মুন্নী বেগম/গুৱাহাটী
মাঘ বিহুৰ কথা আহিলে উৰুকাৰ নিশাই স্বাভাৱিকভাৱে বিশেষ গুৰুত্ব লাভ কৰে। এই নিশা সাধাৰণতে সুস্বাদু খাদ্য, ভোজ, হাঁহ-মুৰ্গী বা পিঠা-পনা আদিক লৈ আলোচনা কৰা হয়। কিন্তু উৰুকাৰ নিশাৰ এক গভীৰ আৰু প্ৰায় উপেক্ষিত হৈ ৰোৱা দিশ হৈছে মানসিক স্বাস্থ্যৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক। আধুনিক যুগত যাক আমি মানসিক শান্তি, মানসিক সংযোগ, নিঃসঙ্গতাৰ পৰা মুক্তি আদি বুলি কওঁ, সেই সকলোবোৰ উপাদান উৰুকাৰ নিশাত প্ৰাচীন কালৰে পৰা স্বাভাৱিকভাৱে উপস্থিত আছিল।
পূৰ্বে অসমৰ গাঁওসমূহত উৰুকাৰ নিশা মানে আছিল একেলগে উজাগৰি থকা এটি নিশা। কৃষিভিত্তিক সমাজত এই সময়খিনি কেৱল আনন্দৰ বাবেই নহয়, ই সুৰক্ষাৰ বাবেও অতি গুৰুত্বপূৰ্ণ আছিল। ফচল চপোৱাৰ পাছত পথাৰৰ ওচৰত সজা ভেলাঘৰত উজাগৰি থাকি মানুহে একেলগে সময় কটাইছিল। এই একেলগে উজাগৰি থকা অভ্যাসে মানুহৰ মাজত গভীৰ সামাজিক বন্ধন সৃষ্টি কৰিছিল। মনোবিজ্ঞানৰ ভাষাত ক'ব গ'লে, এইটো আছিল এক ধৰণৰ 'collective emotional sharing', যিয়ে মানসিক চাপ হ্ৰাস কৰে আৰু মানুহক নিঃসঙ্গ অনুভৱৰ পৰা মুক্ত কৰে।
উৰুকাৰ নিশা একেলগে উজাগৰি থাকি জুইৰ উম লোৱা এক দৃশ্য
উৰুকাৰ নিশাত বয়স, লিংগ বা সামাজিক স্থিতিৰ কোনো ভেদা-ভেদ নাছিল। বৃদ্ধ, ডেকা-গাভৰু, শিশু সকলোৱে একেলগে জুইৰ কাষত বহি বিভিন্ন বিষয়ত কথা পাতিছিল। কোনোবাই নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে কৈছিল যদি, আন কোনোৱে আকৌ কৌতুক, লোককথা বা গীত গাই পৰিবেশটো আনন্দময় কৰি তুলিছিল। এই কথা-বতৰাবোৰ কেৱল মাত্ৰ বিনোদনৰ অংশ নাছিল; ই আছিল মানসিক চাপ হ্ৰাস কৰাৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। আজিৰ সময়ত বহু মানুহে যি নিঃসঙ্গতা আৰু কথা ক'ব নোৱাৰাৰ যন্ত্ৰণা অনুভৱ কৰে, উৰুকাৰ নিশাই সেই অভাৱ পূৰণ কৰিছিল।
জুইৰ কাষত বহি থকাৰ অভিজ্ঞতাই নিজেই মানসিক আৰাম দিয়ে। জুইৰ তাপ, জ্বলন্ত কাঠৰ শব্দ আৰু নিশাৰ নীৰৱতা আদি সকলো মিলি মানুহৰ মনত এক ধৰণৰ স্থিৰতা আনে। আধুনিক গৱেষণাতো প্ৰমাণ হৈছে যে, প্ৰাকৃতিক উপাদান যেনে জুই, পানী বা মুকলি আকাশৰ সৈতে সময় কটালে উদ্বেগ আৰু মানসিক অস্থিৰতা হ্ৰাস পায়। উৰুকাৰ নিশা আছিল এনে এক প্ৰাকৃতিক থেৰাপীৰ সময়, যাক কোনো নাম দিয়া হোৱা নাছিল যদিও ইয়াৰ প্ৰভাৱ আছিল অতি গভীৰ।
উৰুকাৰ নিশাত কৰা ৰন্ধা-বঢ়াৰ প্ৰক্ৰিয়াও মানসিক স্বাস্থ্যৰ সৈতে গভীৰভাৱে জড়িত। একেলগে কাম কৰা, দায়িত্ব ভাগ-বতৰা কৰা আৰু সহযোগিতাৰে ৰান্ধা আদি সকলোবোৰে মানুহক নিজৰ প্রয়োজনীয়তা অনুভৱ কৰোৱায়। বহু সময়ত মানসিক সমস্যাৰ মূল কাৰণ হয় 'মই একো কামৰ যোগ্য নহয়' বুলি ভাবা মনোভাৱটো। উৰুকাৰ নিশাত প্ৰতিজন মানুহে কাঠ যোগান ধৰা, ৰান্ধা, পানী অনা, পাহৰা দিয়া আদিকে ধৰি কিবা নহয় কিবা দায়িত্ব লবলগীয়া হৈছিল। এই অংশগ্ৰহণৰ অনুভূতিয়ে প্ৰতিজন ব্যক্তিৰ নিজৰ দৃষ্টিত আত্মসন্মান বৃদ্ধি কৰিছিল।
উৰুকাৰ নিশা ভোজৰ বাবে ৰন্ধা মাংস আৰু চুঙাপিঠা
