মহাপুৰুষ মাধৱদেৱৰ ভক্তিবাদ তত্ত্ব

Story by  atv | Posted by  [email protected] • 2 Years ago
মহাপুৰুষ মাধৱদেৱৰ প্ৰতিনিধিত্বমূলক ছবি
মহাপুৰুষ মাধৱদেৱৰ প্ৰতিনিধিত্বমূলক ছবি
পুলিন ডেকা

মধ্যযুগৰ ভাৰতীয় আধ্যাত্মিক জন-জীৱনক জোঁকাৰি যোৱা ভক্তিবাদ আন্দোলনে সৃষ্টি, চিন্তা আৰু মনন জগতত এক নতুন শৈলীৰ সূচনা কৰে। ভাৰতীয় সনাতন সভ্যতা আৰু সংস্কৃতিৰ পৰম্পৰাগত বিচাৰ ধাৰা অধিক গতিশীল কৰি তোলাৰ দিশত নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ প্ৰভাৱ অপৰিসীম। অসমত এই ভক্তিবাদ আন্দোলনৰ প্ৰাণ প্ৰতিষ্ঠাপক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। বেদ, উপনিষদৰ সাৰমৰ্মৰে এই ভক্তিবাদৰ প্ৰৱাহ বোঁৱাই দিয়াৰ দিশত মহাপুৰুষ মাধৱদেৱৰ ভূমিকা অপৰিসীম। 
 
মহাপুৰুষ মাধৱদেৱে একান্ত ভক্তি আৰু সাম্য ভাবৰ পৰমতত্ত্ব প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ বাবে কৃষ্ণ সংস্কৃতিক তুলি ধৰি আমাৰ আধ্যাত্মিক জীৱন ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰি গৈছে। হৰিনাম ধৰ্মৰ কীৰ্তন আৰু শ্ৰৱণে মূল সাৰমৰ্ম এই কথা মাধৱদেৱে এনেদৰে প্ৰকাশ কৰিছে—
 
হৰি-নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি।
হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি।
 
বৈষ্ণৱ কবিৰ লক্ষ্য আৰু সাধনা সম্পর্কক বিশিষ্ট সাহিত্যিক, ভাষা-সাহিত্যৰ বিশেষজ্ঞ ড° বাণীকান্ত কাকতিয়ে কৈছে—‘এই নতুন ধর্ম, নতুন সাধন-প্রণালী লিখা পঢ়া জনা পণ্ডিত মহলতে আবন্ধ নাৰাখি সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰাটোকেই পুৰণি কবিসকলে মহাব্ৰত বুলি ধৰি লৈছিল।' মাধৱদেৱৰ ভক্তি ধৰ্মৰ এক প্রধান বৈশিষ্ট্য হৈছে জাতি-বর্ণ, সম্প্রদায় নির্বিশেষে সকলো লোকৰ প্ৰতি সামাজিক স্বীকৃতি আৰু মৰ্যাদা দান। শংকৰদেৱৰ লেখীয়াকৈ মাধৱদেৱে অসমত বৈষ্ণৱ ধৰ্মৰ সংস্কাৰ সাধন কৰি এই ধৰ্মলৈ সকলো শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিব পৰাকৈ ইয়াক বেদ, উপনিষদ, গীতা, ভাগৱতৰ আদৰ্শক শুদ্ধ আৰু বহন ভেটিত প্ৰতিষ্ঠা কৰিলে। মহাপুৰুষ মাধৱদেৱৰ অন্যন্য কৃতী হৈছে নামঘোষা। প্রায় ১ হাজাৰ ঘোষাৰে গঠিত এই গ্ৰন্থখন হৈছে বৈষ্ণৱ আন্দোলনৰ অন্যতম এক সৃষ্টি। এই নামঘোষাৰ জৰিয়তে মাধৱদেৱে মুক্তিক উপেক্ষা কৰি ৰসময় ভকতিৰ বাবে শ্ৰৱণ কীৰ্তনকে সাৰোগত কৰি প্রেমময় ভক্তিভাৱৰ উৎকৃষ্ট নিদর্শন দেখুৱাইছে। ‘মাধৱদেৱৰ নামঘোষা ভক্তিতত্ব' শীর্ষক গ্ৰন্থত যোগেন্দ্ৰ নাথ দত্তই এইদৰে কৈছে— 'কৃষ্ণভক্তিৰ প্লাৱনত প্লাৱিত নামঘোষা। 
 
