১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আয়কৰ আইন, ২০২৫

Story by  atv | Posted by  [email protected] • 10 h ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আয়কৰ আইন, ২০২৫
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আয়কৰ আইন, ২০২৫
 
নতুন দিল্লী
 
আগন্তুক ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আয়কৰ আইন,২০২৫। এই সন্দৰ্ভত নিয়ম আৰু কৰ ৰিটাৰ্ণৰ প্ৰ-পত্ৰ অতি শীঘ্ৰেই অৱগত কৰা হ’ব বুলি ঘোষণা কৰিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেওবাৰে লোকসভাত বাজেট ভাষণৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে।
 
বিত্তমন্ত্ৰী সীতাৰমণে ঘোষণা কৰা অনুসৰি ছয় দশক পুৰণি কৰ আইনখনৰ পৰিৱৰ্তে আয়কৰ আইন, ২০২৫ অহা ১ এপ্ৰিলৰ পৰা বলবৎ হ’ব। উল্লেখযোগ্য যে, ২০২৬-২৭ চনৰ বাজেটত কৰ আইনত কৰা পৰিৱৰ্তনসমূহ এই নতুন আইনখনত অন্তৰ্ভুক্ত কৰা হ’ব।
 
লোকসভাত বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমণে কয়, "এই (প্ৰত্যক্ষ কৰ সংহিতা) অভিলেখ সময়ত সম্পূৰ্ণ কৰা হৈছে আৰু আয়কৰ আইন ২০২৫ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। সৰলীকৃত আয়কৰ নিয়ম আৰু প্ৰ-পত্ৰসমূহ অতি শীঘ্ৰে অৱগত কৰা হ'ব। ফলত কৰদাতাসকলে কোনো সমস্য়াৰ সন্মুখীন নোহোৱাকৈ প্ৰয়োজন অনুসৰি পৰ্যাপ্ত সময় লাভ কৰিব।"
 
সাধাৰণ নাগৰিকে অসুবিধা নোহোৱাকৈ মানি চলিব পৰাকৈ প্ৰ-পত্ৰসমূহ নতুনকৈ ডিজাইন কৰা হৈছে বুলিও তেওঁ লগতে কয়। ২০২৫ চনৰ আই টি আইন ৰাজহ প্ৰয়োগ আৰু কৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। ই কেৱল প্ৰত্যক্ষ কৰ আইনক বুজিবলৈ সহজ কৰিছে, অস্পষ্টতা আঁতৰ কৰা হৈছে আৰু তাৰ ফলত গোচৰৰ পৰিসৰ হ্ৰাস পাইছে। ১৯৬১ চনৰ আয়কৰ আইনখনৰ তুলনাত ইয়াৰ পাঠ্যৰ পৰিমাণ আৰু ধাৰা প্ৰায় ৫০ শতাংশ হ্ৰাস পোৱা বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী সীতাৰমণে।
 
এই নতুন কৰ আইনখনে মূল্যায়ন বৰ্ষ আৰু পূৰ্বৰ বছৰৰ মাজৰ পাৰ্থক্য আঁতৰাই কৰ সময়সীমা সৰল কৰিছে, ইয়াৰ পৰিৱৰ্তে একক 'কৰ বৰ্ষ'ৰ কাঠামো স্থাপন কৰিছে। ইয়াৰ উপৰি কৰদাতাসকলে সময়সীমাৰ পিছত আইটিআৰ দাখিল কৰিলেও টিডিএছ ৰিফাণ্ড দাবী কৰিব পাৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ শাস্তিমূলক জৰিমনা নোহোৱাকৈ এই কাৰ্য সম্পন্ন কৰিব পাৰিব বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে।