গুৱাহাটী
গঁড়ৰ খৰ্গৰ যে কোনো ঔষধি গুণ নাই, সেই কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি অন্ধবিশ্বাস দূৰ কৰাৰ উদ্দেশ্যেই আজিৰে পৰা পদ্ধতিগতভাৱে গঁড়ৰ খৰ্গৰ DNAৰ নমুনা সংগ্ৰহ কৰা কাম আৰম্ভ কৰিছে বন বিভাগে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে সংবাদ মাধ্যমক জানিব দিয়ামতে, ২০২১ চনৰ ২২ ছেপ্তেম্বৰত বিশ্ব গঁড় দিৱসৰ দিনা ৰাজ্যখনৰ বিভিন্ন মালখানাত জমা হৈ থকা ২,৪৭৯ টা গঁড়ৰ খৰ্গ বিভাগীয়ভাৱে দাহ কৰাৰ পূৰ্বে খৰ্গসমূহৰ এটা অংশ গৱেষণা কৰাৰ উদ্দেশ্যে কাজিৰঙাত সংগ্ৰহ কৰি ৰখা হৈছিল৷ তেতিয়াৰে পৰা সংৰক্ষণ কৰি ৰখা উক্ত গঁড়ৰ খৰ্গৰ অংশসমূহৰ আজিৰে পৰা পদ্ধতিগতভাৱে DNAৰ নমুনা সংগ্ৰহ কৰা কাম বন বিভাগে আৰম্ভ কৰিছে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনত থকা শতবৰ্ষ উদযাপন প্ৰেক্ষাগৃহত জিনীয় বিশেষজ্ঞ, পৰ্যবেক্ষকৰ উপস্থিতিত এই কাম আৰম্ভ কৰা হৈছে৷ বন সংমণ্ডল প্ৰাধিকাৰী ভিগনেছে কয়, "গঁড়ৰ খৰ্গৰ DNAৰ নমুনা সংগ্ৰহৰ পিছত সেইসমূহ ডেৰাডুনস্থিত Wildlife Institute of India লৈ প্ৰেৰণ কৰা হ’ব; য'ত দক্ষ বিশেষজ্ঞই DNAৰ তথ্য বিশ্লেষণ কৰি বিশেষ প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব৷"
তেওঁ লগতে কয়, "যাৰদ্বাৰা কেতিয়াবা যদি কোনো গঁড়ৰ খৰ্গ ধৰা পৰে, তেন্তে এই তথ্যৰ পৰা খৰ্গটো ক'ৰ সেই সন্দৰ্ভত তথ্য লাভ কৰিব পৰা যাব৷ এই প্ৰক্ৰিয়াই তদন্ত আৰু অনুসন্ধানত সহায় কৰাৰ লগতে বৈজ্ঞানিক গৱেষণা আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায় কৰিব৷"
ভিগনেছে লগতে উল্লেখ কৰে, "ৰাজ্যৰ বনবিভাগৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ সভাপতিত্বত Wildlife Institute of India আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আৰণ্যকৰ দুজন জিনীয় বিশেষজ্ঞ তথা চাৰিগৰাকী স্বতন্ত্ৰ পৰ্যবেক্ষকক লৈ গঠন কৰা সমিতিৰ তত্বাৱধানত বৃহস্পতিবাৰৰ পৰা এয়া আৰম্ভ হৈছে৷"
আনহাতে, জানিব পৰা মতে, অতি গুৰুত্বপূৰ্ণ এই কাম সম্পাদন কৰোতে বিশেষজ্ঞসকলে প্ৰতিটো পদক্ষেপ অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব লগা হৈছে৷ যাৰ বাবে দুহেজাৰতকৈ অধিক সংখ্যক গঁড়ৰ খৰ্গৰ DNAৰ নমুনা আহৰণ কৰিবলৈ কিছু দিনৰ প্ৰয়োজন হ’ব৷
বিশ্ব গঁড় দিৱসত মুখ্যমন্ত্ৰীক প্ৰতিকী খৰ্গ প্ৰদান (FB page, Kaziranga National Park) উল্লেখ্য যে, দাহ কৰা গঁড়ৰ খৰ্গৰ ভস্মৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত পোৱালিসহ তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল।