নতুন দিল্লী
ওড়িশাৰ পুৰীত আৰম্ভ হৈছে ভগৱান জগন্নাথৰ ৰথযাত্ৰা। সমগ্ৰ দেশৰ লগতে বিশ্বৰ লাখ লাখ ভক্তই এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। পুৰী ৰথযাত্ৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভগৱান জগন্নাথৰ এই ৰথযাত্ৰাক হিন্দু ধৰ্মৰ অন্যতম বৃহৎ আৰু প্ৰাচীন ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয়।
প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তই পুৰীত এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত ভগৱান জগন্নাথে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ সৈতে মন্দিৰৰ পৰা ওলাই আহি তেওঁৰ ভক্তসকলক দৰ্শন দিয়ে। এই মুহূৰ্তটো অলৌকিক, আচৰিত আৰু আৱেগিক।
জগন্নাথ মন্দিৰ প্ৰশাসনে জগন্নাথ ৰথযাত্ৰাৰ বিশদ সূচী প্ৰকাশ কৰিছে। এই সূচী অনুসৰি মহাপ্ৰভু শ্ৰী জগন্নাথ, বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ পৰম্পৰাগত পাহান্দী পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হৈ নিশা ১২:৩০ বজালৈকে চলিব। ইয়াৰ লগতে মূল ৰথযাত্ৰা সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভ হ’ব।