প্ৰথমবাৰৰ বাবে লালকিল্লাত পৰিবেশন কৰিব বন্দে মাতৰম

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
প্ৰতিবছৰৰ দৰে এইবছৰো স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ত্ৰিৰংগ উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিব৷ কিন্তু এইবাৰ কিছু ব্যতিক্ৰম হ'ব স্বাধীনতা দিৱসৰ অনুষ্ঠান৷ কাৰণ প্ৰধানমন্ত্ৰী ভাষণৰ পূৰ্বে এইবাৰ প্ৰথমবাৰৰ বাবে লালকিল্লাত বন্দে মাতৰম পৰিবেশন কৰা হ'ব৷
 
১৫ আগষ্টত দেশে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷ ইফালে 'বন্দে মাতৰম'ৰ ১৫০ বছৰ সম্পূৰ্ণ কৰিছে৷ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে এইবাৰ প্ৰথমবাৰৰ বাবে লালকিল্লাত 'বন্দে মাতৰম' পৰিবেশন কৰা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জানিবলৈ দিয়ে।
 
স্বাধীনতা সংগ্ৰামৰ সময়ত লাখ লাখ লোকক অনুপ্ৰাণিত কৰা ৰাষ্ট্ৰীয় গীতটো লালকিল্লাৰ পৰা পৰিবেশন কৰি দেশৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই সিদ্ধান্ত লৈছে৷ সোমবাৰে নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে এই কথা সদৰী কৰিছে৷ 
 
প্ৰতিৰক্ষা সচিবগৰাকীয়ে উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী লালকিল্লাত উপস্থিত হোৱাৰ লগে লগে 'বন্দে মাতৰম' পৰিবেশন কৰা হ'ব। ইয়াৰ পিছতে তেওঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক প্ৰথাগত ভাষণ প্ৰদান কৰিব। প্ৰতিৰক্ষা সচিবগৰাকীয়ে লগতে উল্লেখ কৰিছে যে, এইবাৰৰ এই অনুষ্ঠানত 'যুৱ শক্তি'কো সন্মান জনোৱা হ'ব আৰু ২০৪৭ চনৰ ভিতৰত 'উন্নত ভাৰত' গঢ়ি তোলাত যুৱ ভাৰতৰ অৱদানক স্বীকৃতি দিয়া হ'ব।
 
তেওঁ লগতে কয় যে, এন চি চিৰ ২৫০০ ল'ৰা-ছোৱালী কেডেট আৰু মাই ভাৰতৰ স্বেচ্ছাসেৱকে জ্ঞানপথৰ সন্মুখত ফুলৰ সজ্জাৰে 'বন্দে মাতৰম' পৰিবেশন কৰিব। ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰ এখনে ৰাষ্ট্ৰীয় গীতৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বেনাৰ লৈ লালকিল্লাৰ ওপৰেৰে উৰি যাব আৰু সমবেত লোকৰ ওপৰত ফুলৰ ছটিয়াব৷