তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত CAA বাতিল, ইউনিফৰ্ম চিভিল কোড বন্ধ কৰাৰ প্ৰতিশ্ৰুতি

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে, পশ্চিম বংগৰ মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ বিশেষ উপদেষ্টা অমিত মিত্ৰই ইস্তাহাৰ প্ৰকাশ কৰে
তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে, পশ্চিম বংগৰ মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ বিশেষ উপদেষ্টা অমিত মিত্ৰই ইস্তাহাৰ প্ৰকাশ কৰে
কলকাতা

বুধবাৰে প্ৰকাশ পোৱা ইস্তাহাৰত তৃণমূল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে সমগ্ৰ দেশতে ইউনিফৰ্ম চিভিল কোড (ইউ চি চি) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰূপায়ণ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে, পশ্চিম বংগৰ মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ বিশেষ উপদেষ্টা অমিত মিত্ৰই এই ইস্তাহাৰ প্ৰকাশ কৰে। তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জী অৱশ্যে এই অনুষ্ঠানত উপস্থিত নাছিল।

ইস্তাহাৰ প্ৰকাশ কৰি ডেৰেক অ’ব্ৰাইনে কয় যে "যেতিয়া INDI ব্লকৰ অংশ হিচাপে টিএমচিয়ে চৰকাৰ গঠন কৰিব তেতিয়া আমি এই কাম কৰিম।"

তৃণমূল কংগ্ৰেছে দীৰ্ঘদিন ধৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে। সংসদত CAA গৃহীত হোৱাৰ পাঁচ বছৰৰ পাছত যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিছিল।

মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱেও প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিৰোধিতা কৰি কয় যে পশ্চিমবংগত কেতিয়াও কাৰ্যকৰী নহ’ব।

জনপ্ৰিয়ভাৱে ‘দিদী’ নামেৰে পৰিচিত মমতা বেনাৰ্জীৰ ১০টা শপতৰ কথা উল্লেখ কৰি ইস্তাহাৰখনৰ শিৰোনাম হৈছে ‘দিদীৰ ১০ শপত’।

CAA আৰু UCCৰ উপৰিও মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইনৰ অধীনত দৈনিক ভাট্টা প্ৰতিদিনে ৪০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিও দিছে। দলটোৱে সকলোকে পকা ঘৰৰ প্ৰতিশ্ৰুতিও দিছে।

আন আন ডাঙৰ প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালসমূহৰ বাবে বছৰি ১০টা বিনামূলীয়া এল পি জি চিলিণ্ডাৰ, প্ৰতিজন ৰেচন কাৰ্ডধাৰীৰ বাবে ৫ কেজি ৰেচন বিনামূলীয়াকৈ ঘৰতে ডেলিভাৰী, ৬০ বছৰৰ ওপৰৰ লোকক প্ৰতিমাহে ১০০০ টকা পেঞ্চন, আৰু ১০ লাখ টকাৰ স্বাস্থ্য বীমা সকলোৰে বাবে।

তৃণমূল কংগ্ৰেছে ইন্ধন আৰু এল পি জিৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ মূল্য স্থিতিশীলতা পুঁজি নিৰ্মাণৰ প্ৰতিশ্ৰুতিও দিছে।

যুৱক-যুৱতীসকলৰ বাবে দলটোৱে প্ৰতিশ্ৰুতি দিছে যে ২৫ বছৰ বয়সলৈকে সকলো ছাত্ৰ-ছাত্ৰীক মাহিলী ষ্টাইপেণ্ড দিয়া হ’ব। যিসকলে অধিক অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক ১০ লাখ টকাৰ ছাত্ৰ ক্ৰেডিট কাৰ্ড দিয়া হ’ব।

বংগৰ লক্ষ্মীৰ ভাণ্ডাৰ আঁচনিৰ লাইনত সমগ্ৰ দেশৰ মহিলাসকলক মাহেকীয়াকৈ ধন দিয়া হ’ব বুলি দলৰ ইস্তাহাৰত উল্লেখ আছে।

কৃষকসকলৰ বাবে টিএমচিয়ে নিশ্চিত নূন্যতম সমৰ্থন মূল্য (এমএছপি)ৰ প্ৰতিশ্ৰুতি দিছে, যিটো সকলো শস্যৰ উৎপাদনৰ গড় খৰচতকৈ কমেও ৫০ শতাংশ বেছি হ’ব।