অনন্য অভিযন্তা পণ্ডিত ৰাজমোহন নাথ

Story by  atv | Posted by  [email protected] • 1 Years ago
অভিযন্তা পণ্ডিত ৰাজমোহন নাথৰ ফাইল ফটো আৰু তেওঁৰ এটা প্ৰতিমূৰ্তি
অভিযন্তা পণ্ডিত ৰাজমোহন নাথৰ ফাইল ফটো আৰু তেওঁৰ এটা প্ৰতিমূৰ্তি
 চফিউৰ ৰহমান শইকীয়া
 
পেছাত এজন অভিযন্তা হৈয়ো সাহিত্য, প্রত্নতত্ত্ব, নৃতত্ত্ব, আধ্যাত্মিক আদি বিভিন্ন দিশত নিজ প্রতিভাৰে উজলি উঠা ৰাজমোহন নাথ এজন অনন্য পণ্ডিত ব্যক্তি। তৃণমূল পৰ্যায়ৰ পৰা বহুতো ঘাট-প্রতিঘাটৰ মাজেদি জীৱন অতিক্ৰম কৰি তেওঁ অসম তথা ভাৰতৰ উত্তৰ পূবত এটি উজ্জ্বল নক্ষত্ৰ ৰূপত জিলিকি উঠে আৰু সমাজখনলৈ আগবঢ়ায় অনবদ্য অৱদান। 
 
মই ১৯৬৪ চনত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ ঠিক ছয় মাহ পিছতে তেওঁ শ্বিলংৰ নংথুমাইত মৃত্যুবৰণ কৰে। অৱশ্যে চাকৰীত যোগদান কৰিয়েই তেওঁৰ লিখিত 'Nath Hand Book for Assam Engineers' কিতাপখনৰ মাজেৰে তেওঁৰ প্ৰতিভাৰ পৰিচয় পাওঁ। এই কিতাপখন অভিযন্তাসকলৰ বাবে এখন আপুৰুগীয়া হাতপুথি; সকলোবোৰ অভিযন্তাৰ হাতে হাতে থাকে এইখন হাতপুথি।
এই হাতপুথিখনত অভিযান্ত্রিক নির্মাণৰ বিভিন্ন মাপ, জোখ, নিৰ্মাণৰ শিল, বালি, চিমেণ্টৰ পৰিমাণ, ঘৰ আৰু পথ নিৰ্মাণৰ পদ্ধতি আদি দিশবোৰ ইমান সুন্দৰ আৰু সহজভাৱে প্ৰণয়ন কৰা হৈছিল যে সকলো অভিযন্তাই কম সময়ৰ ভিতৰতে ইয়াৰ সহায়ত এখন প্ৰাককলন প্রস্তুত কৰিবলৈ সক্ষম হৈছিল। এইখন হাতপুথি প্রথম প্রকাশ হয় ১৯৪২ চনত আৰু তাৰ পছিত ক্ৰমে ইয়াৰ কেইবাটাও সংস্কৰণ কৰাৰ পিছত শেষত চতুৰ্থ সংস্কৰণটো ১৯৬৩ চনত হয়।
ছাত্ৰ হিচাপে ৰাজমোহন নাথ ডাঙৰীয়া অতিকে মেধা সম্পন্ন আছিল আৰু সেয়েহে অতি সৰু কালতে তেওঁৰ বিচক্ষনতা এজন স্কুলৰ পৰিদর্শক চকুত ধৰা দিছিল আৰু সেইজন ব্যক্তিয়ে তেওঁক শৈক্ষিক দিশত উর্ধ্বগামী হোৱাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছিলে। হাইলাকান্দি মহকুমাৰ অন্তৰ্গত পিছপৰা ৰংগৌটি নামৰ গাঁৱৰ সেই চোকা বুদ্ধিৰ ল'ৰাজনে হাইলাকান্দি স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্রীহট্ট জিলাৰ মুৰাৰী চান্দ কলেজৰ পৰা আই এচ চি পাচ কৰে আৰু শিবপুৰ ইঞ্জিনিয়াৰিং কলেজত যোগদান কৰে আৰু তাৰ পৰা সন্মানসহ বি ই পাচ কৰে।
 
অসম অভিযান্ত্রিক মহাবিদ্যালয়
 
