উদালি তিনিআলি বজাৰঃ কৃষি বিপ্লৱৰ এক অনন্য নিদৰ্শন

Story by  Imtiaz Ahmed | Posted by  [email protected] • 7 Months ago
নাজিমা বেগম
নাজিমা বেগম
 
ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম / লংকা
 
সাধাৰণতে হোজাই জিলাক অগৰু কাঠৰ ব্যৱসায়ৰ বাবে জনা যায়। কিন্তু অন্য ব্যৱসায়ীসকলেও কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই। হোজাই জিলাৰ লংকা উদালি তিনিআলি বজাৰৰ সমীপৰ স্থানীয় বহু লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নাৰ্চাৰী ব্যৱসায়ৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য বহু পৰিয়ালৰ বাবে সংস্থাপনো মুকলি কৰিছে। হোজাইৰ পৰা কাৰ্বি আংলং আৰু ডিমা হাছাওলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে লংকা উদালি তিনিআলি বজাৰৰত প্ৰায় ৬৫ খন নাৰ্চাৰী আছে। তাৰে ভিতৰত অন্যতম বৃহৎ নাৰ্চাৰী হৈছে আলিয়া নাৰ্চাৰী।
 
বহু কষ্ট আৰু সাধনাৰ ফলত ১০ বিঘা মাটিত আৱৰি থকা আলিয়া নাৰ্চাৰী গঢ় দিছে এহাল দম্পতিয়ে। দম্পতিহালৰ নাম আলী আহমেদ আৰু নাজিমা বেগম। পূৱে মিকিৰ আৰু পশ্চিমে জয়ন্তীয়া পাহাৰৰ মাজত কম বৰষুণ হোৱা অঞ্চলটোত গঢ় তুলা এই নাৰ্চাৰীখন ফল, ফুল, ঔষধি, বনৌষধি আৰু বহু মূল্যবান গছৰ ১০০০ ৰো অধিক জাতৰ পুলিৰ বাবে জনপ্ৰিয়। আলী আহমেদ আৰু নাজিমা বেগমে আলিয়া নাৰ্চাৰীৰ ব্যৱসায়ৰে নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আন ১০-১২ টা পৰিয়ালকো সংস্থাপন দিবলৈ সক্ষম হৈছে।
 

বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত আলী আহমেদ আৰু তেওঁৰ পত্নী নাজিমা বেগমৰ দাম্পত্য জীৱন বহু কঠিন আছিল। তেওঁলোকৰ লগতে স্থানীয় অঞ্চলৰ বেছিভাগ লোকৰে দৈনিক জীৱন নিৰ্বাহৰ সংগ্ৰাম কঠিন আছিল। আলী আহমেদ এজন ক্ষুদ্ৰ ব্যৱসায়ী আছিল। তেওঁ পৰিয়ালটোৰ বাবে পৰ্যাপ্ত জীৱিকা উপাৰ্জন কৰিব নোৱাৰাৰ বাবে পত্নীয়ে এখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল। তাৰপিছত প্ৰায় ১৫ বছৰ মান আগতে তেওঁলোকে ঘৰৰ চোতালতে সৰুকৈ এখন নাৰ্চাৰী আৰম্ভ কৰিছিল। অৱশ্যে এতিয়া তেওঁলোক ১০ বিঘা মাটিত বিস্তৃত বিশাল নাৰ্চাৰীৰ মালিক।
 
নাৰ্চাৰীখনৰ আৰম্ভণিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি নাজিমা বেগমে কয়: "বিয়া হোৱাৰ সময়ত আমাৰ আৰম্ভণি অতি নিম্ন আছিল। আমাৰ বাবে জীৱন নিৰ্বাহ কৰাটো বহু কঠিন আছিল। মই শিক্ষকতা কৰি পৰ্য্যাপ্ত উপাৰ্জন কৰিব পৰা নাছিলোঁ, মোৰ স্বামীৰো ব্যৱসায় ক্ষুদ্ৰ আছিল। আমি আমাৰ চোতালত এখন সৰু নাৰ্চাৰী আৰম্ভ কৰিছিলোঁ। লাহে লাহে আমাৰ নাৰ্চাৰীখন ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। তেতিয়াৰ পৰা আমি পিছলৈ ঘূৰি চোৱা নাই। বৰষুণৰ পৰিমাণ কম হোৱা জলবায়ু আমাৰ স্থানীয় অঞ্চলৰ নাৰ্চাৰীৰ বাবে অন্যতম উপযুক্ত কাৰক। এনেকৈ আমাৰ নাৰ্চাৰীখন দ্ৰুতগতিত বৃদ্ধি পালে আৰু আজি আমি পৃথিৱীত গজা সকলো ধৰণৰ গছপুলি খেতি কৰি বিক্ৰী কৰোঁ।”
 
আলিয়া নাৰ্চাৰী
 
"আমাৰ নাৰ্চাৰীখনত সকলো মানসম্পন্ন হাইব্ৰিড গছপুলি উপলব্ধ। আমাৰ নাৰ্চাৰীখনক বদনাম কৰিব পৰা গছপুলি আমাৰ ইয়াত নাপায়। আমি নাৰ্চাৰীখনত কেৱল গছপুলি কৰাই নহয়, আমাৰ ওচৰৰ সৰু-সৰু নাৰ্চাৰীয়ে খেতি কৰা উচ্চমানৰ উৎপাদিত সামগ্ৰীৰ সৈতেও লেনদেন কৰোঁ। আমাৰ ইয়াত বিভিন্ন ধৰণৰ ফলৰ গছ যেনে আপেল, আলফনছ আম, আখৰোট, ড্ৰেগন ফল, প্ৰকৃত হাইব্ৰিড তামোল, বিভিন্ন ধৰণৰ মূল্যৱান গছ যেনে অগৰু কাঠ, ফুল, ঋতুৰ ফুল আৰু বহুতো গছ পুলি উপলদ্ধ। আমি বেছিভাগেই পাইকাৰী ব্যৱসায় কৰো আৰু সেই বাবেই আমি উৎপাদিত সামগ্ৰীসমূহ অতি উপযুক্ত মূল্যত বিক্ৰী কৰো," তেওঁ লগতে কয়।
 
