গুৱাহাটী
উজনি অসমৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ’বলৈ ধৰিছে ৷ অৱশ্যে এতিয়াও চাৰিখন জিলাত প্ৰায় ৩২ হাজাৰ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। সোমবাৰে বানৰ ফলত এজন লোকৰ মৃত্যু ঘটা বুলি তথ্য পোৱা গৈছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি শিৱসাগৰ জিলাত বানত এজন লোক উটি যোৱাৰ ফলত বৰ্তমানলৈকে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পাইছে।
গোলাঘাট, যোৰহাট, নগাঁও আৰু শিৱসাগৰ জিলাত ৩১,৯০০ ৰো অধিক লোক বানত আক্ৰান্ত হৈ আছে বুলি কৰ্তৃপক্ষই শেহতীয়া তথ্যত প্ৰকাশ কৰিছে। নগাঁও জিলাত প্ৰায় ২০ হাজাৰ লোকৰ ক্ষতিগ্ৰস্ত হৈ থকাৰ বিপৰীতে যোৰহাটত ৫ হাজাৰৰো অধিক লোক আৰু শিৱসাগৰ ৪৫০০ৰো অধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে৷
দেওবাৰৰ তুলনাত বান পৰিস্থিতিৰ উন্নতি ঘটিছে৷ দেওবাৰে পাঁচখন জিলাৰ প্ৰায় ৫২ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈ আছিল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে প্ৰশাসনে চাৰিখন জিলাত ১৫ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি আছে। বৰ্তমান সাহায্য শিবিৰত প্ৰায় ২,৭৮২ জন ক্ষতিগ্ৰস্ত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে।
সম্প্ৰতি ১৪৭ খন গাঁও পানীৰ তলত থকাৰ লগতে সমগ্ৰ অসমতে ৩,১৯৮.৭৭ হেক্টৰ শস্যৰ ক্ষতিসাধন হৈছে বুলি বুলেটিনত উল্লেখ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত বানপানীৰ ফলত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। লগতে বানৰ ফলত সমগ্ৰ অসমতে ১৬,৩২৩ টা ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত হৈছে বুলিও প্ৰতিবেদনত লগতে কোৱা হৈছে।
ইফালে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাত চৰকাৰে আগবঢ়োৱা সাহায্যৰ এক খতিয়ান সোমবাৰে মুখ্যমন্ত্ৰীয়ে দাঙি ধৰে৷ তেওঁ কয়, ‘‘বান প্রভাৱিত এই কঠিন সময়ত ঘৰ-বাৰী, খেতি-পথাৰ, জীৱিকা হেৰুৱাই অসহায় হৈ পৰা প্ৰতিটো পৰিয়ালৰ কাষত আমি আছো। এই সময় বান প্ৰভাৱিত প্ৰতিজন লোকৰ কাষত থিয় দিয়াৰ সময়। আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়ালৈকে ৯৬,৮৪২টা পৰিয়াললৈ ১৫,০০০ টকাকৈ মুঠ ১৪৬.২৬ কোটি টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। এই দুৰ্যোগৰ সময়ত আপোনালোক অকলশৰীয়া নহয়। অসম চৰকাৰ আপোনালোকৰ কাষত আছে-- আজিও, কাইলৈও, এই কঠিন সময় পাৰ নোহোৱালৈকে।’’
আনহাতে বানত শৈক্ষিক নথি-পত্ৰ নষ্ট হোৱা সকলৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘শেহতীয়া বানে নষ্ট কৰা ৰেচন-আধাৰ কাৰ্ডৰ উপৰি শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বীট আদিৰো বিনামূলীয়া প্ৰতিলিপিৰ ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ। জনসাধাৰণৰ সুবিধা আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ সুৰক্ষিত ৰখাই আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ।’’