ইয়াৰ পিছত তেওঁ ১৯২৭ চনত অসমৰ চৰকাৰৰ গড়কাপ্তানী বিভাগত সহকাৰী অভিযন্তা হিচাপে কার্যভাৰ গ্ৰহণ কৰে। তেওঁ অসমৰ বিভিন্ন ঠাইত বিভিন্ন পদবীত  কাৰ্যনিৰ্বাহ কৰে আৰু সকলো ঠাইতে তেওঁ দক্ষতাৰ পৰিচয় সাব্যস্ত কৰে। প্রকৃত যোগ্যতা থকা সত্বেও মুখ্য অভিযন্তাৰ পদটোলৈ উন্নীত নোহোৱাত তেখেত কিছু পৰিমাণে হ'লেও হতাশাত ভুগি পৰিছিল আৰু অধীক্ষক অভিযন্তা হিচাপে থমকি ৰ'বলগীয়া হ'ল। ৰাজমোহন নাথ ডাঙৰীয়া গুৱাহাটীৰ চানমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰূপেও কিছুকাল কার্যনির্বাহ কৰে।
সেই সময়ত অসমত এখনো অভিযান্ত্রিক মহাবিদ্যালয় নাছিল। গুৱাহাটীত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত ৰাজমোহন নাথ তৎপৰ হৈ পৰিছিল আৰু সেই সময়ৰ প্ৰসিদ্ধ মুখ্য অভিযন্তা হৰি প্ৰসাদ বৰুৱাকে আদি কৰি কেবাজনো ব্যক্তিৰ সহযোগত এটা জনমত গঠন কৰি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু ফলস্বৰূপে ১৯৫৫ চনত অসম তথা উত্তৰ-পূৱৰ প্রথমখন অভিযান্ত্রিক মহাবিদ্যালয় গুৱাহাটীত প্রতিষ্ঠিত হয়। ইয়াৰ প্রাস্তণিক কাম-কাজ গুৱাহাটীৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান প্রাংগনতে আৰম্ভ হয় মাত্র ৭২ জন ছাত্ৰৰে। কলেজৰ অধ্যক্ষৰূপে হৰিপ্ৰসাদ বৰুৱা নির্বাচিত হ'লেও ইয়াৰ সংশ্লিষ্ট গুৰুত্বপূর্ণ কামবোৰত সক্রিয় সহযোগ আগবঢ়ায় ৰাজমোহন নাথ ডাঙৰীয়াই। মুখ্য অভিযন্তা পদৰ পৰা বঞ্চিত হৈ ক্ষুণ্ণ হোৱা ৰাজমোহন নাথে ১৯৫৭ চনত চৰকাৰী চাকৰীৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।  
অভিযান্ত্রিক বিষয়ত অধ্যয়ন কৰি জীৱিকাৰ পথ বাচি ল'লেও নাথ ডাঙৰীয়াৰ মনটো সাহিত্যিক চিন্তা, ভাৱনা, অনুভৱৰে ভৰপূৰ আছিল। তেওঁৰ হৃদয়ত মানৱতাৰ প্ৰভাৱ বিৰাজ কৰিছিল, তৃণমূলৰ পৰা উঠি অহা বাবে মানুহৰ দুখ বেদনা তেওঁ হৃদয়েৰে অনুভৱ কৰিছিল। আৰু তেওঁলোকৰ জীৱনক লৈ বহুতো গল্প, নিবন্ধ ৰচনা কৰিছিল। অসমীয়া ভাষাত লিখা পকামিঠৈ, গোটকড়াই, কাহুদী, খৰালী, টেঙাদৈ, তপত গাখীৰ, চেঁচা পানী, পীতাম্বৰ বৰমেধিৰ চিঠি আদি ব্যংগ ৰচনাৱলী অতিকৈ আপুৰুগীয়া, হয়তো বহুতে এইবোৰৰ কথা এতিয়া পাহৰি গ'ল। এইবোৰৰ সংকলন এটা কৰিলে উঠি অহা ল'ৰা-ছোৱালীয়ে ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আমি ধাৰণা কৰোঁ।  
 
অসম ৰাজ্যিক সংগ্ৰহালয়
 
