৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

Story by  atv | Posted by  [email protected] • 1 Months ago
৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং
৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং
 
গুৱাহাটী
 
আপুনি নলবাৰী, কামৰূপ গ্ৰাম্য, আদি ঠাইৰ পৰা গুৱাহাটীলৈ দৈনিক অহা-যোৱা কৰে। তেন্তে আগন্তুক ৫ দিনলৈ শৰাইঘাটৰ দলঙত ব্যপক যান-যঁতৰ সম্মুখীন হব। কিয়নো ৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং।
 
মেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হ'ব শৰাইঘাট দলঙখন। জিলা প্রশাসনৰ পৰা দলঙখন বন্ধ ৰখাৰ বাবে অনুমতি বিচাৰিছে ৰে’ল বিভাগে।
 
এই সময়ছোৱাত সকলোবোৰ গাড়ী নতুন শৰাইঘাট দলঙেৰে যাতায়াত কৰিব লাগিব। পূৰ্বতেও পুৰণি দলংখন বন্ধ কৰি থোৱাৰ ফলত ব্যপক যান-যঁতৰ সৃষ্টি হৈছিল।