নতুন দিল্লী
ভাৰতকে ধৰি ৬০ খন দেশৰ ওপৰত পুনৰ শুল্ক জাপিলে আমেৰিকাই। বন্ধোৱা শ্ৰমিকৰ প্ৰসংগত ট্ৰাম্প প্ৰশাসনৰ শেহতীয়া সিদ্ধান্ত লোৱা হয়। ১০ৰ পৰা ১২.৫ শতাংশ কৰ আৰোপ আমেৰিকাই আমদানি কৰা সামগ্ৰীৰ ওপৰত। ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ কৰ আৰোপ কৰিলে ট্ৰাম্প প্ৰশাসনে। ৫০খন দেশৰ ওপৰত সৰ্বাধিক ১২.৫ শতাংশ কৰ আৰোপ। নতুন কৰে আমেৰিকালৈ ৰপ্তানি হোৱা ৯৯ শতাংশ সামগ্ৰীক সামৰি ল’ব। যিবোৰ সামগ্ৰীৰ উত্পাদনত বন্ধোৱা শ্ৰমিক নিয়োগ হয় তেনে সামগ্ৰীৰ ওপৰত নতুন কৰ। আধুনিক গোলামী বন্ধ কৰাৰ উদ্দেশ্যে ট্ৰাম্প প্ৰশাসনৰ পদক্ষেপ।
আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীৰে আজি বাণিজ্য আইনৰ ৩০১ নং ধাৰাত ৬০খন দেশৰ ওপৰত নতুন শুল্ক ঘোষণা কৰে। সকলো দেশৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ১০শতাংশ শুল্কৰ সময়সীমা শেষ হোৱাৰ এদিন আগতে এই ঘোষণা কৰা হৈছে।
ইউ এছ টি আৰৰ প্ৰকাশ পোৱা অনুসৰি , ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত গ্ৰীৰে ১৯৭৪ চনৰ বাণিজ্য আইনখনৰ ৩০১ নং ধাৰাত সামগ্ৰীৰ আমদানি ফলপ্ৰসূভাৱে বলবৎ আৰু নিষিদ্ধ কৰাত ব্যৰ্থ হোৱা ৬০খন অৰ্থনীতিৰ ওপৰত শুল্ক আৰোপ কৰাৰ চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰে।
ইফালে, গ্ৰীৰে উল্লেখ কৰিছে যে এই পদক্ষেপ মানৱ অধিকাৰ উলংঘা আৰু অন্যায় বাণিজ্যিক পদ্ধতিৰ সংশোধনৰ দিশত এক আৰম্ভণি হ’ব, যাৰ ফলত সকলোতে শ্ৰমিকৰ উন্নতি হ’ব। ভাৰত, কানাডা, ব্ৰিটেইন, বাংলাদেশ, পাকিস্তানকে ধৰি ১৭খন দেশৰ বাবে ১০% শুল্কৰ হাৰ প্ৰযোজ্য কৰা হয়। ইয়াৰ পূৰ্বে ১২.৫% শুল্ক আৰোপ কৰা দেশসমূহৰ ভিতৰত ভাৰত আছিল।