ইয়াৰ উপৰিও তেওঁ কেবাখনো ভক্তিমূলক গ্রন্থ সম্পাদনা কৰে। এইবোৰৰ ভিতৰত (১) শ্ৰীশ্ৰী শংকৰদেৱৰ বৰগীত (২) শ্ৰীশ্ৰী মাধৱদেৱৰ বৰগীত (৩) শ্ৰীশ্ৰী শংকৰদেৱৰ কালিয় দমন নাট (৪) মহাপুৰুষ শ্রীশ্রী শংকৰদেৱ-মাধবদেৱ চৰিত (৫) গুৰু চৰিত (৬) শ্রীশ্রী বংশী গোপাল চৰিত্ৰ (৭) ভক্তি ৰত্নাকৰ (৮) শান্তিশতত (১) ভক্তি সূত্র (১০) পাণ্ডব গীতা। নাথ আৰু যোগীসকলৰ ওপৰত লিখা নাথযোগী তত্ত্ব তেওঁৰ আন এখন অপূর্ব গ্রন্থ। অসমীয়া ভাষাত তেখেতে মুঠ ২১ খন কিতাপ ৰচনা কৰে।
অসমীয়া সাহিত্যত অনুদান আগবঢ়োৱাৰ উপৰিও ১৩খন গ্রন্থ প্রণয়নেৰে বাংলা সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ অৰিহণা উল্লেখনীয়। ইংৰাজী ভাষাত Hand Book for Assam Engineersৰ বাহিৰেও তেওঁ আন চাৰিখন অমূল্য গ্রন্থ প্রণয়ন কৰে। ইয়াৰ ভিতৰত ( 1 ) The background of Assamese Culture (1948) (2) Rig Veda Summary (1965), (3) Antiquities of Kachar (1942), (4) Glorious Assam (1948) উল্লেখযোগ্য গ্রন্থ। 
অসমৰ বিভিন্ন ঠাইত চাকৰি কৰি ঘূৰি ফুৰোতে নাথ ডাঙৰীয়াই চাকৰি জীৱনৰ কৰ্ত্তব্য পালনৰ মাজেৰে অসমৰ গাঁৱলীয়া অঞ্চলবোৰত পৰিভ্ৰমণ কৰি তেওঁলোকৰ সমাজ আৰু সংস্কৃতিৰ ভিতৰলৈ সোমাই পৰিছিল আৰু অধ্যয়নেৰ মাজেৰে বিচাৰি পাইছিল সাংস্কৃতিক বিভিন্নতা। অসমীয়া জাতীয় জীৱনৰ চেতনা আৰু লিখনিৰ মাজেৰে সেইবোৰ প্ৰকাশৰ প্ৰয়াস কৰি গ্রন্থ ৰচনা কৰিছিল। বিশেষকৈ তেওঁ দার্শনিক দৃষ্টিৰে শংকৰ-মাধৱৰ ভক্তিৰস,  তেওঁলোকৰ বৰগীত, নাম, ভটিমাৰ প্রতি দৃষ্টি নিক্ষেপ কৰে আৰু সেইবোৰ গৱেষণা কৰি নিজৰ মাৰ্গ দৰ্শন অনুভূতিৰে কিতাপ সংকলন কৰে। 
সাহিত্যিক হিচাপে স্বীকৃতিপ্রাপ্ত এইজন পণ্ডিতক ১৯৫৮ চনত তিনিচুকীয়াত অসম সাহিত্য সভাৰ বুৰঞ্জী অধিৱেশনত সভাপতিৰ আসনেৰে সন্মানিত কৰা হয়। সেই অধিৱেশনতে তেওঁ দাঙি ধৰে অসমৰ ইতিহাসৰ অপ্ৰকাশিত বহুতো পৌৰাণিক তত্ত্ব আৰু কাহিনী। তেতিয়া তেওঁক এজন অভিযন্তা নহয়, এজন বিদগ্ধ বুৰঞ্জীবিদ যেন অনুভৱ হৈছিল। 
ৰাজমোহন নাথৰ প্রনীত কিতাপবোৰ অসমীয়া ভাষা সাহিত্যত এক বিৰল সম্পদ। তেওঁ দার্শনিক আৰু অনুসন্ধানী চেতনাৰে ৰচনা কৰা কিতাপবোৰ অমসীয়া জনসমাজ আৰু সংস্কৃতিৰ একোখন দাপোন স্বৰূপ। তেওঁৰ সম্পাদিত 'ভক্তি ৰত্নাকৰ' গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰৰ আৰু ইংৰাজী কিতাপ 'গ্লোৰিয়াচ অসম' এম এ শ্ৰেণীৰ অন্তৰ্ভুক্তি