মুন্নী বেগম / গুৱাহাটী
মাঘ বিহু অসমীয়াৰ বাবে কেৱল এটি উৎসৱ নহয়, ই উত্তৰ-পূৰ্বাঞ্চলীয় খাদ্য সংস্কৃতি, প্ৰাকৃতিক জ্ঞান আৰু জীৱনধাৰাৰ এক শক্তিশালী প্ৰতিফলন। মাঘ বিহুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত খাদ্যসমূহ ক্ৰমে পিঠা-পনা, লাড়ু, দৈ, কোমল চাউল, তিল, গুৰ, মাছ-মাংস আদি বহু সময়ত আমি পৰম্পৰা বা সোৱাদৰ দৃষ্টিৰে চাওঁ। কিন্তু গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় যে, মাঘ বিহুৰ এই খাদ্যসমূহ কেৱল উৎসৱৰ আনন্দৰ বাবে নহয়, বৰঞ্চ ই উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিবেশ, জলবায়ু আৰু শীতকালত মানৱ শৰীৰৰ প্ৰয়োজন অনুসৰি গঢ় লৈ উঠা এক বিজ্ঞানসন্মত খাদ্যব্যৱস্থা। যিবোৰ আজিৰ আধুনিক পুষ্টিবিজ্ঞান গৱেষণাৰ জৰিয়তে ব্যাখ্যা কৰা হৈছে, সেইবোৰ আমাৰ পূৰ্বপুৰুষসকলে প্ৰকৃতিৰ সৈতে বসবাস কৰি বহু আগতেই আয়ত্ত কৰিছিল।
ভোগালী বিহুৰ জলপান
উত্তৰ-পূৰ্বাঞ্চলত শীতকাল সাধাৰণতে আর্দ্ৰ আৰু ঠাণ্ডা। পাহাৰ আৰু সমভূমিৰ সংমিশ্ৰণে এই অঞ্চলত খাদ্যৰ প্ৰয়োজনো বেলেগ ধৰণৰ। শীতকালত মানৱ শৰীৰে নিজকে উষ্ণ কৰি ৰাখিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়। এই সময়ত শৰীৰৰ বিপাক প্ৰক্ৰিয়া কিছু পৰিমাণে লেহেমীয়া হয়, যদিও শক্তিৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। সেয়ে শীতকালীন খাদ্য হ’ব লাগে শক্তিদায়ক, সহজে হজম হোৱা আৰু শৰীৰক ভিতৰৰ পৰা উষ্ণতা যোগোৱা। মাঘ বিহুৰ খাদ্যসমূহ এই সকলো দিশতেই উপযুক্ত। চাউল পৰা প্ৰস্তুত পিঠা-পনা আৰু সান্দহ গুৰিয়ে শৰীৰক কাৰ্বহাইড্ৰেট যোগায়, যি তাৎক্ষণিক শক্তিৰ উৎস হিচাপে কাম কৰে।
মাঘ বিহুৰ খাদ্যত ফাৰ্মেণ্টেশ্বনৰ ব্যৱহাৰো বিশেষ গুৰুত্বপূৰ্ণ। অসমৰ দৈ আৰু কোমল চাউলৰ দৰে খাদ্য মেঘালয়াৰ তুংগ্ৰিম্বাই, মণিপুৰৰ ছোইবুম, নাগালেণ্ডৰ আখুনি, মিজোৰামৰ বেকাঙ আদি ফাৰ্মেণ্টেড খাদ্যৰ সৈতে একে ধাৰণাৰ অন্তৰ্গত। ফাৰ্মেণ্টেশ্বনৰ ফলত এইবোৰ খাদ্যত উপকাৰী বেক্টেৰিয়া সৃষ্টি হয়, যাক আধুনিক ভাষাত প্ৰ’বায়’টিক্স বুলি কোৱা হয়। এই প্ৰ’বায়’টিক্সে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে, হজম শক্তিশালী কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শীতকালত যেতিয়া চৰ্দি-কাহ, সংক্রমণ আদিৰ সম্ভাৱনা বেছি থাকে, তেতিয়া এনে খাদ্য অতি উপকাৰী বুলি গণ্য কৰা হয়। যিয়ে প্ৰমাণ কৰে যে, উত্তৰ-পূৰ্বাঞ্চলীয় সমাজে বহু আগতেই হজম আৰু ৰোগ প্ৰতিৰোধৰ গুৰুত্ব বুজি উঠিছিল।
বিহুৰ পিঠা-পনা বনোৱাত ব্যস্ত গাঁৱৰ মহিলা
মাঘ বিহুৰ খাদ্যত ব্যৱহৃত তিল উত্তৰ-পূৰ্বাঞ্চলীয় খাদ্য তালিকাত এক বিশেষ স্থান দখল কৰি আহিছে। কিয়নো তিলত প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ চর্বি, কেলচিয়াম, আইৰণ আৰু এণ্টিঅক্সিডেণ্ট থাকে। শীতকালত চর্বি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়, কিয়নো ই শৰীৰৰ তাপ ধৰি ৰাখিবলৈ সহায় কৰে। অসম, ত্ৰিপুৰা আৰু মিজোৰামৰ বহু জনগোষ্ঠীৰ খাদ্যত তিলৰ ব্যৱহাৰৰ প্ৰচলন আছে। তিলৰ লাড়ু বা তিলপিঠাই কেৱল সোৱাদেই নেদিয়ে, ই গাঁঠিৰ বিষ কমোৱা, হাড় মজবুত কৰা আৰু ছাল শুকান হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতো সহায় কৰে। এই গুণবোৰ আধুনিক পুষ্টিবিজ্ঞানেও উল্লেখ কৰি আহিছে। এই কাৰণেই শীতকালত তিলৰ পৰা প্ৰস্তুত খাদ্য খোৱাৰ পৰম্পৰা গঢ় লৈ উঠিছিল।
