কামপুৰত ৰে’লৰ খুন্দাত বন্য হস্তীৰ মৃত্যু, উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

Story by  atv | Posted by  [email protected] • 1 Months ago
কামপুৰত ৰে’লৰ খুন্দাত বন্য হস্তীৰ মৃত্যু, উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে
কামপুৰত ৰে’লৰ খুন্দাত বন্য হস্তীৰ মৃত্যু, উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে
 
গুৱাহাটী
 
যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত গুৱাহাটীৰ সমীপত ৭টা বন্যহস্তীৰ মৃত্যুক লৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCB) আৰু অন্যান্য কৰ্তৃপক্ষৰ পৰা সঁহাৰি বিচাৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)-এ। ২০২৫ চনৰ ২০ ডিচেম্বৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লুমডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ–কামপুৰ অংশত ছাইৰাং–নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত মাজনিশা দ্ৰুতবেগী ৰে’লৰ খুন্দাত কৰুণ মৃত্যু হয় ৭টাকৈ বন্য হস্তীৰ।
 
ৰে’ল লাইন পাৰ হোৱাৰ সময়তে ৰাজধানী এক্সপ্ৰেছে মহতীয়াই নিয়াৰ ফলত হাতীকেইটাই প্ৰাণ হেৰুৱায়। এই শোকাৱহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰৰ চাংজুৰাইত। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এটা হাতী পোৱালিৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।  এই দুৰ্ঘটনাত ৰে’লখনৰ ইঞ্জিন আৰু ৫টা ডবা ৰে’লপথৰ পৰা আঁতৰি যায় বুলি এক বিবৃতি যোগে প্ৰকাশ কৰিছিল এন এফ ৰে’লৱেই।
 
৫ জানুৱাৰীৰ আদেশত ন্যায়াধিকৰণে লক্ষ্য কৰিছিল যে “ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অহা তথ্য আৰু পৰিস্থিতিয়ে পৰিৱেশৰ সৈতে জড়িত যথেষ্ট প্ৰশ্ন উত্থাপন কৰে,” যাৰ বাবে অধিক পৰীক্ষাৰ প্ৰয়োজন। NGT-এ এই সন্দৰ্ভত CPCBৰ লগতে অসম চৰকাৰক  বিশেষ মুখ্য সচিব (পৰিৱেশ), ৰাজ্যখনৰ প্ৰধান মুখ্য বনাঞ্চল সংৰক্ষক, আৰু অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক এই গোচৰৰ উত্তৰদাতা হিচাপে অভিহিত কৰিছে। সকলো পক্ষলৈ ইয়াৰ উত্তৰ বিচাৰি জাননী জাৰি কৰা হৈছে।
 
উল্লেখযোগ্য যে, ন্যায়াধিকৰণে আৰু নিৰ্দেশ দিয়ে যে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ২৮ জানুৱাৰীত কলকাতাত থকা ইয়াৰ পূব মণ্ডল বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰা হওক।