গোৱাত আজি ৭৭ ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 19 h ago
গোৱাত ৭৭ ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে
গোৱাত ৭৭ ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে
 
আৱাজ-দ্য ভইচ/নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ গোৱা জিলাৰ শ্ৰী প্ৰতিষ্ঠান গোকৰ্ণ জীৱোত্তম মঠত ভগৱান ৰামৰ ৭৭ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰিব। মঠৰ প্ৰতিনিধিয়ে এই কথা জানিবলৈ দিয়ে।
 
মঠৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীনিবাস ডেম্পোৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩.৪৫ বজাত অনুষ্ঠানস্থলীত উপস্থিত হ'ব। মঠৰ চৌহদত এটা বিশেষ হেলীপেড নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৭৭ ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি উন্মোচন কৰিব বুলি তেওঁ কয়।
 
গোৱাৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী দিগম্বৰ কামতে কয় যে গুজৰাটৰ 'ষ্টেচ্যু অৱ ইউনিটী'ৰ ডিজাইন প্ৰস্তুত কৰা ভাস্কৰ্য শিল্পী ৰাম সূতাৰেই ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰিছে। তেওঁ কয় যে এই প্ৰতিমূৰ্তিটো বিশ্বৰ সৰ্বোচ্চ শ্ৰী ৰামৰ প্ৰতিমূৰ্তি হ'ব।
 
প্ৰধানমন্ত্ৰীয়ে জনসভাত ভাষণ দিয়াৰ পূৰ্বে মঠৰ মন্দিৰ দৰ্শন কৰিব বুলি ডেম্পোৱে জানিবলৈ দিয়ে। তেওঁ কয় যে গোৱাৰ ৰাজ্যপাল অশোক গজপতি ৰাজু, মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপাদ নাইক আৰু ৰাজ্যখনৰ কেবিনেট মন্ত্ৰীসকল অনুষ্ঠানত উপস্থিত থাকিব।