নতুন দিল্লী
যুৱ ভাৰতীয় বায়ু সেনা (IAF) বিষয়া শুভম কুমাৰৰ পৰিয়ালটোত শোকৰ ছাঁ পৰাৰ সময়তে এক পাৰিবাৰিক বিবাদ আৰম্ভ হৈছে। তেওঁৰ মৃত্যুৱে এতিয়া শ্বহীদসকলৰ পৰিয়ালক দিয়া আৰ্থিক সাহায্য বা ক্ষতিপূৰণৰ ধন বিতৰণৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শেহতীয়াকৈ অসমত সংঘটিত হোৱা বায়ু সেনাৰ বিমান দুৰ্ঘটনাত ফ্লাইট লেফটেনেন্ট শুভম কুমাৰ শ্বহীদ হৈছিল। ফ্লাইট লেফটেনেন্ট শুভম কুমাৰৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ তথাকথিত পত্নী শ্ৰেয়া ৰায়ে ২১ লাখ টকাৰ ক্ষতিপূৰণৰ ধন লৈ উধাও হৈছিল।
প্ৰাপ্ত খবৰ অনুসৰি, ফ্লাইট লেফটেনেন্ট শুভম কুমাৰৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ তথাকথিত বোৱাৰী শ্ৰেয়া ৰায়ৰ হাতত অৰ্পণ কৰা ২১ লাখ টকাৰ ক্ষতিপূৰণৰ বিষয়ে তেওঁক অন্ধকাৰত ৰখা হৈছিল। ফ্লাইট লেফটেনেন্ট শুভমৰ পিতৃ অমৰেন্দ্ৰ শৰ্মাই শ্ৰেয়াক কেনেকৈ ক্ষতিপূৰণ দিয়া হ’ল, সেই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ জানিবলৈ দিয়ে যে চেকখন দিয়াৰ বিষয়ে পৰিয়ালটোক একো জনোৱা হোৱা নাছিল। পিতৃগৰাকীয়ে উল্লেখ কৰে যে পুত্ৰৰ শেষ কৃত্য সম্পন্ন কৰি অহাৰ পিছতহে তেওঁ এই কথা জানিব পাৰিছিল।
ফ্লাইত লেফটেনেন্ট শুভম কুমাৰৰ শোকসন্তপ্ত পিতৃয়ে ইয়াৰ পিছত স্থানীয় বিষয়াসকলৰ সৈতে যোগাযোগ কৰে, আৰু বিষয়াসকলে জনায় যে ২১ লাখ টকাৰ ধনখিনি শ্ৰেয়া ৰায়কে দিয়া হৈছে। পিতৃগৰাকীয়ে দাবী কৰে যে ফ্লাইট লেফটেনেন্ট শুভম কুমাৰ আৰু শ্ৰেয়া ৰায়ৰ মাজত কোনো ক’ৰ্ট মেৰেজ (আইনী বিবাহ) হৈছিল নেকি, সেই বিষয়ে পৰিয়ালটো একেবাৰেই অজ্ঞ আছিল। তেওঁ প্ৰকাশ কৰে যে যদি সঁচাকৈয়ে কোনো আইনী বিবাহ হৈছিল, তেন্তে চৰকাৰী সা-সুবিধা লাভ কৰাৰ অধিকাৰ তাইৰ নিশ্চয় থাকিব।
শ্বহীদ শুভমৰ অন্তিম সৎকাৰৰ দৃশ্য
শোকাকুল পিতৃগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে যে পৰিয়ালটোৱে গভীৰ বেদনাৰ সময়ত এই বিষয়টোত স্বচ্ছতাৰ অভাৱ আছিল। কিছুমান ছ’চিয়েল মিডিয়া ৰিপৰ্ট অনুসৰি, শুভম আৰু শ্ৰেয়াৰ ২০২৭ চনত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল, কিন্তু শুভমৰ পৰিয়ালে এই বিষয়ে একো জনা নাছিল।
ছ’চিয়েল মিডিয়াৰ খবৰ অনুসৰি, শুভম আৰু শ্ৰেয়াৰ মাজত হোৱা ক’ৰ্ট মেৰেজৰ বাবেই চৰকাৰে শ্ৰেয়াক আইনীভাৱে শুভমৰ পত্নী হিচাপে স্বীকৃতি দিছিল আৰু সেই অনুসৰি সাহায্য প্ৰদান কৰিছিল। ফ্লাইট লেফটেনেন্ট শুভম কুমাৰৰ পিতৃৰ দাবী যে শ্ৰেয়াই চেকখন লৈ নিজৰ ঘৰলৈ গুচি যায়। আনকি তাই শুভমৰ শ্ৰাদ্ধৰ অনুষ্ঠানলৈকো নাহিল।
শোকস্তব্ধ পিতৃগৰাকীয়ে কয়: "যদি মোৰ পুত্ৰই সঁচাকৈয়ে শ্ৰেয়াক বিয়া কৰাইছিল, তেন্তে তেওঁ মোৰ বোৱাৰী আৰু চেকখন পোৱাৰো তেওঁৰো অধিকাৰ আছে, কিন্তু তেওঁ পত্নী হিচাপে কৰিবলগীয়া কৰ্তব্যবোৰো পালন কৰিব লাগিছিল। তেওঁ নিজৰ স্বামীৰ শ্ৰাদ্ধৰ অনুষ্ঠান হোৱাৰ আগতেই চেকখন লৈ নিজৰ ঘৰলৈ গুচি গ’ল।"
এই ঘটনাটোক লৈ ইতিমধ্যে শুভমৰ পৰিয়াল আৰু বিহাৰৰ গাঁৱৰ ৰাইজ অত্যন্ত আৱেগিক হৈ পৰিছে। আত্মীয়সকলে যুৱ বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোকত ভাঙি পৰিছে। ইয়াৰ মাজতে এজন ব্যৱহাৰকাৰীয়ে এক্স হেণ্ডেলত লিখিছে, "শ্বহীদ শুভম কুমাৰে নিশ্চয় শ্ৰেয়াৰ নামটো নিৰ্ভৰশীল হিচাপে লিখি থৈ গৈছিল, সেইকাৰণেই ধনখিনি পোৱা গৈছে। আৰু প্ৰতিৰক্ষা বিভাগত আপুনি এটা অনুপাতো ঠিক কৰি দিব পাৰে, কিমান শতাংশ পিতৃ-মাতৃয়ে পাব আৰু কিমান শতাংশ পত্নীয়ে পাব। শুভমে কাগজত যি লিখিছিল, শ্ৰেয়াই ঠিক সেইয়াই পাইছে। মোৰ মতে, শ্ৰেয়াক খলনায়িকা সজোৱাটো ঠিক হোৱা নাই।"
আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ভাই, মই এনেকুৱা বহুতো সৈনিক দেখিছোঁ তেওঁলোক শ্বহীদ হোৱাৰ লগে লগে তেওঁলোকৰ পত্নীয়ে গোটেই ধনখিনি আত্মসাৎ কৰে আৰু পৰিয়ালটোৱে কেৱল চাই থাকিবলগীয়া হয়। তেওঁৰ পিতৃ-মাতৃ হয়তো এই বিয়াখনৰ বিৰোধী আছিল, সেইকাৰণেই তেওঁলোকে চাগে ক’ৰ্ট মেৰেজ কৰিছিল। কোনে জানে, তেওঁৰ পিতৃ-মাতৃয়ে হয়তো তেওঁক বহুত কথা শুনালে, সেইকাৰণেই তেওঁ চাগে তাৰ পৰা গুচি গ’ল।"