উৎকট গৰমে জুৰুলা কৰিব মহানগৰীবাসীক

Story by  atv | Posted by  [email protected] • 1 h ago
উৎকট গৰমে জুৰুলা কৰিব মহানগৰীবাসীক
উৎকট গৰমে জুৰুলা কৰিব মহানগৰীবাসীক
 
গুৱাহাটী
 
এতিয়া উৎকট গৰমে দহিছে দেশৰ ভিন্ন প্ৰান্ত। বিগত কেইবামাহ ধৰি কেইবাখনো ৰাজ্যত অনাবৃষ্টি দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে মায়ানগৰী মুম্বাইবাসীৰ বাবে এটা বেয়া খবৰ। IMDৰ তথ্য অনুসৰি, অনাগত দিনত মহাৰাষ্ট্ৰৰ কিছু অঞ্চলত তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব পাৰে।
 
অৱশ্যে, তাৰমাজতে পাতলীয়া বৰষুণৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, থাণে, মুম্বাই, ৰায়গড় আৰু ৰত্নাগিৰি জিলাত আজি গৰমৰ মাত্ৰা বৃদ্ধি হব। দুপৰীয়াৰ সময়ত কিছু অংশত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। আনহাতে, মাৰাঠৱাড়া অঞ্চলত তীব্ৰ গৰমৰ বাবে ছত্ৰপতি সম্ভাজীনগৰ, জলনা আৰু বীড জিলাত Yellow Alert জাৰি কৰা হৈছে।
 
অৱশ্যে, পৰভনী, হিংগোলি, লাতুৰ আৰু ধাৰাশিৱ জিলাত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নান্দেড আৰু ভাণ্ডাৰা জিলাত বজ্ৰপাত আৰু বৰষুণ হোৱাৰ আশংকাত Yellow Alert জাৰি কৰা হৈছে।
 
আনহাতে, আকোলা, অমৰাৱতী আৰু ৱাৰ্ধা জিলাত Heat Wave চলাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে ভাণ্ডাৰা, গড়চিৰৌলি, গণ্ডিয়া, নাগপুৰ, যৱতমাল আৰু ৱাৰ্ধা জিলাতো Yellow Alert জাৰি কৰা হৈছে।
 
ইফালে, সাধাৰণ লোকক প্ৰচণ্ড গৰমৰ সময়ত প্ৰয়োজন নহ’লে বাহিৰলৈ নোলাবলৈ আৰু পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।