ডিব্ৰুগড়ত ১১৮ কোটি টকা ব্যয়েৰে সামুদ্ৰিক দক্ষতা স্থাপন কৰিব কেন্দ্ৰীয় চৰকৰে

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে সশক্তিকৰণৰ এক বৃহৎ পদক্ষেপ হিচাপে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে ডিব্ৰুগড়ত এক অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্র স্থাপন কৰিব। এই পদক্ষেপ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰৰ সামুদ্রিক অমৃতকাল দৃষ্টিভংগী ২০৪৭ৰ সৈতে সংগতি ৰাখি ৰূপায়িত হ'ব।
 
চলিত লোকসভাৰ বর্ষাকালীন অধিৱেশনত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে এই কথা প্রকাশ কৰে। তেওঁ কয় যে ১৮৮ কোটি টকাৰ বাজেট ব্যয়েৰে স্থাপন হ'বলগীয়া এই কেন্দ্রটোরে স্মার্ট মেৰিন নেভিগেচন প্রণালী, ইঞ্জিনীয়াৰিং, তথ্য-প্রযুক্তি, লজিষ্টিকছ আৰু অন্যান্য অত্যাধুনিক ক্ষেত্রত উন্নত প্রশিক্ষণ প্রদান কৰিব।
 
ইয়াৰ উপৰি, ৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰাখি অন্তর্দেশীয় জলপথ পৰিচালনা আৰু সামুদ্রিক সুৰক্ষামূলক পাঠ্যক্রমো আগবঢ়াব। এই প্রকল্প ১৯ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। নতুন কেন্দ্ৰটোৱে গুৱাহাটীত ইতিমধ্যে থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিপূৰক হিচাপে কাম কৰিব, যিটো ইতিমধ্যে অন্তর্দেশীয় জাহাজ পৰিচালনা সাধাৰণ উদ্দেশ্যৰ ৰেটিং (জি পি আৰ), আতিথ্য, সুৰক্ষা আৰু কৰ্মচাৰী পৰিচালনাৰ প্ৰশিক্ষণ প্রদান কৰি আহিছে। এই দুয়োটা কেন্দ্রই একেলগে সমগ্ৰ দেশৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ যুৱক-যুৱতীৰ সামুদ্রিক পেছাদাৰী হোৱাৰ আকাংক্ষা ত্বৰান্বিত কৰিব।
 
'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলক এতিয়া দেশৰ দূৰৱৰ্তী কোণ হিচাপে নহয়, বৃদ্ধি আৰু সংযোগৰ দুৱাৰমুখ হিচাপে বিবেচনা কৰা হৈছে। ডিব্ৰুগড়ত এই নতুন উৎকর্ষতা কেন্দ্রই আমাৰ যুৱক-যুৱতীসকলৰ অফুৰন্ত সুযোগ-সম্ভাৱনা ত্বৰান্বিত কৰিব আৰু তেওঁলোকক বিশ্বমানৰ সামুদ্রিক দক্ষতাৰে সজ্জিত কৰিব।'-সোনোৱালে কয়।
 
কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই পদক্ষেপে কেৱল নিয়োগ বৃদ্ধি কৰাই নহয়, ভাৰতৰ অন্তর্দেশীয় জল পৰিবহণ অর্থনীতিতো অৰিহণা যোগাব। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ, গুজৰাটক সামুদ্রিক নগৰী হিচাপে বিকশিত কৰা হ'ব, য'ত পৰিবেশ-পৰ্যটন, জাহাজ আৰু সামুদ্রিক বিমান মেৰামতি, সামুদ্রিক প্রশিক্ষণ, মুক্ত বাণিজ্য অঞ্চল আৰু বাংকাৰিং টার্মিনেলৰ সুবিধা থাকিব। এই প্ৰকল্পৰ পৰা ৫০,০০০ ৰো অধিক প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি হ'ব। যাৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ এই কেন্দ্ৰসমূহৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষ সামুদ্রিক প্রতিভাসমূহে নিয়োগৰ সুযোগ লাভ কৰিব। 
 
কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোনোৱালে কয়- 'আমি একেলগে মানৱ সম্পদ আৰু আন্তঃগাঁথনিত বিনিয়োগ কৰি আছো। এই পদক্ষেপে ব্ৰহ্মপুত্ৰৰ জৰিয়তে নতুন অর্থনৈতিক পথ মুকলি কৰিব আৰু এই সমগ্র অঞ্চলক ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক সামুদ্রিক নেটৱৰ্কৰ সৈতে সংযোগ কৰিব।'