হৈছে। শিলচৰ আসাম বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত তেওঁৰ 'The background of Assamese Culture' কিতাপখন অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি 'Assam Research Socity's Journal'ত প্ৰকাশ পোৱা তেখেতৰ প্ৰবন্ধসমূহ অসম বা ভাৰততে নহয় সুদূৰ বৃটেইন, ৰাছিয়া, ফ্রান্স, আমেৰিকা আদি বহু দেশত সমাদৃত হৈছে আৰু এনেকৈ তেওঁৰ লিখনি, দর্শন সীমাৰ পৰিধি ভাঙি দূৰ দেশলৈ প্ৰবাহিত হৈছে। 
ইমান সময় তেওঁৰ অভিযান্ত্রিক আৰু সাহিত্যৰ কথা সমালোচনা কৰিছো যদিও তেওঁৰ পাণ্ডিত্যৰ আনকেইটা দিশৰ কথা এতিয়ালৈকে উত্থাপন কৰা হোৱা নাই। এজন সুদক্ষ অভিযন্তা আৰু দার্শনিক ভিত্তৰ সুলেখক হোৱাৰ উপৰিও ৰাজমোহন নাথ আছিল এজন প্রত্নতত্ত্ব, বুৰঞ্জী পুৰাতত্ত্ব, নৃতত্ত্বৰ ওপৰত সমানে দক্ষতা থকা এজন পণ্ডিত। চাকৰি জীৱনত তেওঁ অসমৰ হাবিয়ে বননীয়ে ঘুৰি ফুৰিছিল আৰু পুৰণি পৰিত্যক্ত শিলালিপি, প্ৰস্তৰমূর্তি আদি পৌৰাণিক সমল বিচাৰি ফুৰিছিল।
নগাঁও জিলাৰ কপিলী যমুনা উপত্যকাৰ বিভিন্ন গভীৰ বননীৰ পৰা প্রাচীন কৃষ্টি-সভ্যতাৰ প্রস্তৰ ফলক তেওঁ আৱিষ্কাৰ কৰিছিল। সেই অঞ্চলৰ সীতাজখলা মহাদেউশাল, বসুধাৰী, মাটৰবৰী, চাংচকী, কাৰেংমাৰী, যোগীজান, আমটোলা, ডবকা, মিকিৰআটি, আকাশী গংগা, মহামায়া থান, বুঢ়াগোঁসাই থান, হোজাই, দীঘলপানি ইত্যাদি গভীৰ বননীৰ প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিষয়ে কামৰূপ অনুসন্ধান সমিতিৰ জাৰ্ণেলত বিস্তৰভাৱে আলোচনা কৰে। সেই সময়ত তেওঁ 'জয়ন্তী' আলোচনীত নুমলীগড় কাহিনী নামৰ প্ৰবন্ধত সেই অঞ্চলৰ ঐতিহাসিক গুৰুত্বৰ কথা ডাঙি ধৰে। অসমৰ সাংস্কৃতিক তথ্য সমৃদ্ধ 'গৌৰৱময় অসম' নামৰ কিতাপখনত অসমৰ মুঠ ১৩৪টা প্রাচীন মূর্তিৰ আলোকচিত্ৰ প্ৰকাশ কৰে। তেওঁ বিভিন্ন হাবি বননীৰ মাজত পৰিত্যক্ত শিলৰ মূৰ্তি উদ্ধাৰ কৰি সময়ে সময়ে গুৱাহাটীত থকা অসম সংগ্ৰহালয়লৈ দান কৰে। 
অসমৰ বিভিন্ন ঠাইত সিঁচৰিত পৌৰাণিক মূৰ্ত্তি শিলালিপি, আহিলা আদিৰ উদ্ধাৰ আৰু সংৰক্ষণৰ মহা উদ্দেশ্যে আগত ৰাখি 'কামৰূপ অনুসন্ধান সমিতি' নামেৰে প্রতিষ্ঠিত হোৱা সমিতিখনৰ এজন সক্ৰিয়  সদস্য আছিল ৰাজমোহন নাথ। তেওঁ ৰায়বাহাদুৰ কনকলাল বৰুৱাৰ  লগলাগি অসমত এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা হাতত লয়। দুয়োজন পুৰোধা সক্ৰিয় ব্যক্তিৰ পৰিশ্ৰমৰ ফলস্বৰূপে গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত অসম সংগ্ৰহালয়  ১৯৪০ চনত প্রতিষ্ঠিত হয় আৰু এটি ন্যাসৰ অধীনত ই পৰিচালিত হয়, অৱশ্যে ১৯৫৫ চনতহে এই সংগ্ৰহালয়টো চৰকাৰীকৰণ হয়।
