১৯ টিএমচি বিদ্ৰোহী সাংসদৰ তালিকাত অন্তৰ্ভুক্ত ইউছুফ পাথান, শত্ৰুঘ্ন সিনহা

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰাক্তন ক্ৰিকেটাৰ তথা টিএমচি সাংসদ ইউছুফ পাঠান, অভিনেতা-ৰাজনীতিবিদ শত্ৰুঘ্ন সিনহা আৰু ছায়নী ঘোষ
প্ৰাক্তন ক্ৰিকেটাৰ তথা টিএমচি সাংসদ ইউছুফ পাঠান, অভিনেতা-ৰাজনীতিবিদ শত্ৰুঘ্ন সিনহা আৰু ছায়নী ঘোষ
 
নতুন দিল্লী
 
পশ্চিমবংগৰ শাসক দল তৃণমূল কংগ্ৰেছ (টিএমচি)ত দেখা দিয়া বিদ্ৰোহে এতিয়া সংসদলৈকে বিস্তাৰিত হৈছে। এক সূত্ৰই জনোৱা অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ তথা টিএমচি সাংসদ ইউছুফ পাঠান, অভিনেতা-ৰাজনীতিবিদ শত্ৰুঘ্ন সিনহা, কাকলী ঘোষ দস্তিদাৰ আৰু ছায়নী ঘোষকে ধৰি মুঠ ১৯ জন তৃণমূল লোকসভা সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ প্ৰেৰণ কৰি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এনডিএ)-ৰ সৈতে মিত্ৰতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।
 
এই তালিকাত কোচবিহাৰৰ জগদীশ চন্দ্ৰ বাসুনিয়া, জংগীপুৰৰ খলিউৰ ৰহমান, মুৰ্শিদাবাদৰ আবু তাহিৰ খান, বাৰাকপুৰৰ পাৰ্থ ভৌমিক, মথুৰাপুৰৰ বাপি হালদাৰ, কলকাতা দক্ষিণৰ মালা ৰায়, আৰামবাগৰ মিতালী বাগ, ঘাটালৰ দীপক অধিকাৰী, ঝাৰগ্ৰামৰ কালিপদ চোৰেন, মেদিনীপুৰৰ জুন মালিয়া, বাঁকুড়াৰ অৰূপ চক্ৰৱৰ্তী, পূব বর্ধমানৰ ডাঃ শৰ্মিলা চৰকাৰ, বোলপুৰৰ অসিত কুমাৰ মাল, বীৰভূমৰ শতাব্দী ৰায় আৰু হুগলীৰ ৰচনা বেনাৰ্জীৰ নামো অন্তৰ্ভুক্ত আছে বুলি সুত্ৰটোৱে জানিবলৈ দিছে। 
 
অৱশ্যে, এই দাবীৰ পিছতেই তৃণমূল কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দলটোৱে দাবী কৰে যে, শত্ৰুঘ্ন সিনহা আৰু দীপক (দেৱ) অধিকাৰী বিদ্ৰোহী শিবিৰৰ অংশ নহয়। দলটোৱে কয়, “১৯ জন স্বাক্ষৰকাৰীৰ এখন তালিকা ঘূৰি ফুৰিছে, সম্ভৱতঃ বিজেপিয়েই ইয়াক ফাদিল কৰিছে। কিন্তু শত্ৰুঘ্ন সিনহা আৰু দেৱ অধিকাৰী দুয়োজনেই তৃণমূল কংগ্ৰেছৰ সৈতেই আছে, তথাকথিত বিজেপিৰ সমৰ্থিত বিদ্ৰোহী শিবিৰত নহয়।”
 
সূত্ৰসমূহে জনোৱা মতে, কাকলী ঘোষ দস্তিদাৰৰ নেতৃত্বত বিদ্ৰোহী সাংসদসকলে এখন পৃথক সংসদীয় গোট গঠন কৰিছে আৰু এনডিএক সমৰ্থন জনোৱাৰ প্ৰতিশ্ৰুতি দিছে।
 
উল্লেখযোগ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ঠিক পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাকলী ঘোষ দস্তিদাৰক কেন্দ্ৰীয় নিৰাপত্তা প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই বিজেপিৰ সৈতে তেওঁৰ ৰাজনৈতিক সম্পৰ্কৰ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছিল।
 
মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত কাকলী ঘোষ দস্তিদাৰে কয় যে, পশ্চিমবংগত আইন-শৃংখলাৰ অৱনতি, দুৰ্বল শাসন ব্যৱস্থা আৰু নিবনুৱাৰ সমস্যাৰ বাবে তেওঁ দলটোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।
 
সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “আমি পশ্চিমবংগত বিগত কেইবছৰ ধৰি চলি থকা আইন-শৃংখলা বিৰোধী, দুৰ্বল শাসন আৰু নিবনুৱাৰ বিৰুদ্ধে। পৰিস্থিতি ক্ৰমান্বয়ে অধিক বেয়ালৈ গৈ আছে। মই ৪০ বছৰ ধৰি মমতা বেনাৰ্জীৰ সৈতে আছোঁ। কেৱল এই কাৰণে যে তেওঁ এতিয়া ক্ষমতাত নাই, মই দল এৰিলোঁ বুলি টোও অৰ্থহীন হব।" 
 
এই বিদ্ৰোহী শিবিৰৰ পদক্ষেপক ভাৰতীয় সংবিধানৰ দশম তফছিল তথা দলত্যাগবিৰোধী আইনৰ জটিল বিধানসমূহৰ মাজেৰে আগবঢ়াৰ এক কৌশলী প্ৰচেষ্টা হিচাপে দেখা হৈছে।
 
তৃণমূল কংগ্ৰেছৰ লোকসভাত ২৮ জন সাংসদ আছে। দলত্যাগবিৰোধী আইন অনুসৰি, কোনো গোটে দল বিভাজন বা সংযুক্তিকৰণৰ ক্ষেত্ৰত অযোগ্য ঘোষিত নোহোৱাকৈ থাকিবলৈ হ’লে দলটোৰ মুঠ শক্তিৰ কমেও দুই-তৃতীয়াংশ সমৰ্থন লাভ কৰিব লাগিব। সেই অনুসৰি ২৮ জনৰ ভিতৰত অন্ততঃ ১৯ জন সাংসদৰ সমৰ্থন প্ৰয়োজন। বিদ্ৰোহী গোটটোৱে সেই সংখ্যা লাভ কৰা বুলি দাবী কৰিছে। যদি সংসদীয় কৰ্তৃপক্ষই এই গোটটোক স্বীকৃতি দিয়ে, তেন্তে তেওঁলোকে অযোগ্য ঘোষিত হোৱাৰ পৰা সুৰক্ষা লাভ কৰি আনুষ্ঠানিকভাৱে এনডিএৰ সৈতে যুক্ত হ’ব পাৰে।
 
এই সপ্তাহৰ আৰম্ভণিতে পশ্চিমবংগ বিধানসভাত আৰম্ভ হোৱা বিদ্ৰোহে দলটোৰ সাংগঠনিক সংকটক প্ৰকাশ্য কৰি তুলিছিল। প্ৰথমে বিধানসভাত দেখা দিয়া বিভাজন এতিয়া সংসদলৈকে বিস্তাৰিত হৈছে। 
 
সংসদীয় বিদ্ৰোহৰ পূৰ্বে, ৫৮ জন তৃণমূল বিধায়কে দলৰ নেতৃত্বক অৱজ্ঞা কৰি বহিষ্কৃত বিধায়ক ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলপতি হিচাপে সমৰ্থন জনাইছিল। বিদ্ৰোহী শিবিৰৰ দাবী অনুসৰি, এই সংখ্যা এতিয়া ৬৪ জনলৈ বৃদ্ধি পাইছে। দলটোৰ আনুষ্ঠানিক প্ৰাৰ্থী শোভনদেব চট্টোপাধ্যায়ক সমৰ্থন নকৰাকৈ এই বিধায়কসকলে ঋতব্ৰত বেনাৰ্জীৰ পক্ষ লয়।
 
এই দ্বিমুখী বিদ্ৰোহে ১৯৯৮ চনত প্ৰতিষ্ঠাৰ পিছৰে পৰা তৃণমূল কংগ্ৰেছক সম্ভৱতঃ আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন কৰিছে। দলীয় অসন্তোষৰূপে আৰম্ভ হোৱা ঘটনাই এতিয়া বিধানসভা আৰু সংসদৰ সংখ্যা, সাংগঠনিক নিয়ন্ত্ৰণ, ৰাজনৈতিক বৈধতা আৰু নেতৃত্বৰ ওপৰত এক বৃহৎ সংঘাতৰ ৰূপ লৈছে।
 
ইফালে, তৃণমূলৰ জ্যেষ্ঠ ৰাজ্যসভা সাংসদ সুখেন্দু শেখৰ ৰায় আৰু সুষ্মিতা দেৱেও ৰাজ্যসভাৰ সদস্যপদৰ লগতে দলৰ সদস্যপদৰ পৰাও পদত্যাগ কৰিছে, যাৰ ফলত দলটোৰ ভিতৰৰ বিভাজন আৰু অধিক স্পষ্ট হৈ পৰিছে।