অহা ৩১ জানুৱাৰীত গুৱাহাটীলৈ আহিব ইংলেণ্ডৰ ভাৰ্চুৱেল বেণ্ড গৰিলাজ

Story by  atv | Posted by  [email protected] • 1 h ago
ইংলেণ্ডৰ ভাৰ্চুৱেল বেণ্ড গৰিলাজ
ইংলেণ্ডৰ ভাৰ্চুৱেল বেণ্ড গৰিলাজ
 
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনোৱা অনুসৰি, বিখ্যাত ইংৰাজী ভাৰ্চুৱেল বেণ্ড ‘গৰিলাজে’ তেওঁলোকৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ অংশ হিচাপে অহা বছৰৰ ৩১ জানুৱাৰীত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব।
 
গুৱাহাটীৰ উপৰিও বেণ্ডটোৱে ক্ৰমে ২৩ আৰু ২৭ জানুৱাৰীত বেংগালুৰু আৰু মুম্বাইতো অনুষ্ঠান পৰিৱেশন কৰিব।
 
এটা চ’চিয়েল মিডিয়া পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এই কথা ঘোষণা কৰি আনন্দিত হৈছোঁ যে কিংবদন্তি বেণ্ড গৰিলাজে তেওঁলোকৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ অংশ হিচাপে ২০২৭ চনৰ ৩১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব।"
 
তেওঁ লগতে কয়, "এই ঐতিহাসিক ভ্ৰমণৰ আয়োজক চহৰসমূহৰ ভিতৰত গুৱাহাটীও অন্যতম হোৱাতো অতি গৌৰৱৰ বিষয়। আমি বেণ্ডটোক আৰু সমগ্ৰ দেশৰ অনুৰাগীসকলক অসমলৈ আদৰিবলৈ আগ্ৰহেৰে বাট চাই আছোঁ।"
 
১৯৯৮ চনত সংগীতজ্ঞ ডেমন আলবাৰ্ণ আৰু শিল্পী জেমি হিউলেটে গৰিলাজ বেণ্ডটো গঠন কৰিছিল। বেণ্ডটোত মূলতঃ চাৰিগৰাকী কাল্পনিক সদস্য আছে: টু-ডি, মাৰ্ডক নিকেলছ, নুডলআৰু ৰাছেল হবছ।
 
ইয়াৰ লগতে অহা ১৭ নৱেম্বৰত আমেৰিকান হাৰ্ড ৰক বেণ্ড 'গানছ এণ্ড ৰোজেছ'য়েও গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰাৰ সূচী নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত আমেৰিকান ৰেপাৰ প'ষ্ট মালোনেও অনুষ্ঠান পৰিৱেশন কৰিছিল।
 
ৰাজ্য চৰকাৰে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক মূল কেন্দ্ৰ হিচাপে লৈ ২০২৫ চনৰ মে’ মাহত ‘কনচাৰ্ট টুৰিজম’ প্ৰসাৰৰ বাবে এখন নতুন নীতিৰ অনুমোদন জনাইছিল।
 
তদুপৰি, ৰাজ্যখনত বিভিন্ন সংগীতানুষ্ঠান আয়োজন কৰিবলৈ চৰকাৰে টিকট বুকিং প্লেটফৰ্ম ‘বুকমাইশ্ব’ পৰিচালনা কৰা প্ৰতিষ্ঠান ‘বিগট্ৰি এণ্টাৰটেইনমেণ্ট’ৰ লগতো চুক্তিৱদ্ধ হৈছে।