গতিকে ১৯৪০ চনৰ পৰা ১৯৫৫ চনলৈ সুদীর্ঘ পোন্ধৰ বছৰ কাল, অসমৰ চুকে কোনে অনাদৃত অৱস্থাত পৰি থকা পৌৰাণিক সমলবোৰ উদ্ধাৰ কৰিব সংগ্রহালয়ত স্থান দিয়াৰ ক্ষেত্ৰত প্রত্নতাত্ত্বিক ৰাজমোহন নাথৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। চৰকাৰীকৰণ হোৱাৰ পিছত আটকধুনীয়া আধুনিক পদ্ধতিৰে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে ৰায়বাহাদুৰ কনকলাল বৰুৱাৰ নামেৰে এটা সভাগৃহ নির্মাণ কৰা হৈছে আৰু সেইজন মহান ব্যক্তিক সমাদৰ জনোৱা হৈছে। কিন্তু সমান্তৰালভাৱে ৰাজমোহন নাথৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অন্তত সংগ্রহালয়ৰ চৌহদত তেওঁৰ এটি আৱক্ষ মূর্তি স্থাপন কৰিলে অসমৰ ৰাইজ আনন্দিত হ'লহেঁতেন। আশা কৰো অসম চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি সঠিক সিদ্ধান্ত গ্রহণ কৰিব। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
নৃতত্ত্ব বিষয়তো ৰাজমোহন নাথৰ অভূতপূর্ব দখল আছিল। তেওঁ মানৱ বিজ্ঞান অধ্যয়নৰ মাজেৰে মানৱ জাতিৰ উত্থান, ক্রমবিকাশ আৰু মানৱ সভ্যতাৰ উত্তৰণৰ ওপৰত দার্শনিক অভিমত আগবঢ়াইছিল। তেওঁৰ ৰচিত বিভিন্ন প্রবন্ধত সেই বিষয়ে নৃতত্ববিদসকলক অবগত কৰিছে। ১৯৬৫ চনত প্রকাশিত 'A clue to the Indus valley script and civilization প্রবন্ধত তেওঁৰ দার্শনিক ভিত্তিৰ মন্তব্য  ৰাচিয়ান পণ্ডিত সকলেও সাদৰে গ্ৰহণ কৰিছে। নাথ ডাঙৰীয়াৰ মতে, আমাৰ চাৰিওফালে থকা প্ৰতিটো বস্তুৰ মাজতে একোখন জীয়া ইতিহাস লুকাই আছে তাৰ মাজৰ পৰা গৱেষণাৰ মাধ্যমেৰে সেইবোৰৰ ইতিবৃত্তি মাথো উদ্‌ঘাটন কৰাৰ প্ৰচেষ্টা কৰিব লাগে।
এই প্রসংগত শিশু ভূপেন হাজৰিকাক ৰাজমোহন নাথ ডাঙৰীয়াই তেজপুৰত লগ পাই কোৱা এটা কথা ইয়াত উল্লেখ কৰিব পাৰি। তেখেতে ভূপেন হাজৰিকাক কৈছিল— 'তুমি শিল এটা তুলি লোৱা আৰু প্রশ্ন কৰা, শিলটোৱে তেতিয়া হয়তো বহুত কথা ক'ব — মোৰ ওপৰেদি এসময়ত হিউৱেনচাং খোজ কাঢ়ি গৈছিল, মোৰ বুকুৰ ওপৰতে বহি এদিন উষাই স্নান কৰিছিল। 
