ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ ব্যাপক নাটনি

Story by  atv | Posted by  [email protected] • 2 h ago
ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ ব্যাপক নাটনি
ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ ব্যাপক নাটনি
 
নতুন দিল্লী
 
অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰানৰ যুদ্ধৰ প্ৰভাৱ। ৰাজ্যৰ জনতাই ৰন্ধন গেছৰ বিচাৰি ঘন্টাৰ ওপৰত ঘন্টা শাৰী পাতিবলগীয়া হোৱা সময়তে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পেট্ৰ'ল-ডিজেলৰ নাটনিয়ে দেখা দিছে অসমত। পেট্ৰ'ল পাম্পত ঘন্টা ঘন্টা ধৰি ৰাইজৰ দীঘলীয়া শাৰি। প্ৰায় প্ৰতিটো পেট্ৰ'ল পাম্পতে তেলৰ নাটনিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। পুৱাৰ পৰা নিশালৈ পে’ট্ৰল পাম্পত জনতাই পাতিছে দীঘলীয়া শাৰী।
 
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত বিয়পি পৰা এক উৰাবাতৰিৰ বাবে ৰাইজৰ মাজত এক ভ্ৰান্ত ধাৰণা সৃষ্টি হৈছে যে অনাগত দিনত ভাৰতত পেট্ৰ’ল-ডিজেলৰ যোগান একেবাৰে বন্ধ হৈ পৰিব। ইয়াৰ ফলতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকলে আগতীয়াকৈ ইন্ধন মজুত কৰিবলৈ ভিৰ কৰিছে। মহানগৰীত  পে’ট্ৰল পাম্পসমূহত পুৱা ৬-৭ বজাৰ পৰা দেখা গল দীঘলীয়া শাৰী । নিৰ্দিষ্ট মাত্ৰাৰ তেলহে গ্ৰাহকক যোগান ধৰিছে ডিপ'সমূহত। দুপৰ নিশালৈকে শ শ বাহনে ভিৰ কৰিছে তেলডিপো সমূহত।
 
ইফালে, বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এনে পৰিস্থিতিয়েই গভীৰ আশংকাত পেলাইছে ৰাজ্যবাসীক । বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এক মন্তব্য প্ৰকাশ কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে-  অসমত  অভাৱ নাই পেট্ৰ'ল ডিজেলৰ ।পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ'ল থকা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে- বেছিকৈ পেট্ৰ’ল কিনি থ’ব নালাগে। বেছিকৈ কিনিলে বেছিকৈ টকাহে  খৰচ হ’ব।আজি ভাৰত চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল। ভাৰতত কোনোধৰণৰ সংকট হোৱা নাই। মই আহ্বান জনাইছোঁ যে কোনেও বেছিকৈ তেল কিনিব নালাগে।আনফালে, সামাজিক মাধ্যমৰ জৰিয়তে বিয়পোৱা ভূল তথ্যত গুৰুত্ব নিদিবলৈ তেওঁ আহ্বান জনাইছে।
 
এইখিনিতে উল্লেখ কৰিব লাগিব যে- এই সমূহ দৃশ্যই প্ৰমাণ কৰিছে  মুখ্যমন্ত্ৰীয়ে কোৱা  কথাৰ বিপৰীত ছবি। যাৰ বাবে আশংকাত ভুগিছে  এতিয়া ৰাজ্যবাসী। মুখ্যমন্ত্ৰীয়ে আশ্বাস ঠিকেই দিছে , কিন্তু এই দৃশ্যসমূহ দেখাৰ পাছত সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন সচাঁকৈ নাটনি হ'ব নেকি পেট্ৰ'ল-ডিজেল। এক কথাত আশংকা বৃদ্ধি পাইছে সেয়া নিশ্চিত হৈ পৰিছে।