অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি, ৭.২১ লাখতকৈও অধিক লোক এতিয়াও প্ৰভাৱিত

Story by  atv | Posted by  [email protected] • 8 h ago
অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি, ৭.২১ লাখতকৈও অধিক লোক এতিয়াও প্ৰভাৱিত
অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি, ৭.২১ লাখতকৈও অধিক লোক এতিয়াও প্ৰভাৱিত
 
গুৱাহাটী
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, ২৩ জুলাইত অসমৰ বান পৰিস্থিতি অধিক অৱনতি ঘটে। আন ৬ জন লোকৰ মৃত্যুৰ খবৰ অহাৰ পিছত এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পায়। ইফালে ১১ খন জিলাত বানপানীৰ দ্বাৰা প্ৰভাৱিত লোকৰ সংখ্যা ৭.২১ লাখতকৈও অধিক হৈ পৰে।
 
বিগত ২৪ ঘণ্টাত শিৱসাগৰত চাৰিজন আৰু চৰাইদেউত দুজন লোকৰ মৃত্যু হৈছে।
 
ASDMA-ই জনোৱা মতে, গোলাঘাট, হোজাই, কামৰূপ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, কামৰূপ (মহানগৰ), কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাৰ ৩৭ টা ৰাজহ চক্ৰ আৰু ৮৮৩ খন গাঁৱৰ ৭.২১ লাখৰো অধিক লোক বানৰ কৱলত পৰিছে।
 
শিৱসাগৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত প্ৰায় ৩.৭৫ লাখ লোক প্ৰভাৱিত হৈছে। ইয়াৰ পিছতে চৰাইদেউত ১.৮৬ লাখ আৰু যোৰহাটত প্ৰায় ১.১৫ লাখ লোক প্ৰভাৱিত হৈছে। বুধবাৰে ১০ খন জিলাৰ ৬.৪৩ লাখ লোক বানত প্ৰভাৱিত হৈ আছিল।
 
বৰ্তমান মুঠ ১০৩ টা ৰিলিফ কেম্পত ২৪,১২৪ জন গৃহহীন লোকে আশ্ৰয় লৈ আছে, আনহাতে দুৰ্গতিগ্ৰস্তসকলক সহায় কৰিবলৈ ২৫৫ টা ৰিলিফ ডিষ্ট্ৰিবিউচন চেণ্টাৰ স্থাপন কৰা হৈছে।
 
বানপানীয়ে ২৫,৩৭৫.৪৪ হেক্টৰ কৃষিভূমিও পানীত ডুবাই পেলাইছে, যাৰ ফলত খেতি-বাতিৰ ব্যাপক ক্ষতি হৈছে।
 
ৰাজ্যখনৰ সৰহসংখ্যক অঞ্চলতে ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ বাবে কেইবাখনো প্ৰধান নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে, যিয়ে উদ্বেগ বঢ়াই তুলিছে। বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহ হ’ল— ডিব্ৰুগড়ৰ খোৱাংস্থিত বুঢ়ীদিহিং, শিৱসাগৰৰ জাঁজী, শিৱসাগৰৰ নাংলামুৰাঘাটস্থিত দিচাং, গোলাঘাটৰ নুুমলীগড়স্থিত ধনশিৰি আৰু শ্ৰীভূমিৰ কুশিয়াৰা নদী।
 
বান পৰিস্থিতি সংকটজনক হৈ থকাৰ মাজতে কৰ্তৃপক্ষই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আন্তঃগাঁথনিৰ ক্ষতিসাধন হোৱাৰ কথাও প্ৰকাশ কৰিছে।
 
ইফালে কালি সন্ধিয়া হোৱা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি কৰে। পূৰ্বতে নোহোৱা বহু ঠাইত কৃত্ৰিম বান হোৱা দেখা গৈছে। ৰাষ্ট্রীয় ঘাইপথত এককাল পৰ্যন্ত পানী হৈছে। গণেশগুৰি, হাটীগাঁও, ভেটাপাৰা, লালমাটি, বেহৰবাৰী, বৰাগাঁও, ছয়মাইল, বেলতলা, জু-ৰোড, ৰুক্মিণীগাঁও সকলোতে পানী। আৰু এই কৃত্ৰিম বানৰ ফলত গোটেই নিশা যান-যটৰ সৃষ্টি হৈছে। বহু মানুহৰ ঘৰতো পানী সোমাইছে যদিও এই বানত কোনো লোকৰ ক্ষতি হোৱা খবৰ অহা নাই।