গুৱাহাটী যাদুঘৰত ৰাজমোহন নাথে বিভিন্ন ঠাইত উদ্ধাৰ কৰা ঐতিহাসিক স্মৃতি বিজৰিত ভাস্কর্য দেখিবলৈ পোৱা যায়। সেইবোৰৰ লগত তেখেতৰ নামো উল্লেখ আছে। বহুতে ক'ব বিচাৰে তেওঁ উদ্ধাৰ কৰা কিছুমান ভাস্কর্যৰ লগত তেওঁৰ নাম এতিয়া দেখা নাযায়, এইয়া দুর্ভাগ্যৰ কথা। ৰাজমোহন নাথৰ আছিল সৰুৰে পৰা সাহিত্যৰ প্ৰতি দুর্বলতা, ঐতিহাসিক গৱেষণাৰ প্ৰতি আকৃষ্ট।
তেওঁ লিখিছিল গল্প, কবিতা, ব্যংগ কাহিনী, গৱেষণাৰ প্রবন্ধ, প্রত্নতাত্ত্বিক আৰু পুৰাতত্ত্ব বিষয়ত গভীৰ দার্শনিক নিবন্ধ। সেই সময়ৰ অসমৰ অসমীয়া আলোচনীবোৰত ৰাজমোহন নামৰ গভীৰ ভাবধাৰাৰ লিখনীবোৰ প্ৰকাশ পাইছিল। তেওঁৰ দিনত প্ৰচলিত উচ্চ মানদণ্ডৰ আলোচনী আৱাহন, জয়ন্তী, সুৰভি, পঞ্চতন্ত্র, আলোক  আদিত তেখেতৰ গাম্ভীর্যপূর্ণ লিখনীবোৰ পঢ়ি পঢ়ুৱৈ সমাজে আনন্দ লাভ কৰাৰ উপৰিও বহুতো নজনা জ্ঞান আহৰণ কৰিছিল।
জয়ন্তীতে তেওঁ ৩১টা প্রবন্ধ লিখিছিল। তেওঁৰ এই লিখনীবোৰ বিশেষকৈ বুৰঞ্জীকেন্দ্ৰীক আৰু প্রত্নতত্ত্ব ভিত্তিক আছিল। অসমীয়া আলোচনীত লিখা তেখেতৰ নিবন্ধৰ মুঠ সংখ্যা প্রায় ৭৭  টা। ঠিক তেনেকৈ বঙালী ভাষাতো তেখেতৰ ৪১টা নিবন্ধ বিভিন্ন পত্রিকাৰ বিশেষকৈ চিলেটন পণ্য প্রকাশিত আলোচনীত প্রকাশ পাইছিল। তেনেকৈ ইংৰাজীত প্রকাশিত তেওঁৰ  প্ৰবন্ধৰ সংখ্যা  ৫৮ টা। 
ভাবিলে আচৰিত লাগে কেনেকৈ একেজন মানুহৰ মাজত ইমানবোৰ প্ৰতিতা, দক্ষতা বিৰাজমান আছিল। তেওঁ যাতে হাত দিছিল, তাতে প্ৰকাশ পাইছিল তেখেতৰ দক্ষতা আৰু বিশাল প্রতিভা। এনেকুৱা অসাধাৰণ ব্যক্তিত্বৰ মানুহ এজন অসমত জন্মগ্রহণ কৰিছিল বাবে গোটেই অসমবাসী আজি গৌৰান্বিত হোৱা উচিত।
যদিও তেওঁৰ জন্ম হৈছিল এতিয়াৰ হাইলাকান্দি জিলাত, কর্মসূত্রে জীৱনৰ বেছিভাগ সময় উজনি-নামনি আৰু মধ্য অসমতে অতিবাহিত কৰিছিল আৰু গৱেষণা ইতিহাস আৰু ভাস্কর্যৰ সমলবোৰ এই অঞ্চলতে তেওঁ বেছি পৰিমাণে বিচাৰি পাইছিল। ১৯৬৫ চনৰ ৩ এপ্রিল তাৰিখে অৱশেষত এইজন বিদগ্ধ পণ্ডিত ৰাজমোহন নাথে শ্বিলংৰ নিজ বাসভৱনত মাত্র ৬৫ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে।   
 
আজি অভিযন্তা দিৱসৰ শুভ লগনত আমি আটায়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ৰাজমোহন নাথ অমৰ হওঁক, আমাৰ অনুপ্ৰেৰণাৰ প্রতীক হওঁক। তাকেই কামনা কৰিছোঁ।
 
(লেখক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্রাক্তন মুখ্য অভিযন্তা, সাহিত্যিক আৰু সমাজ কৰ্মী )