মাধৱদেৱৰ তিথি পালন কৰা দৃশ্য
 
এইদৰেই পৃষ্ঠাৰ পিচত পৃষ্ঠাজুৰি অব্যভিচাৰী শুদ্ধ, মুক্ত ভক্তিৰ মাহাত্ম্য বর্ণনা কৰা হৈছে নামঘোষাত। ভকত বৈষ্ণৱে উচ্চস্বৰে উচ্চাৰণ কৰি ইয়াৰ সাৰতত্ব আৰু মধুময় ৰসপাণ কৰি জীৱন ধন্য কৰিছে। ভক্তিয়ে চিত্ত শুদ্ধি কৰে, জ্ঞান উদয় হয়। এই ভক্তি-সাগৰৰ মাজেদি মনুষ্যই ইহ সংসাৰৰ পৰা বিদায় লয় আৰু মুক্তি লাভ কৰে। যিজন লোকৰ মুক্তিতে স্পৃহা নাই আৰু নিস্পৃহ হৈ ভগবানক আৰাধনা কৰে তেনে ভকতক মই নমস্কাৰ কৰোঁ। নামঘোষাৰ প্রথমফাকি ঘোষাতেই এইকথা স্পষ্টভাবে ফুটি উঠিছে আৰু মাধৱগুৰুৱে এনে মুক্তিকে প্রার্থনা কৰি সকলো লোভ, মোহ, ক্রোধ পৰিত্যাগ কৰি হৰিত শৰণ লৈছিল আৰু ভগবন্তই এনে ভক্তিত আপ্লুত হৈ যিজনে শৰণ ভিক্ষা কৰে, তেওঁকহে মনৰ কামনা পুৰণ কৰি চিৰমুক্তি প্ৰদান কৰে।
 
মহাপুৰুষ মাধৱদেৱে ৰসময় ভক্তি প্রকাশ কৰিবলৈ শান্ত, সাম্য, বাৎসল্য, সখিত্ব আৰু মুধৰ বা কান্তা ভাবৰ প্ৰকাশ কৰিছে। তেওঁ কৈছে যে সম্পূর্ণ বিষয় সুখ, লোভ, মোহ, কাম, ক্রোধ বিসর্জন দি ভক্তিসত নিমগ্ন হ'ব লাগে ধৰ্মৰ সাধনা কৰা ব্যক্তিয়েহে মুক্তিৰ কাম্য কৰিব পাৰে। ধৰ্ম, অর্থ, কাম, মোক্ষ আদি পুৰুষাৰ্থৰ প্ৰতি স্পৃহা নথকাৰ বিষয়টোও তেৰাই ব্যক্ত কৰিছে। কাম, ক্রোধ ত্যাগে হ'ল কৃষ্ণ ভক্তিৰ এক অপূর্ব নিদর্শন। সদায়ে একান্ত চিত্তে, নাম, গুণ, যশ, কীৰ্ত্তন কৰিহে পৰমাৰ্থ তত্ত্ব লাভ কৰিব পৰা যায় মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ ভক্তিতত্ত্বৰ আটাইতকৈ লক্ষণীয় বিষয় হৈছে ‘মুক্তিতো নিস্পৃহ’ভক্তিবাদ। 
 
বন্তি জ্বলাই উদযাপন কৰিছে পবিত্ৰ মাধৱদেৱৰ তিথি
 
নামঘোষাৰ মূল ভিত্তি হ'ল ভক্তি, ভক্তি প্রবর্ত্তক অমূল্য গ্রন্থ ভাগৱত আৰু গীতা। কৃষ্ণ ভক্তিয়ে যে সকলো সাৰ সেই কথা মহাপুৰুষগৰাকীয়ে দেখুৱাই গৈছে। তেৰাই দ্বাদশ স্কন্ধ ভাগৱতত ওঠৰ হাজাৰ শ্লোকত চাৰিটা তত্ত্বৰ নিৰ্ণয় কৰিছে। মাধৱদেৱৰ মৌলিক প্রতিভাৰ স্ফুরণ ঘটিছে শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যৰ ফলত। নামঘোষাৰ সেই অমৃত সদৃশ কাব্যশৈলীয়ে আজিও অসমীয়াৰ মন-প্রাণ ভগৱপ্ৰীতিত আপ্লুত কৰি ৰাখিছে।
 
মহাপুৰুষ মাধৱদেৱে নিজৰ জীৱন কালত ভক্তি ভাৱৰ প্ৰসাৰ সাধন কৰিবলৈ সৃষ্টিৰ চেতনাত প্ৰজ্ঞাৰ সাধনাৰে ব্ৰতী হৈছিল। মহাপুৰুষ মাধৱদেৱৰ ৰচিত ভাওনা, বৰগীতসমূহৰ মূল অন্তস্রোত হৈছে ভগৱান শ্রীকৃষ্ণ। মহাপুৰুষ গৰাকীৰ নাটৰ মাজেৰে শ্ৰীকৃষ্ণৰ প্ৰতি থকা ভক্তি ভাবৰ প্ৰাৱল্য প্রকাশ কৰিছে । অসমীয়া জনমানসত শিশু কৃষ্ণৰ যিখন চিত্র খোদিত হৈ আছে সেইখন অনুপম চিত্ৰৰ চিত্ৰকাৰ জনে হৈছে মহাপুৰুষ মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ নাটকীয় কলা-কৌশলৰ আৰ্হিত নাট ৰচনা কৰিলেও মাধৱদেৱৰ নাট্যৰীতি স্বকীয়তাৰে মণ্ডিত। সেইবাবে এই অপূৰ্ব নাট্যৰূপে মাধৱদেৱৰ কৃতিত্বক যুগমীয়া কৰি থৈ গ'ল। 
 