গুৰ মাঘ বিহুৰ খাদ্য তালিকাত অতি গুৰুত্ব বহন কৰি আহিছে। গুৰ কেৱল মিঠাইৰ বাবে ব্যৱহাৰ কৰা নহয়; ই প্ৰাকৃতিক শক্তিৰ এক উৎকৃষ্ট উৎস। গুৰত আইৰণ আৰু বিভিন্ন খনিজ পদাৰ্থ থাকে, যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে আৰু শৰীৰক সজীৱ কৰি ৰাখে। ঠাণ্ডা দিনত গুৰে শৰীৰক ভিতৰৰ পৰাই উষ্ণতা যোগায় বুলি বহু পুৰণি এক লোকবিশ্বাস আছে, আৰু এই বিশ্বাসৰ এক বৈজ্ঞানিক ভিত্তিও আছে।
বিহুৰ দিনৰ খাদ্য সম্ভাৰ
উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য তালিকাত মাছ আৰু মাংসৰ গুৰুত্ব অতি প্ৰাচীন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাছ, পাহাৰীয়া অঞ্চলৰ শুকান মাছ বা মাংস আদি সকলোবোৰ প্ৰ’টিন আৰু স্বাস্থ্যকৰ ফেটি এচিডৰ উৎস। মাঘ বিহুত মাছ-মাংসৰ ব্যৱহাৰ এই অঞ্চলৰ খাদ্যভিত্তিক অভিযোজনৰ অংশ। শীতকালত প্ৰ'টিনসমৃদ্ধ খাদ্য শৰীৰৰ বাবে অত্যন্ত জৰুৰী। প্ৰ'টিনে পেশী গঠন কৰে, শৰীৰৰ বাহিৰ বা ভিতৰুৱা আঘাত ধীৰে ধীৰে আৰোগ্য কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মাছত থকা ওমেগা-থ্ৰী ফেটি এচিডে হৃদযন্ত্ৰ সুস্থ ৰাখে আৰু শৰীৰৰ ভিতৰৰ প্ৰদাহ হ্ৰাস কৰে। শীতৰ সময়ত এইবোৰ খাদ্যই দীঘলীয়া সময় ধৰি শক্তি যোগায় আৰু শৰীৰক সক্ৰিয় কৰি ৰাখে।
মাঘ বিহুৰ অধিকাংশ খাদ্য গৰম বা সতেজকৈ ৰন্ধা হয়। বিজ্ঞান অনুসৰি শীতকালত গৰম খাদ্য হজম কৰাটো সহজ। গৰম খাদ্যই পাচনতন্ত্ৰ সক্ৰিয় কৰি ৰাখে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। মাঘ বিহুৰ জুইত বনোৱা পিঠা, গৰম ভাতৰ সৈতে দৈ খোৱা, সতেজকৈ ৰন্ধা মাছ-মাংস খোৱাৰ অভ্যাস শীতকালতৰ বাবে উপযোগী আৰু স্বাস্থ্যসন্মত। যিয়ে পাচনতন্ত্ৰ সক্ৰিয় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে, যি ঠাণ্ডা পৰিবেশত অতি প্ৰয়োজনীয়।
মাঘৰ বিহুৰ তিলৰ লাড়ু
এই সকলোবোৰ দিশে মাঘ বিহুৰ খাদ্য উত্তৰ-পূৰ্বাঞ্চলীয় ঋতুভিত্তিক আহাৰৰ এক উৎকৃষ্ট উদাহৰণ। যি খাদ্য সেই সময়ত প্ৰকৃতিকভাৱে সহজে পোৱা যায়, সেইবোৰেই স্বাস্থ্যৰ বাবে সৰ্বোত্তম বুলি গণ্য কৰা হয়। আধুনিক পুষ্টিবিজ্ঞানেও ঋতুভিত্তিক আহাৰ গ্ৰহণকেই সৰ্বোত্তম বুলি উল্লেখ কৰি আহিছে। আমাৰ পূৰ্বপুৰুষসকলে বিজ্ঞানৰ কথা একো নজনাকৈয়ো এই সত্য বুজি পাইছিল।
মাঘ বিহুৰ খাদ্য কেৱল উৎসৱৰ আনন্দ, ৰুচি বা পৰম্পৰাৰ বিষয় নহয়। ই উত্তৰ-পূৰ্বাঞ্চলীয় মানুহৰ প্ৰকৃতি-বোধ, খাদ্য আৰু বিজ্ঞানসন্মত চিন্তাৰ এক শক্তিশালী নিদৰ্শন। আজিৰ সময়ত যেতিয়া প্ৰচেছড আৰু অস্বাস্থ্যকৰ খাদ্যই সহজেই আমাৰ খাদ্য সংস্কৃতি দখল কৰি আহিছে, তেতিয়া মাঘ বিহুৰ খাদ্যই আমাক প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি সুস্থভাৱে জীয়াই থকাৰ এক মূল্যবান পাঠ শিকায়। এই খাদ্য সংস্কৃতি সংৰক্ষণ কৰা মানে কেৱল পৰম্পৰা ৰক্ষা কৰায়ে নহয়, বৰঞ্চ ই উত্তৰ-পূৰ্বাঞ্চলীয় পৰিচয় আৰু স্বাস্থ্য উভয়কেই সুৰক্ষা প্ৰদান কৰা।