বজাৰ সন্দৰ্ভত সোধাত তেওঁ কয়, "আমাৰ উৎপাদিত সামগ্ৰী বেছিভাগেই অসমৰ বাহিৰলৈ যায়। দক্ষিণ ভাৰত, পশ্চিম বংগ, মহাৰাষ্ট্ৰ আদিত বেছিকৈ বিক্ৰী হয়। ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰাজ্যই আমাৰ পৰা ক্ৰয় কৰে। আমাৰ পৰা যিয়ে এবাৰ ক্ৰয় কৰে, তেওঁ আকৌ বেছি পৰিমাণৰ ক্ৰয়ৰ বাবে উভতি আহে।”
 
অতি কম বৰষুণ হোৱা লংকাৰ উদালি তিনিআলি অঞ্চলৰ প্ৰায়ভাগ নাৰ্চাৰীৰ বাৰ্ষিক উপাৰ্জনে আপোনাক আচৰিত কৰি তুলিব। আলী আহমেদে আৱাজ - দ্য ভইচক জনোৱা মতে, স্থানীয় অঞ্চলটোৰ অধিকাংশ বৃহৎ নাৰ্চাৰীয়ে এবছৰত এক কোটি টকাতকৈ অধিক মূল্যৰ ব্যৱসায় কৰে। "দেশৰ বিভিন্ন প্ৰান্তত সদায় অধিক চাহিদা থকা বেছিভাগেই অগৰু গছপুলি। আমাৰ স্থানীয় অঞ্চলৰ বেছিভাগ ডাঙৰ নাৰ্চাৰীয়ে অগৰু গছপুলিত ভাল ব্যৱসায় কৰে। এখন ডাঙৰ নাৰ্চাৰীৰ বাৰ্ষিক ব্যৱসায় প্ৰায়ে এক কোটি টকাৰ ওপৰত হয়," আহমেদে কয়। ৬৫ খনতকৈও অধিক নাৰ্চাৰীৰ ভিতৰত উদালি তিনিয়ালি বজাৰ অঞ্চলত আলিয়া নাৰ্চাৰীৰ দৰে প্ৰায় ১৫ খন ডাঙৰ নাৰ্চাৰী আছে।
 
নাৰ্চাৰীৰ গছপুলি
 
আলিয়া নাৰ্চাৰীৰ লেনদেনৰ বিষয়ে নাজিমা বেগমে কয়, “আমাৰ গড় বাৰ্ষিক লেনদেন প্ৰায় ৮০ লাখ টকাৰ আশে-পাশে হয়। কিন্তু, আমি উপাৰ্জন কৰাৰ লগে লগে আমাৰ বিশাল খৰচো হয়, কাৰণ আমি গুণগত মানৰ ওপৰত আপোচ কৰিব নোৱাৰো কাৰণ ই আমাৰ ব্যৱসায়ৰ মূলমন্ত্ৰ। ইয়াৰ উপৰিও আমি আমাৰ শ্ৰমিকৰ পৰিয়াল চোৱাচিতা কৰা আৰু স্থানীয় অনুষ্ঠানসমূহত বৰঙণি আগবঢ়োৱা। আমাৰ অঞ্চলৰ প্ৰতিষ্ঠানসমূহ জীয়াই ৰাখিবলৈ কিছু দান-বৰঙণি কৰিব লাগে।”

কেৱল আলিয়া নাৰ্চাৰীয়ে নহয়, উদালি তিনিআলি বজাৰৰ আন নাৰ্চাৰীসমূহেও গুণগত মান বজাই ৰাখিছে কাৰণ এই নাৰ্চাৰীসমূহে দেশৰ নাৰ্চাৰী বজাৰত সুনাম গঢ়িবলৈ সক্ষম হৈছে। "কৃষি বা শস্য বিভাগৰ পৰা আমাৰ ইয়াৰে নাৰ্চাৰীসমূহে কোনো বিশেষ সুবিধা পোৱা নাই। স্থানীয় কৃষকসকলে কেৱল নিজৰ কৃষি বিশেষজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল আৰু নিজৰ পকেটত পৰা বিনিয়োগ কৰে," নাজিমা বেগমে কয়। 

২১০০ জনসংখ্যা থকা অঞ্চলটোৰ বেছিভাগেই মুছলমান। তেওঁলোকৰ ব্যৱসায় একেই, গতিকে নাৰ্চাৰীসমূহে কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি বুলি সোধাত নাজিমা বেগমে কয়, "একেবাৰে নহয়। সঁচাকৈয়ে আমি পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ডাঙৰ নাৰ্চাৰীবোৰে আচলতে সৰুবোৰক ব্যৱসায় কৰাত সহায়হে কৰে। যিহেতু অঞ্চলটোৰ অধিকাংশ উৎপাদিত সামগ্ৰী অসমৰ বাহিৰলৈ যায়, গতিকে আমি সৰুবোৰক তেওঁলোকৰ পৰা উৎপাদিত সামগ্ৰী সংগ্ৰহ কৰি ডাঙৰ বজাৰলৈ পঠিয়াই সহায় কৰোঁ। এইদৰে  তেওঁলোকে বজাৰৰ কথা চিন্তা নকৰিলেও চলে।”


শেহতীয়া খবৰ