভে, চানমাৰী, যোৰাবাট আদিত ভয়ংকৰ কৃত্ৰিম বান। 

উল্লেখযোগ্য যে, আজি বিয়লিলৈ পুনৰ মহানগৰীত বৰষুণৰ সম্ভাৱনা। প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত বলিব পাৰে বতাহ। বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মহানগৰ জিলাত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।