উৰুকাৰ নিশাৰ হাঁহি-ধেমালি মানসিক স্বাস্থ্যৰ বাবে আটাইতকৈ শক্তিশালী উপাদান আছিল। কৌতুক, ধেমালি, গীত বা খেলৰ মাজেৰে এক আনন্দময় পৰিবেশ সৃষ্টি হৈছিল। হাঁহি কেৱল আনন্দৰ প্ৰকাশ নহয়; ই মানসিক চাপ হ্ৰাস কৰে আৰু শৰীৰত আনন্দৰ হৰমন নিঃসৰণত সহায় কৰে। আজিৰ সময়ত যেতিয়া মানসিক স্বাস্থ্যক লৈ বহু সচেতনতা অভিযান চলাই থকা হৈছে, তেনে সময়ত এই স্বাভাৱিক হাঁহিৰ সংস্কৃতিৰ মূল্য আৰু অধিক বুজিব লাগে।
উৰুকাৰ নিশাৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল 'নিঃশব্দ চিকিৎসা'। য'ত সকলোৱে কথা কব লাগিব বুলি বাধ্যতামূলক নাছিল। কোনোবাই নীৰৱে বহি থাকিলেও তেওঁ একেলগে থকাৰ অনুভূতি লাভ কৰিছিল। আধুনিক মনোবিজ্ঞানত ইয়াক 'silent companionship' বুলি কোৱা হয়। য’ত কথা নক’লেও উপস্থিতিয়ে মানুহক মানসিক নিৰাপত্তা প্ৰদান কৰে।
এই নিশাত এক প্ৰকাৰৰ মানসিক সমতাও বজাই ৰখা হৈছিল। ধনী-দুখীয়া সকলোৱে একেলগে জুইৰ কাষত বহিছিল। দৈনন্দিন জীৱনত সামাজিক মৰ্যাদাই য'ত মানুহৰ মাজত দূৰত্ব সৃষ্টি কৰে, উৰুকাৰ নিশাই সেই প্ৰাচীৰ ভাঙি পেলাইছিল। এই সমতাৰ অনুভৱে হীনমন্যতা আৰু আত্মগ্লানি হ্ৰাস কৰিছিল, যিবোৰ বহু মানসিক সমস্যাৰ মূল কাৰণ।
প্ৰতিনিধিত্বমূলক ছবি
উৰুকাৰ নিশাটো আনন্দৰ উৎসৱ হ’লেও ই শোক আৰু দুখ ভাগ-বতৰা কৰাৰ এক নীৰৱ মঞ্চো আছিল। কোনোবাই নিজৰ দুখ প্ৰত্যক্ষভাৱে নক’লেও আনৰ কথাৰ মাজত নিজকে বিচাৰি পাইছিল। 'মোৰ দৰে আনেও কষ্ট পাইছে' বুলি অনুভৱে মানুহক মানসিকভাৱে শক্তিশালী কৰি তুলিছিল। আধুনিক সমাজত যাক আমি 'support group' বুলিও কওঁ, উৰুকাৰ নিশা আছিল তাৰ এক অন্য ৰূপ।
শিশুসকলৰ মানসিক বিকাশতো উৰুকাৰ নিশাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জ্যেষ্ঠজনৰ কথা শুনি তেওঁলোকে জীৱনৰ পাঠ শিকিছিল। ধৈৰ্য, সাহস, সহযোগিতা আৰু সামাজিক আচৰণ আয়ত্ত কৰিছিল। আজিৰ ডিজিটেল যুগত শিশুসকল বহু সময় মোবাইল স্ক্ৰিনত ব্যস্ত হৈ থাকে, কিন্তু উৰুকাৰ নিশাৰ দৰে সামাজিক পৰিবেশে তেওঁলোকক বাস্তৱ জীৱনৰ সৈতে সংযোগ কৰাত সহায় কৰিছিল।
অতি পৰিতাপৰ কথা এই যে, আধুনিক জীৱনশৈলীত উৰুকাৰ নিশাৰ এই মানসিক দিশ ক্ৰমে হেৰাই গৈছে। মোবাইল ফোন, সামাজিক মাধ্যম আৰু ব্যস্ততাৰ মাজত মানুহ শাৰীৰিকভাৱে একেলগে থাকিলেও মানসিকভাৱে বহু দূৰত থাকে। সম্প্ৰতি উৰুকাৰ নিশাটো কেৱল খোৱা-বোৱাৰ আনুষ্ঠানিকতালৈ সীমাবদ্ধ হৈ পৰিছে।
উৰুকাৰ নিশা পৰিয়ালৰ লোকে একেলগে বহি সময় অতিবাহিত কৰা এক দৃশ্য
তথাপিও উৰুকাৰ নিশাই আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে যে, মানসিক স্বাস্থ্যৰ যত্ন ল'বলৈ সদায় চিকিৎসালয় বা ঔষধেই একমাত্ৰ উপায় নহয়। একেলগে সময় কটোৱা, মন খুলী কথা পতা, নীৰৱে কাষতে বহা আৰু হাঁহি-ধেমালি কৰাটোও এক শক্তিশালী চিকিৎসা। যদি আমি উৰুকাৰ নিশাৰ এই গভীৰ মানৱীয় অৰ্থ বুজি ইয়াক আধুনিক প্ৰেক্ষাপটত পুনৰ জীয়াই তুলিব পাৰোঁ, তেন্তে ই কেৱল এটা উৎসৱ নহয়, ই মানসিক সুস্থতাৰ এক প্ৰাচীন অথচ সদায় প্ৰাসংগিক পথত পৰিণত হ'ব।