নতুন দিল্লী
ভাৰতৰ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰ' (এএআইবি) য়ে ১২ জুনত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াৰ ব'য়িং ৭৮৭-৮ ড্ৰীমলাইনাৰ বিমানখনে আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ কেইছেকেণ্ডমানৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দূৰ্ঘটনাত ২৬০ জন লোকৰ মৃত্যু হৈছিল।
এএআইবিৰ ১৫ পৃষ্ঠাৰ প্ৰতিবেদনত মূল কাৰিকৰী ঘটনাসমূহ আৰু ককপিটত হোৱা কথোপকথনসমূহ উল্লেখ কৰা হৈছে। ককপিটৰ ভইচ ৰেকৰ্ডাৰত বন্দী হোৱা এক ভয়ংকৰ মুহূৰ্তত এয়াৰ ইণ্ডিয়াৰ ব'য়িং ৭৮৭ বিমানখনৰ এজন পাইলটে সুধিছে, "আপুনি ইন্ধন কিয় বন্ধ কৰিলে?" এএআইবিৰ দ্বাৰা প্ৰকাশিত প্ৰাথমিক প্ৰতিবেদনৰ মতে, আনজন পাইলটে উত্তৰ দিছিল, "মই বন্ধ কৰা নাই"।
এই সংক্ষিপ্ত কিন্তু গুৰুত্বপূৰ্ণ আদান-প্ৰদান উৰাজাহাজখনৰ দুয়োটা ইঞ্জিন বন্ধ হোৱাৰ ঠিক পিছতে অৰ্থাত উৰাৰ কেইছেকেণ্ড পিছতে হৈছিল। প্ৰতিবেদনত প্ৰকাশ পাইছে যে ইঞ্জিন-১ আৰু ইঞ্জিন-২ৰ ইন্ধন বন্ধ কৰাৰ চুইচ দুটা একেটা ছেকেণ্ডৰ ভিতৰতে RUN-ৰ পৰা CUTOFF-লৈ সলনি হৈছিল। ইয়াৰ ফলত ইন্ধন যোগান বন্ধ হয় আৰু এক ভয়ানক ঘটনা সংঘটিত হয়।
পাইলটৰ এই চমু কথোপকথোনে ককপিটত ভয়ংকৰ কাৰিকৰী বিজুতি অথবা তেওঁলোকৰ মাজত ভুল বুজাবুজি হৈছিল বুলি প্ৰমাণিত কৰিছে।