মাধৱদেৱৰ তিথিত নামঘৰৰ এক ভাললগা দৃশ্য
 
মাধৱদেৱৰ এই নাট্যৰূপক ঝুমুৰা হিচাপে চিহ্নিত কৰা হৈছে। মাধৱদেৱৰ 'চোৰধৰা', পিম্পৰা গুচোৱা’ আৰু ‘ভূমি লেটোৱা’ এই তিনিখন ঝুমুৰাৰ বিষয় বস্তু হৈছে শ্ৰীকৃষ্ণৰ নিষ্পাপ চৌর্য ক্রীড়া। এই ঝুমুৰা কেইখন তেৰাৰ অপূৰ্ব সৃষ্টি। এই নাটকীয় আবেদন অত্যন্ত মোহনীয়, গভীৰ আৰু ব্যাপক। শিশু কৃষ্ণক অতি মনোমোহা ৰূপত অংকন কৰাটো মাধৱদেৱৰ নাট্য শৈলীৰ অন্যতম কৃতিত্ব ।
 
বৰগীত হৈছে অসমীয়া সংস্কৃতিৰ অন্যতম প্রাণকেন্দ্ৰ। মহাপুৰুষ মাধৱদেৱে চাৰি প্ৰকাৰৰ গীত ৰচনা কৰিছিল। বৰগীত, ভটিমা, তোটয় আৰু চপয়। ভাব, বিষয় বস্তু, ৰচনা নীতিৰ বৈশিষ্ট্যও মন কৰিবলগীয়া। মাধৱদেৱৰ বৰগীতৰ প্ৰধান ৰস হৈছে ভক্তিৰস। এই ভক্তিৰস সংস্কৃতি আলংকাৰিকসকলে স্বীকৃতি দিয়া শান্ত ৰসৰে এক অভিব্যক্তি। শৃংগাৰ, অদ্ভুত, বীৰ, ভয়ানক, হাস্যৰসৰ অভিব্যক্তি ইয়াত থাকিলেও অন্তিম পর্যায়ত সকলো ৰসভক্তিলৈ পৰ্যবসিত হৈছে। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ প্ৰধান বিষয় হৈছে বিষ্ণুৰ মানৱীয় লীলা। কৃষ্ণ ইয়াৰ প্ৰধান চৰিত্ৰ। মাধৱদেৱৰ বৰগীতত বাৎসল্য ভাবৰ ভক্তি সাধনাৰ পথ লৈছে।
একশৰণ হৰি নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে এই বৰগীত সমূহ ৰচনা কৰিলেও ভাৰতীয় শাস্ত্রীয় মাৰ্গ দৰ্শনৰ এক অনুপম শৈলী বিৰাজমান। মাধৱদেৱৰ বৰগীতত কৃষ্ণ চৰিত্ৰ আধাৰিত গীতে প্রধান যদিও ৰামায়ণ আধাৰিত গীতো আছে। মাধৱদেৱে এই বৰগীতৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ প্ৰকাশ কৰিছে। শিশু কৃষ্ণৰ বৰ্ণনাই এই বৰগীত সমূহৰ মহত্ব অধিক বৃদ্ধি কৰিছে। মাধৱদেৱৰ বৰগীতত অনুভূতিৰ গাঢ়তা, ভক্ত হৃদয়ৰ আকুলতা সুন্দৰভাৱে প্ৰকাশ পাইছে। তেৰাৰ বৰগীতসমূহ লীলা, বিৰহ, পৰমাৰ্থ, বিৰক্তি, চৌৰ্য আৰু চল-চাতুলী এই ছয়টা ভাগত বিভক্ত কৰিব পৰা যায়। মাধৱগুৰুৰ লীলা প্রকাশক এই গীতবোৰ বৰ অনুপম। মাধৱদেৱৰ সৰহসংখ্যক গীত বাৎসল্য ভাবৰ যদিও কেইটামান দাস্যভাবৰো বৰগীত আছে। নৱবৈষ্ণৱ আন্দোলনক বিশেষ গতিধাৰা প্ৰদান কৰা মহাপুৰুষ মাধৱদেৱ বহুমুখী প্ৰতিভাৰ অধিকাৰী।
 
আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰে অসমীয়া মানুহৰ চৰিত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰি যায়। তেখেতৰ সৃষ্টিৰাজিয়ে মানুহৰ অন্তৰ্জীৱনক প্ৰভাৱিত কৰি আহিছে। তেৰাৰ সৃষ্টিৰাজিৰ এই মৌলিকতাই অসমীয়া সাহিত্য, সংস্কৃতিত এক নব্যধাৰাৰে লৈ গৈ অসমীয়া মানুহৰ ইতিহাসত যি এক চেতনাৰ উন্মেষ সাধন কৰি গ'ল সেয়া সকলোৰে বাবে অমূল্য সম্পদ আৰু বৈভৱ হৈ ৰ'ল। 
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন)