বৰপেটাত দশক দশক ধৰি অনুষ্ঠিত হৈ অহা পৰম্পৰাগত নাও খেলে সমাজলৈ কঢ়িয়াইছে সাম্প্ৰদায়িক সম্প্ৰীতি

Story by  atv | Posted by  [email protected] • 1 Years ago
পৰম্পৰাগত নাও খেলৰ এক ৰোমাঞ্চকৰ মুহূৰ্ত, বৰপেটাৰ চেঙা মুছলমানপাৰা গাঁওত
পৰম্পৰাগত নাও খেলৰ এক ৰোমাঞ্চকৰ মুহূৰ্ত, বৰপেটাৰ চেঙা মুছলমানপাৰা গাঁওত
 
চাইজুৰ ৰহমান / বৰপেটা

বৰপেটা জিলাৰ চেঙা মুছলমানপাৰা গাঁওত পৰম্পৰা অনুসৰি প্ৰতিবছৰে নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। গাঁওখনত কেইবা দশক ধৰি এই পৰম্পৰা চলি আছে। চাউলখোৱা নদীত অনুষ্ঠিত হোৱা এই নাও খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ জিলাখনৰ লগতে অন্যান্য ঠাইৰ শ শ লোকে ভিৰ কৰে। 
 
নাও খেল প্ৰতিযোগিতাখনকলৈ চেঙাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। চেঙা আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত এই নাও খেল প্ৰতিযোগিতাত এইবেলি ১২ খন নাৱে অংশগ্ৰহণ কৰে। বৃহত্তৰ চেঙা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু একতা অটুট ৰখাৰ ক্ষেত্ৰত নাওখেল প্ৰতিযোগিতাখনে বছৰ বছৰ ধৰি অৰিহণা যোগাই আহিছে। 
 
নাও খেল প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ছহিদুল ইছলামে কয়, সমন্বয়ৰ প্ৰতীক হিচাপে বিবেচিত হৈ অহা চেঙা মুছলমানপাৰা গাঁওত আনুমানিক ১৯৩৫ চনৰ পৰা নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই নাও খেল প্ৰতিযোগিতাখন প্ৰথম অৱস্থাত চেঙাৰ কৃষক সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল। কেইবা দহকজোৰা এই পৰম্পৰা বৰ্তমান চেঙা আঞ্চলিক যুৱক সমাজে ধৰি ৰাখিছে। তেওঁ লগতে কয় যে অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে এই নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। বিশেষকৈ শুৱালকুছি, আধিয়াৰাপাৰা, নলবাৰী, মন্দিয়া, বাঘবৰ, হাজো আদিকে ধৰি বহু ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এইবেলি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মুঠ ১২খন নাৱে অংশগ্ৰহণ কৰা বুলি পৰিচালনা সমিতিৰ সভাপতি চহিদুল ইছলামে জানিবলৈ দিয়ে।
 
 
তদুপৰি বৰপেটা, নলবাৰীকে ধৰি বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০ হাজাৰ লোকে নাওখেল প্ৰতিযোগিতা খন উপভোগ কৰে বুলিও তেওঁ কয়। ইফালে নাও খেল প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী তথা মুকলি সভাখন অনুষ্ঠিত হয়। বৰপেটা জিলা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে। 
 
তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, পৰম্পৰাগত খেলৰ ভিতৰত নাও খেল হৈছে অন্যতম। কেৰালাত এই নাও খেলৰ জনপ্ৰিয়তা বেছি। অসমত প্ৰতিভাৰ অভাৱ নাই। কেৱল উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন। উপযুক্ত প্লেটফৰ্ম পালে অসমৰ নাও খেলে আন্তৰাষ্ট্ৰীয় মৰ্য্যদা পাবলৈ সক্ষম হ'ব। উদ্যোক্তাক ধন্যবাদ জনাই ৰকিকুল হুছেইনে কয় যে বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি অতি উলহ-মালহেৰে আৰু শৃংখলাবদ্ধভাৱে প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। খেল হৈছে এনে এক মাধ্যম যিয়ে আমাৰ মাজত থকা মিলাপ্ৰীতি, ভাতৃত্ববোধ কটকটীয়া কৰে। অন্য বন্ধুত্বতকৈ খেলৰ জৰিয়তে হোৱা বন্ধুত্ব অধিক কটকটীয়া হয়। অসমৰ পৰম্পৰাগত নাওখেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত চামগুৰিৰ বিধায়ক গৰাকীয়ে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। 
 
 
উল্লেখযোগ্য যে, চেঙা মুছলমানপাৰা গাঁওত অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাখনত ডাঙৰ নাঁওৰ প্ৰথম পুৰস্কাৰ লাভ কৰে কাঁহিকুছিৰ নয়নজ্যোতিৰ নাওখনে। আনহাতে দ্বিতীয় পুৰস্কাৰ লাভ কৰে খাৰাধৰা গাঁওৰ মৈচাল বন্ধু নাওখনে। প্ৰথম পুৰস্কাৰ লাভ কৰা নাওৰ গৰাকীক ট্ৰফীৰ সৈতে ২৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ লাভ কৰা নাওৰ গৰাকীক ট্ৰফীৰ সৈতে ২০,০০০ হাজাৰ টকা আগবঢ়োৱা হয়। 
 
আনহাতে, সৰু নাওৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ভৈৰাগুৰিৰ আল আমিন নাওখনে। আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে চেঙাৰ ৰূপহী নাওখনে। প্ৰথম পুৰস্কাৰ প্ৰাপ্ত নাওক ১৫০০০ টকা আৰু ট্ৰফী তথা দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত নাওক ১০০০০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়। অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন, মুখপাত্ৰ জিয়াউৰ ৰহমান, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হককে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।