প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বাধিক দীঘলীয়া কাৰ্যকালৰ বাবে অভিনন্দন বিশ্বৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ সমগ্ৰ বিশ্ব ৷ সমগ্ৰ বিশ্বৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ সৰ্বাধিক দীঘলীয়া কাৰ্যকালৰ বাবে অভিনন্দন জনাইছে৷ 
 
১৯৫২ চনৰ ১০ জুনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল জৱাহৰলাল নেহৰু৷ নেহৰুৱে ৪,৩৯৯ দিন ক্ষমতাত থাকি ৰচিছিল অভিলেখ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ এই অভিলেখ ভংগ কৰি বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ নামত নতুন অভিলেখ লিপিবদ্ধ কৰিছে৷ 
 
উল্লেখ্য যে, ১৯৫২ চনলৈকে নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে ১৯৪৭ চনৰ পৰা ১৯৫২ চনলৈকে জৱাহৰলাল নেহৰুৱে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 
 
এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, সমগ্ৰ বিশ্বৰ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ পৰিৱৰ্তনশীল শাসন ব্যৱস্থা, গ্ল’বেল ছাউথৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ মনোভাৱৰ লগতে সৰ্বাংগীন আৰু অৰ্থনৈতিকভাৱে গতিশীল ভাৰতৰ দৃষ্টিভংগীক প্ৰশংসাৰে উপচাই পেলাইছে৷ 
 
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক শ্ৰীলংকাৰ চৰকাৰ আৰু জনসাধাৰণৰ হৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে। দিশানায়কে পত্ৰখনত এনেদৰে উল্লেখ কৰিছে, "এই কৃতিত্ব কেৱল আপোনাৰ কাৰ্যকালৰ প্ৰমাণ নহয়, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে আপোনাৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে যি আস্থা আৰু বিশ্বাস ৰাখিছে তাৰো প্ৰমাণ।"
 
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ ওপৰতো আলোকপাত কৰি কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতৰ সীমান্তৰ বাহিৰত বহু লোকক অনুপ্ৰাণিত কৰিছে।
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ৪-৬ এপ্ৰিললৈ শ্ৰীলংকা ভ্ৰমণ কৰিছিল। দ্বীপ ৰাষ্ট্ৰখনত এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ভ্ৰণ ৷ সেই সময়ত শ্ৰীলংকাৰ চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘মিত্ৰ বিভূষণ’ প্ৰদান কৰে৷ এই সন্মান সাধাৰণতে বিদেশৰ বিশিষ্ট ব্যক্তিসকলকহে প্ৰদান কৰা হয়।  
 
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতিক আৰু অধিক শক্তিশালী কৰি তুলিছে। ভাৰতৰ শক্তিশালী অংশীদাৰিত্বৰ দ্বাৰা সৰ্বাধিক লাভৱান হোৱা দেশসমূহৰ ভিতৰত শ্ৰীলংকা অন্যতম৷ ২০২২ চনত শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ সময়ত ভাৰতে আগবঢ়োৱা সহায় এই নীতিৰে অন্তৰ্ভুক্ত।
 
আনহাতে, এক ব্যক্তিগত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে পাপুয়া নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে প্ৰধানমন্ত্ৰী মোদীক এগৰাকী ৰোল মডেল আৰু নেতৃত্বৰ আদৰ্শ বুলি অভিহিত কৰিছে। ভিডিঅ’ বাৰ্তাটোত মাৰাপে কয়, "২০ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ পৰা বাহিৰলৈ আনি তেওঁলোকক উন্নত জীৱন প্ৰদান কৰাটো এক উল্লেখযোগ্য কৃতিত্ব।" 
 
তদুপৰি প্ৰধানমন্ত্ৰী মাৰাপে পাপুয়া নিউগিনিৰ সৈতে ভাৰতৰ বন্ধুত্ব দৃঢ় কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
 
২০২৩ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে পাপুয়া নিউগিনি ভ্ৰমণ কৰিছিল৷ মোদীৰ এই ঐতিহাসিক ভ্ৰমণ আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কৰা প্ৰথমটো ভ্ৰমণ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ মঞ্চ(FIPIC-III) ৰ শীৰ্ষ সন্মিলনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছিল। এই ভ্ৰমণ প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে গ্ল’বেল ছাউথৰ এক প্ৰতিশ্ৰুতিবদ্ধ অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক আলোকপাত কৰে।
 
ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী কমলা পেৰছাদ-বিছেছাৰেও এই বিশেষ ক্ষণত প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায়৷ দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ বিভিন্ন বিষয়ত এক সুকীয়া কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে।" 
 
তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ তিনিটাকৈ কাৰ্যকালৰ ওপৰত আলোকপাত কৰে৷ ১.৪ বিলিয়ন জনসংখ্যাৰ এখন দেশক নেতৃত্ব দিয়াৰ যি যাত্ৰা, সেয়া অতুলনীয় বুলিও ট্ৰিনিদাদ আৰু ট'বাগোৰ শীৰ্ষনেতাগৰাকীয়ে সদৰী কৰে৷ সমান্তৰালকৈ বৈদেশিক নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য কৃতিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে বিগত বৰ্ষৰ ৩-৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে ট্ৰিনিদাদ আৰু ট'বাগোলৈ এক ঐতিহাসিক ভ্ৰমণ কৰিছিল। এয়া আছিল বিগত ২৬ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ৷ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ ট্ৰিনিদাদ আৰু ট’বাগোলৈ আগমন ঘটাৰ ১৮০ বছৰীয়া জয়ন্তীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশখন ভ্ৰমণ কৰিছিল৷