অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী  
 
অপাৰেচন সেন্দুৰৰ পিচত ভাৰতীয় সেনাবাহিনী ক্ৰমে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ বাবে ইলেক্ট্রনিক যুদ্ধ কৌশল ব্যৱস্থা, স্থলৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্রকে ধৰি অন্যান্য অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন জনাইছে প্রতিৰক্ষা আহৰণ পৰিষদে (ডিফেন্স একুইজিচন কাউন্সিল)। বৃহস্পতিবাৰে এই ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্র্যালয়ে।
 
প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত পৰিষদে ১০টা মূলধনী আহৰণ প্ৰস্তাৱত অনুমোদন জনায়। এই সমস্ত সমৰাস্ত্র ক্ৰয় কৰিব ভাৰতীয় কোম্পানীৰ পৰা। এই সমৰাস্ত্ৰৰ ভিতৰত বৰুণাস্ত্র টর্পেড', টি-৯০ টেংকৰ বাবে নতুন ইঞ্জিন, এয়াৰবর্ন আর্লি বার্নিং এণ্ড কন্ট্র'ল এয়াৰক্রাফ্ট ছিষ্টেম অন্যতম। 
 
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ ঘোষণামতে টি-৯০ টেংকৰ ইঞ্জিনৰ ক্ষমতা বৰ্তমানৰ ১০০০ এইচ পিৰ পৰা ১৩৫০ এইচ পিলৈ বৃদ্ধি কৰা হ'ব। বৰুণাস্ত্র টর্পেড' সম্পূর্ণৰূপে দেশত নির্মিত ছাবমেৰিন বিধ্বংসী টর্পেড'। উদ্ভাৱন কৰিছে নৌ বিজ্ঞান আৰু প্রযুক্তিগত লেবৰেটৰীয়ে। ভাৰতীয় প্ৰতিৰক্ষা বিভাগক অধিক যুদ্ধ সক্ষম কৰি তোলাৰ বাবে ২০২৫ বর্ষক 'সংস্কাৰৰ বর্ষ' হিচাপে ঘোষণা কৰা হৈছে। 
 
ইপিনে অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতৰ চুপাৰছনিক আকাশ ক্ষেপণাস্ত্রই দেখুওৱা চমৎকাৰৰ পিচত এই ক্ষেপণাস্ত্র ব্যৱস্থা ক্রয়ৰ বাবে আগ্রহ প্রকাশ কৰিছে ব্রাজিলে। বিদেশ মন্ত্র্যালয়ৰ সচিব (পূব) পি কুমাৰনে এই কথা জনোৱাৰ লগতে কয়- ব্রাজিলে আকাশ ক্ষেপণাস্ত্র ব্যৱস্থাৰ লগতে ভাৰতৰ উপকূল নিৰীক্ষণ ব্যৱস্থা, গৰুড় সমৰাস্ত্ৰ ক্ৰয়ৰ বাবে আগ্রহান্বিত হৈছে। 
 
প্রধানমন্ত্রী মোদীৰ ৫ জুলাইৰ পৰা ৮ জুলাই পর্যন্ত ব্রাজিল ভ্রমণৰ সময়ত ব্রাজিলে প্রতিৰক্ষা সহযোগিতা সন্দৰ্ভত গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত যুটীয়া গৱেষণা আৰু প্রশিক্ষণ সন্দর্ভতো চুক্তি স্বাক্ষৰৰ সম্ভাৱনা আছে বুলি কুমাৰনে জানিবলৈ দিয়ে।