আজিৰ পৰা সোমবাৰলৈ দেশজুৰি বন্ধ বেংক; বাহাল থাকিব UPI-ATM সেৱা

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
সমগ্ৰ দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহত শুকুৰবাৰে একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইউনাইটেড ফ'ৰাম অৱ বেংক ইউনিয়নছৰ আহ্বান মৰ্মে বেংক কৰ্মচাৰীসকলে গ্ৰহণ কৰা দেশজুৰি ধৰ্মঘট কাৰ্যসূচীৰ ফলত বেংকৰ স্বাভাৱিক কাম-কাজ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা ন্যায্য দাবীসমূহৰ প্ৰতি চৰকাৰ আৰু কৰ্তৃপক্ষই আওকণীয়া মনোভাৱ পোষণ কৰাৰ অভিযোগ তুলি অৱশেষত কৰ্মচাৰীসকলে এই প্ৰতিবাদী পথ বাছি ল'বলৈ বাধ্য হৈছে।
 
আগন্তুক গণেশ চতুৰ্থীৰ প্ৰাকক্ষণত বেংক কৰ্মচাৰীৰ এই প্ৰতিবাদে সাধাৰণ ৰাইজক চৰম অসুবিধাৰ সন্মুখীন কৰাইছে। কেৱল শুকুৰবাৰেই নহয়, গ্ৰাহকসকলে অহা সোমবাৰলৈকে বেংকিঙৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'ব। কিয়নো শুকুৰবাৰে ধৰ্মঘটৰ বাবে বেংকৰ কাম-কাজ স্তব্ধ হোৱাৰ পিছত, পৰৱৰ্তী দুদিন অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে স্বাভাৱিক সাপ্তাহিক ছুটীৰ বাবে বেংকসমূহ বন্ধ থাকিব। ইয়াৰ পিছতে সোমবাৰে পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে বেংকৰ চৰকাৰী বন্ধ থাকিব। অৰ্থাৎ আজিৰে পৰা একেৰাহে চাৰিদিনৰ বাবে বেংকৰ শাখাসমূহৰ কাম-কাজ বন্ধ হৈ থাকিব।
 
বেংক কৰ্মচাৰীসকলৰ প্ৰধান দাবীটো হৈছে— বৰ্তমানৰ ব্যৱস্থাৰ সলনি সপ্তাহত মাত্ৰ পাঁচদিনকৈ কৰ্মদিন নিৰ্ধাৰণ কৰা। ইয়াৰ উপৰিও পাৰফৰমেন্স-লিংকড ইনচেণ্টিভ আঁচনি সন্দৰ্ভত থকা মতানৈক্য দূৰ কৰা আৰু পেঞ্চন সম্পৰ্কীয় কেইবাটাও অমীমাংসিত গুৰুত্বপূৰ্ণ বিষয়ৰ দ্ৰুত সমাধান বিচৰা হৈছে। উল্লেখ্য যে, যোৱা ২৩ আগষ্টত ইউনাইটেড ফ'ৰাম অৱ বেংক ইউনিয়নৰ নেতৃত্ব আৰু বেংক কৰ্তৃপক্ষৰ মাজত এই দাবীসমূহক লৈ এক আলোচনা অনুষ্ঠিত হৈছিল যদিও তাৰ পৰা কোনো ফলপ্ৰসূ সমাধান সূত্ৰ ওলাই নাহিল, যাৰ পৰিণতিতেই আজিৰ এই প্ৰতিবাদ।
 
কৰ্মচাৰী ইউনিয়নে চৰকাৰ তথা বেংক কৰ্তৃপক্ষক স্পষ্ট সকীয়নি প্ৰদান কৰিছে যে যদিহে তেওঁলোকৰ এই দাবীসমূহ মানি লোৱা নহয়, তেন্তে আগন্তুক ২৮ ছেপ্টেম্বৰৰ পৰা পুনৰ দেশজুৰি ক্ৰমাগত তিনিদিনীয়াকৈ বৃহৎ প্ৰতিবাদ আৰু ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
 
একেৰাহে চাৰিদিন বেংক বন্ধ থকাৰ খবৰে ৰাইজক চিন্তিত কৰিলেও, সকলোৰে বাবে এক আশ্বস্তৰ খবৰো আছে। বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বেংকৰ শাখাসমূহ বন্ধ থাকিলেও ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। গ্ৰাহকসকলে নিৰ্বিঘ্নে ইউ পি আই লেনদেন আৰু এ টি এম সেৱাসমূহ পূৰ্বৰ দৰেই স্বাভাৱিকভাৱে ব্যৱহাৰ কৰিব পাৰিব।