গুৱাহাটী
আজি মুকলি হ’ব গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন। বিয়লি ৫.১৫ বজাত মুকলি কৰিব উৰণ সেতুখন। মুকলিৰ পূৰ্বে ৰং-তুলিকাৰে আটক–ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে শ্ৰদ্ধাঞ্জলি উৰণ সেতু।
আজি মহাপঞ্চমীৰ দিনা বিয়লি মুকলি হ’ব গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেঁতু৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব সেঁতুখন৷ মহানগৰীৰ আন আন সেঁতুৰ তুলনাত পৃথক আৰু অনন্য হ’ব এই সেঁতুখন৷ নৱনিৰ্মিত সেঁতুখনত আছে কেতবোৰ বৈশিষ্ট্য৷
সেঁতুখন মুকলিৰ লগে লগে চানমাৰিৰ ফালৰপৰা গণেশগুৰি, নাৰেংগী, গীতানগৰ, নুনমাটি এই অঞ্চললৈ যোৱা যানজঁট প্ৰায় নোহোৱা হ’ব ৷ যাৰ বাবে এই অঞ্চলত আৰু বাহন তথা যাত্ৰীযে আৰু দুৰ্ভোগ ভুগিব নালাগে৷ নৱনিৰ্মিত সেঁতুখন মূলত তিনিলেনযুক্ত যদিও মাডাৰ টেৰেছা ৰোডত দুইলেনযুক্ত৷
সেঁতুখনৰ বাবদ মুঠ ব্যয় হৈছে ৩১৬ কোটি ১১ লাখ টকা৷ সেঁতুখনৰ ঠিকাদাৰ অনিল দাস৷ সেঁতুখন নিৰ্মাণৰ বাবে ৩০ মাহ সময় আছিল যদিও নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে অৰ্থাৎ ১৯ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছে৷ উৰণ সেঁতুখনৰ মুঠ দৈৰ্ঘ্য ২২৮৩ মিটাৰ, ইয়াৰ ৰাধাগোবিন্দ বৰুৱা পথৰ দৈৰ্ঘ্য হৈছে ১৯৭০ মিটাৰ আৰু মাডাৰ টেৰেছা পথৰ দৈৰ্ঘ্য হৈছে ৩১৩ মিটাৰ৷