জম্মু-কাশ্মীৰক ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰৰ

Story by  atv | Posted by  [email protected] • 2 d ago
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰ
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰ
 
শ্ৰীনগৰ
 
জম্মু-কাশ্মীৰক ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ। ২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল আৰু ২০২৫ চনত পহলগামত পাকিস্তানী সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত উপস্থিত হৈ আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰে এই মন্তব্য কৰে। কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰথমটো ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰদূতগৰাকীয়ে শ্ৰীনগৰত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰে।
 
মুখ্যমন্ত্ৰীৰে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গ'ৰে জম্মু-কাশ্মীৰক অধিক সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় শাসিত প্ৰশাসন আৰু কেন্দ্ৰই কৰা নিৰাপত্তা প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু আমেৰিকাই জম্মু-কাশ্মীৰৰ বাবে শীৰ্ষ পৰ্যায়ৰ ভ্ৰমণ সতৰ্কবাণী পুনৰ মূল্যায়ন আৰু শিথিল কৰিব পাৰে বুলি ইংগিত দি ৱাশ্বিংটনৰ স্থিতিৰ সম্ভাৱ্য পৰিৱৰ্তনৰ সংকেত দিয়ে।
 
তেওঁ কয়, "এয়া ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু মই ইয়ালৈ প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছোঁ। ই এক অতি সুন্দৰ ঠাই আৰু সেয়েহে মই ইয়াত উপস্থিত হৈ আনন্দিত হৈছো। এই ঠাইখন দেখি আনন্দিত হৈছো। আমাৰ এখন অতি গুৰুত্ব বৈঠক হৈছিল আৰু আমাৰ কিছুমান আলোচনা হৈছে যিবোৰ আমি ৱাশ্বিংটনলৈ লৈ যাম। কিন্তু এটা অতি উষ্ণ, আন্তৰিক আৰু আমি এই সম্পৰ্কটো আগলৈ আগবঢ়াই লৈ যাবলৈ আগ্ৰহী।"
 
আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, "জম্মু-কাশ্মীৰক অধিক সুৰক্ষিত ৰখাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আমেৰিকাই ভ্ৰমণৰ পৰামৰ্শসমূহ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে, বৰ্তমান আমেৰিকাত ইয়াৰ নাগৰিকসকলৰ বাবে ভ্ৰমণ নকৰাৰ বাবে 'লেভেল ৪' পৰামৰ্শ আছে। আমেৰিকাই প্ৰতিবাৰেই এই ভ্ৰমণ পৰামৰ্শ জাৰি কৰে। ইয়াক শিথিল কৰিব পাৰি নেকি আমি চাম। এয়া এক ধুনীয়া ঠাই। মই ভাবো বহু আমেৰিকান ইয়ালৈ আহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰি ভাল পাব।"
 
এই বৈঠকৰ অন্তত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও সামাজিক মাধ্যমত বৈঠকৰ সফলতাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লিখিছে, "আজি শ্ৰীনগৰত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰক সাক্ষাৎ কৰি আনন্দিত হৈছো। জম্মু-কাশ্মীৰ আৰু আমেৰিকাৰ মাজত বিশেষকৈ পৰ্যটন, উদ্যান শস্য আৰু নতুন অৰ্থনীতিৰ দৰে ক্ষেত্ৰত সম্পৰ্ক বহল আৰু গভীৰ কৰাৰ বাবে বিদ্যমান সম্ভাৱনাসমূহৰ বিষয়ে আমি অতি কথা পাতিলোঁ। মই এই সম্পৰ্ক অব্যাহত ৰাখিবলৈ আৰু আমাৰ আলোচনা আগুৱাই নিবলৈ আগ্ৰহী।"