গুৱাহাটী
লণ্ডনস্থিত বৃটীছ সংসদত ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰাৰ সুযোগ লাভ কৰিছে মাজুলীৰ ৰাজসত্ৰ আউনীআটী সত্ৰৰ ষষ্ঠদশ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে। এই অনুষ্ঠানত অংশ ল’বলৈ মঙলবাৰে তেওঁ গুৱাহাটীৰ পৰা ৰাওনা হ’ব লণ্ডন অভিমুখে।
মঙলবাৰে বিয়লি ৫ বজাত গুৱাহাটীৰ পৰা গৈ মুম্বাইত নিশাটো কটাই বুধবাৰে তেওঁ লণ্ডন অভিমুখে বিমানেৰে যাত্ৰা কৰিব। উল্লেখযোগ্য যে, বৃটিছ পাৰ্লিয়ামেণ্টত সত্ৰাধিকাৰ দেৱগোস্বামীয়ে বৈষ্ণৱ সংস্কৃতি আৰু জনজীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় প্ৰায় আধা ঘণ্টা সময় ধৰি এই ভাষণ প্ৰদান কৰিব।
উক্ত অনুষ্ঠানটো ১৭ জুন ২০২৬ত বৃটীছ সংসদ ভৱনৰ ১৫ নম্বৰ গৃহত অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে বৃটীছ সংসদ ভৱনত অসমৰ সত্ৰীয়া সংস্কৃতি সন্দৰ্ভত এই বক্তব্য প্ৰদানৰ লগতে সত্ৰীয়া কৃষ্টি- সংস্কৃতিৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে, অনুষ্ঠানটোত প্ৰায় ৬২ গৰাকী বৃটীছ সাংসদ উপস্থিত থাকিব। উক্ত অনুষ্ঠানটি ১৭ জুন ২০২৬ত লণ্ডনৰ সময় অনুসৰি বিয়লি ৬-০০ বজাৰ পৰা সন্ধিয়া ৮-০০ বজালৈ অনুষ্ঠিত হ’ব। লণ্ডনলৈ যোৱাৰ পূৰ্বে সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে জানিবলৈ দিয়ে যে, এয়া তেওঁৰ বাবে নহয়, ৰাজ্যবাসীৰ বাবে, সত্ৰীয়া সংস্কৃতি সাধনা কৰা সকলৰ বাবেও এক বিৰল স্বীকৃতি।