নতুন দিল্লী
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৩ অক্টোবৰত নতুন দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লোকৰ বিৰুদ্ধে তিনিগৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যানতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে সেইবোৰ অপৰাধ শাখালৈ (Crime Branch) প্ৰেৰণ কৰিছে বুলি দেওবাৰে এজন আৰক্ষী বিষয়াই জনায়।
শনিবাৰে এগৰাকী মহিলা সাংবাদিকে পিটিআইক জনোৱা মতে, এগৰাকী সহকাৰী আৰক্ষী আয়ুক্ত (ACP)ই তেওঁৰ সৈতে যৌন নিৰ্যাতন চলাইছিল। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, প্ৰতিবাদৰ সময়ত আইন-শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষীৰ লোক মোতায়েন কৰা হৈছিল। সেই সময়ত সংঘটিত বুলি অভিযোগ কৰা ঘটনাৰ পিছত নতুন দিল্লী জিলা আৰক্ষীৰ ওচৰত কেইবাটাও অভিযোগ দাখিল কৰা হয়।
অভিযোগসমূহৰ ন্যায়সংগত আৰু নিৰপেক্ষ তদন্তৰ বাবে জিলা আৰক্ষীয়ে সেইবোৰ অপৰাধ শাখালৈ প্ৰেৰণ কৰিছে বুলি বিষয়াগৰাকীয়ে জনায়। তদন্তৰ অংশ হিচাপে অপৰাধ শাখাই উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰাৰ লগতে অভিযোগকাৰী মহিলা সাংবাদিকসকল আৰু ঘটনাৰ সৈতে জড়িত আন লোকসকলৰ বক্তব্য ল’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয়।
মহিলা সাংবাদিকগৰাকীয়ে পিটিআইক জনোৱা মতে, তেওঁ আৰু আন কেইবাগৰাকীও সাংবাদিক পিছত এখন আৰক্ষী থানালৈ গৈ এজাহাৰ (FIR) দাখিল কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ অভিযোগ কৰে যে, সেই সময়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।
তেওঁ অভিযোগ কৰে, “আৰক্ষীৰ লোকে প্ৰতিবাদকাৰীসকলক আটক কৰি আছিল আৰু ঘটনাস্থলীত কোনো মহিলা আৰক্ষী কৰ্মী উপস্থিত নাছিল। মহিলা আৰক্ষী কৰ্মী নথকাৰ বিষয়ে মই দিল্লী আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত বিবেক ভগতক সোধাত তেওঁ মোৰ সৈতে যৌন নিৰ্যাতন চলোৱাৰ লগতে মোক পিছলৈ ঠেলি দিয়ে।”
অৱশ্যে, বাৰে বাৰে ফোন আৰু বাৰ্তা প্ৰেৰণ কৰাৰ পিছতো সহকাৰী আৰক্ষী আয়ুক্ত বিবেক ভগতৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল। এগৰাকী সূত্ৰই জনোৱা মতে, সাংবাদিকসকলে দাখিল কৰা অভিযোগত তেওঁৰ নাম উল্লেখ কৰা হৈছে।
ইফালে, প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলৰ সৈতে আৰক্ষীৰ ব্যৱহাৰক লৈ ভাৰতীয় প্ৰেছ কাউন্সিলে “আঘাত আৰু গভীৰ উদ্বেগ” প্ৰকাশ কৰিছে। লগতে দিল্লী আৰক্ষীক অভিযোগটোৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
প্ৰেছ কাউন্সিলে এক বিবৃতিত কয়, “গণতন্ত্ৰত এনে আচৰণক স্বাভাৱিক বুলি গ্ৰহণ কৰিব নোৱাৰি। সাংবাদিকসকলক কোনো ধৰণৰ ভয় নোহোৱাকৈ মুক্তভাৱে কাম কৰাৰ আৰু বিভিন্ন বিষয় উত্থাপন কৰিবলৈ সমবেত হোৱা লোকসকলৰ কাৰ্যকলাপ লিপিবদ্ধ কৰাৰ সুযোগ দিব লাগিব। দেশৰ ৰাজধানীৰ মাজমজিয়াতো যদি সাংবাদিকসকলক এই সুযোগ দিয়া নহয়, তেন্তে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ভৱিষ্যতৰ বাবে ই এক আশাব্যঞ্জক সংকেত নহয়।”
বিবৃতিটোত আৰু কোৱা হয়, “দিল্লী আৰক্ষীয়ে মহিলা সাংবাদিকগৰাকীৰ অভিযোগৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সাংবাদিকসকলে কোনো ধৰণৰ আক্ৰমণাত্মক আচৰণ বা ভাবুকিৰ সন্মুখীন নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰিব পৰাকৈ প্ৰয়োজনীয় পৰিসৰ নিশ্চিত কৰিব লাগে।”