কাৰ গাফিলতিৰ বাবে ৰথ যাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু? তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মাণিক চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
ত্ৰিপুৰাত ৰথ যাত্ৰাৰ এক মুহূৰ্ত
ত্ৰিপুৰাত ৰথ যাত্ৰাৰ এক মুহূৰ্ত
 
আগৰতলা

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই বুধবাৰে ৰাজ্যখনত সংঘটিত ভয়াবহ ৰথ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। বুধবাৰে নিশা তেওঁ সেই স্থানলৈ গৈ ঘটনাৰ বুজ লয় আৰু চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰে।
 
ইয়াৰ পিছত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয় যে তেওঁ এই ঘটনাৰ জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যৰ বিদ্যুৎ বিভাগেও এই ঘটনাটো পৃথকে পৃথকে তদন্ত কৰি আছে। ৰাজ্যৰ শক্তি মন্ত্ৰী ৰতনলাল নাথে ছ’চিয়েল মিডিয়াত কয় যে তেওঁ ত্ৰিপুৰা শক্তি বিতৰণ কোম্পানীৰ ভাৰপ্ৰাপ্ত বিষয়াক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
 
উল্লেখ্য যে, বুধবাৰে বিয়লি প্ৰায় ৪ বজাত ত্ৰিপুৰাৰ উনকোটি জিলাৰ কুমাৰঘাটত ৰথ যাত্ৰাৰ সময়ত ৰথখন ওখ বিদ্যুতৰ তাঁৰত লগাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।  ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি সেই ঘটনাত ৩টা শিশু আৰু তিনিগৰাকী মহিলাসহ মুঠ ৭জন লোক জ্বলি ছাই হৈ যায়। ঘটনাত গুৰুতৰভাৱে আহত হৈছে ১৬ জন লোক। 
 
চিকিৎসালয়ত আহতসকলৰ অৱস্থাৰ বুজ লৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে নিহতসকলৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতিপূৰণ দিয়া হ’ব৷ এই অগ্নিকাণ্ডত ৬০ শতাংশ মৃতদেহ জ্বলি যোৱা আহত লোকসকলক ২.৫ লাখ টকা দিয়া হ’ব। সামান্য আঘাতপ্ৰাপ্তসকলক দিয়া হ’ব ৭৫ হাজাৰ টকা। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ২ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
 
মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ঘটনাক ‘দুখজনক’ আখ্যা দিয়ে। ত্ৰিপুৰাৰ বিৰোধী দল টিপ্ৰা মাথাৰ মুৰব্বী প্ৰদ্যোৎ কিশোৰ মাণিক্য দেৱবৰ্মা আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি আশীষ্কুমাৰ সাহাই শোক প্ৰকাশ কৰে। ৰাজ্যৰ উনকোটি জিলাৰ জিলা উপায়ুক্তই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি মুখ্যমন্ত্রী মাণিক সাহাই কয়৷ সমগ্ৰ ঘটনাটোত কোনো ধৰণৰ গাফিলতি বা ভুল হ’লে অভিযুক্তৰ বিৰুদ্ধে ‘উচিত ব্যৱস্থা’ গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।